অসম কন্যা হিমা দাসে জুনিয়ৰ বিশ্ব এথলেটিকছত স্বৰ্ণ জয় কৰি নতুন ইতিহাস ৰচনা কৰিলে। যিটো ইতিহাস হিমাৰ পূৰ্বে কোনেও গঢ়া নাছিল। মধ্য অসমৰ নগাঁৱৰ ধিঙৰ কন্যা হিমাৰ পূৰ্বে দেশৰ কোনে এথলিট তথা কোনো ভাৰতীয় খেলুৱৈ ট্ৰেক অন ফিল্ডত সোণৰ পদক আহৰণ কৰিবলৈ সক্ষম হোৱা নাছিল।
বৃহস্পতিবাৰে ফিনলেণ্ডৰ টেমপাৰেত অনুষ্ঠিত অনূৰ্ধ্ব-২০ আই এ এ এফ ছেম্পিয়নশ্বিপৰ ৪০০ মিটাৰত ৫১.৪৬ ছেকেণ্ডত সমাপ্ত কৰি এই ৰেকৰ্ড গঢ়িবলৈ সক্ষম হয় অসমৰ দৌৰৰ ৰাণী হিমা দাসে। ইয়াৰ পূৰ্বে জুনিয়ৰ বিশ্বকাপত সোণৰ পদক লাভ কৰিছিল নীৰাজ চোপ্ৰাই। অৱশ্যে সেয়া সফলতা আহিছিল জেভলিন থ্ৰ’ত৷ ইয়াৰ বিপৰীতে ব্ৰঞ্জ জয় কৰিছিল সীমা পুনিয়া আৰু নৱজ্যোৎ সিঙে৷
আনহাতে, ট্ৰেক ইভেণ্টত ভাৰতৰ কোনো এগৰাকী খেলুৱৈয়ে সুদীৰ্ঘ কাল ধৰি হিমাৰ দৰে সফলতা কঢ়িয়াবলৈ সক্ষম হোৱা নাছিল৷ এয়াই প্ৰথম সোণৰ পদক আজুৰি আনিলে হিমাই আৰু ৰচনা কৰিলে এক ইতিহাস। যাৰ ফলশ্ৰুতিত দৌৰৰ ৪০০ মিটাৰত দেশৰ ১ নং খেলুৱৈ হৈ পৰিল হিমা।
১৮ বছৰীয়া অসম কন্যা হিমাই প্ৰশিক্ষক নিপন দাসৰ চেষ্টাত এই সফলতা লাভ কৰিবলৈ সক্ষম হয়। আনকি ভাৰতীয় এথলিটৰ নতুন তাৰকা হিমাই যে স্বৰ্ণ লাভ কৰিব সেই কথা কোনেও ভাবিব পৰা নাছিল। এতিয়া সেয়ে সকলোয়ে বাট চাই ৰৈছে এছিয়ান গেমছলৈ য’ত নেকি হিমাই দেখুৱাব নিজৰ যাদু।
আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অসমৰ গ্ৰাম্য এলেকাৰ এগৰাকী জীয়ৰীয়ে এটাৰ পিছত এটা সফলতা কঢ়িয়াই আনি সকলো সীমা ইতিমধ্যে অতিক্ৰম কৰিছে। আকাশ চুবৰ মন তথা হাবিয়াস বুকুত সাৱটি লৈ ফুৰা দৌৰৰ ৰাণী হিমাৰ হয়তো আকাশ চুবৰ বাবে বেছি দূৰ নাই।
উল্লেখ্য যে নগাঁও জিলাৰ অতি পিছ পৰা ধিঙৰ সমীপৰ কান্ধুলীমাৰী গাঁৱৰ ৰঞ্জিত দাস আৰু জোনালী দাসৰ কন্যা হিমা দাস। এটি দৰিদ্ৰ পৰিয়ালৰ সন্তান হিমা। সৰ্বদিশতে পিছপৰা কান্ধুলীমাৰী গাঁৱত খেলৰ পৰিৱেশ নাথাকিলেও হিমাই নিজৰ একাগ্ৰতা, কঠোৰ পৰিশ্ৰম আৰু তীব্ৰ সংগ্ৰামৰ জৰিয়তে উজলি উঠি দেশ আৰু অসমীয়া জাতিক গৌৰাৱান্বিত কৰিছে।
হিমাৰ পিতৃ ৰঞ্জিত দাসে নিজ কন্যাই দেশৰ বাবে সোণৰ পদক অনাৰ বাবে গৌৰৱ প্ৰকাশ কৰে। তাই নিজক প্ৰতিষ্ঠা কৰিবলৈ অধিক কষ্ট কৰিছে। তাই অসমৰ তৰুণ প্ৰজন্মৰ বাবে আদৰ্শ হৈ ৰ’ব বুলিও পিতৃ ৰঞ্জিত দাসে কয়।ইতিমধ্যে ধাৰাবাহিক দুৰ্দান্ত প্ৰদৰ্শনৰ সুবাদত এছিয়ান গেমছৰ বাবে যোগ্যতা অৰ্জন কৰিছে হিমাই। মাত্ৰ কিছুদিনৰ পিছতেই জাকাৰ্টাত অনুষ্ঠিত হ’বলগীয়া এছিয়ান গেমছত হিমাই বিশ্বৰ আন খেলুৱৈৰ লগত সমুখ সমৰত অৱতীৰ্ণ হ’ব ৷
ইয়াৰ পূৰ্বে হিমাই নিৰ্বাচিত হৈছিল কমনৱেলথ গেমচলৈ। ইতিমধ্যে অষ্ট্ৰেলিয়াত অনুষ্ঠিত হৈ যোৱা কমনৱেলথ গেমচত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল হিমাই। আন্তঃৰাষ্ট্ৰীয় দৌৰবিদ হিমাই ৪০০ মিটাৰ দৌৰ প্ৰতিযোগিতাৰ বাবে নিৰ্বাচিত হৈছিল আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত এথলেটিকছত অংশ লোৱাৰ সুযোগ লাভ কৰি স্প্ৰীণ্টাৰ হিমাই অষ্ট্ৰেলিয়াত অনুষ্ঠিত কমনৱেলথ গেমচত ৪০০ মিটাৰ দৌৰত ছেমি ফাইনেলত প্ৰৱেশ কৰিবলৈ সক্ষম হৈছিল। ইয়াকে লৈ অসমৰ সৰ্বত্ৰে আনন্দৰ ঢল বৈছিল৷ বিশেষকৈ নগাঁও জিলাৰ কান্ধুলীমাৰী গাঁৱৰ লোকসকল আনন্দত আত্মহাৰা হৈ পৰিছিল হিমাৰ এনে সফলতাত।
ইতিমধ্যে খেলুৱৈ হিমা দাসে নতুন ইতিহাস ৰচি বিশ্ব এথলেটিকছত স্বৰ্ণ জয় কৰাৰ বাতৰিয়ে সমগ্ৰ নগাঁও জিলাৰ লগতে জন্মভূমি কান্ধুলীমাৰীত আনন্দৰ ঢল বোৱাইছে। জন্মভূমিৰ বহু উৎসাহী লোকে নাচি-বাগি আনন্দত আত্মহাৰা হৈ পৰি এক উৎসৱমুখৰ পৰিবেশৰ সৃষ্টি কৰা দেখা যায়। হিমা দাসৰ এনে সফলতাই এতিয়া সকলোকে উৎফুল্লিত কৰি তুলিছে আৰু এচিয়ান গেমছত ঈৰ্ষণীয় সফলতা কঢ়িয়াই অনাটোকে সকলোৱে আশা কৰিছে।