• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, August 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ধুবুৰীত আটক ভুৱা পৰিচয়েৰে বিয়া পাতিবলৈ অহা বহিৰ্ৰাজ্যৰ দৰা

মুকেশ কুমাৰ সিং by মুকেশ কুমাৰ সিং
July 6, 2018 12:01 pm
Bride-and-groom-570x320

দৰা আৰু কইনা। ফটো : নৰ্থইষ্ট নাও

4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ফেচবুকৰ জৰিয়তে বহিঃৰাজ্যৰ এজন যুৱকেৰে চিনাকি হৈ  ধুবুৰীৰ এগৰাকী যুৱতীয়ে বিবাহপাশত আবদ্ধ হৈ সুখৰ সংসাৰ গঢ়াৰ সপোন ৰচিছিল। কিন্তু  বৃহস্পতিবাৰে বিয়াৰ দিনা বহিঃৰাজ্যৰ দৰাসহ তিনিজনকৈ যুৱকক ধুবুৰী আৰক্ষীয়ে আটক কৰাৰ পিছত বিবাহৰ সপোনৰ তাতেই সমাপ্তি ঘটিল।

ঘটনা অনুসৰি ধুবুৰী চহৰৰ যুৱতী তথা জিলা উপায়ুক্ত কাৰ্যালয়ৰ চতুৰ্থবৰ্গৰ কৰ্মচাৰী শোভা বাচফোৰৰ মধ্যপ্ৰদেশৰ ফোৰহানপুৰ জিলাৰ মহম্মদ পুৰাৰ গজেন্দ্ৰ মুৰুলীধৰণ (৩২) নামৰ যুৱকজনৰ সৈতে প্ৰায় দহ মাহমান পূৰ্বে ফেচবুকৰ জৰিয়তে চিনাকি হৈছিল। তাৰ পিছতে তেওঁলোকৰ মাজত প্ৰেমৰ সম্পৰ্কই গঢ় লৈ উঠে।

Apply Now

ইয়াৰ পিছতেই কিছুদিন পূৰ্বে যুৱতীগৰাকীৰ সৈতে যোগাযোগ কৰি বহিৰ্ৰাজ্যৰ যুৱকজন ধুবুৰীত উপস্থিত হৈ যুৱতীগৰাকীৰ পৰিয়ালৰ সৈতে মিলি থাকি ঘৰ-জোঁৱাই হৈ থাকিব বুলি প্ৰলোভন দেখুৱাই যুৱতীগৰাকীক বিয়াৰ প্ৰস্তাৱ দিয়ে। যুৱকজনৰ এই প্ৰস্তাৱত যুৱতীগৰাকীৰ লগতে পৰিয়ালৰ লোকে সন্মতি প্ৰকাশ কৰে।

সেই অনুসৰি বৃহস্পতিবাৰে বিয়াৰ দিন ঠিক কৰি গজেন্দ্ৰই ৰাজস্থানৰ অশোক কুমাৰ (৪০) আৰু মহাৰাষ্ট্ৰৰ অমিত আনন্দ (৩০) নামৰ দুই বন্ধুক লগত লৈ বিয়া কৰাবলৈ ধুবুৰীৰ যোগমায়া মন্দিৰৰ বিবাহ মণ্ডপত উপস্থিত হয়। একে সময়তে উপস্থিত হয় কইনা পক্ষৰ লোকো। কিন্তু তেনে সময়তে উপায়ুক্ত কাৰ্যালয়ত কৰ্মৰত একাংশ কৰ্মচাৰীৰ সন্দেহ ওপজাত বিয়াৰ কিছু মুহূৰ্তৰ পূৰ্বে যোগমায়া মন্দিৰত উপস্থিত হৈ দৰাৰ লগতে দুই বন্ধুৰ ভাৰতীয় নাগৰিকত্ব প্ৰমাণপত্ৰ বিচাৰে যদিও কোনোধৰণৰ প্ৰমাণপত্ৰ দেখুৱাবলৈ সক্ষম নহ’ল।

তেওঁলোকে দুই-এখন প্ৰমাণপত্ৰ দেখুৱায় যদিও সেয়া নকল হিচাপে বিবেচিত হয়। পিছত ঘটনা সন্দৰ্ভত ধুবুৰী আৰক্ষীক অৱগত কৰি দৰাসহ তিনি যুৱকক  আৰক্ষীক গতাই দিয়া হয়।

ইপিনে ঘটনা সন্দৰ্ভত কইনাৰ মাতৃয়ে যুৱক তিনিজনৰ বিৰুদ্ধে ধুবুৰী সদৰ থানাত দাখিল কৰা এখন এজাহাৰৰ ভিত্তিত ভাৰতীয় দণ্ডবিধিৰ ১২০ (বি)/৪১৭/ ৪১৯/৩৬৬/৩৭২/৫১১ ধাৰাৰ অধীনত ৯৪৫/১৮ নম্বৰত এক গোচৰ ৰুজু কৰে।

উল্লেখ্য যে বৃহস্পতিবাৰে বিয়া উপলক্ষে কইনাপক্ষই ধুবুৰী সাহিত্য সভা ভৱনত ভোজভাতৰ আয়োজন কৰিছিল যদিও সেয়া স্থগিত ৰাখিবলগীয়া হয়।

ইফালে আৰক্ষীয়ে সোধ-পোছৰ পাছত বিয়াৰ গইনা লৈ যুৱককেইজনে  যুৱতীগৰাকীক নাৰী সৰবৰাহকাৰীৰ হাতত গতাই দিয়াৰ ষড়যন্ত্ৰ ৰচাৰ সন্দেহ সম্পৰ্কত ধুবুৰী আৰক্ষীয়ে অনুসন্ধান চলাই আছে।

মুকেশ কুমাৰ সিং

মুকেশ কুমাৰ সিং

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কৰ্পৰেটৰ চাপতে চেনি-নিমখ-চৰ্বিযুক্ত খাদ্যত সতৰ্কতামূলক লেবেল নাই? কেন্দ্ৰক ধমক উচ্চতম ন্যায়ালয়ৰ

কৰ্পৰেটৰ চাপতে চেনি-নিমখ-চৰ্বিযুক্ত খাদ্যত সতৰ্কতামূলক লেবেল নাই? কেন্দ্ৰক ধমক উচ্চতম ন্যায়ালয়ৰ

August 13, 2026 8:39 pm
ভাড়া ১০, ২০, ৩০ টকা বঢ়াই ৰাইড বুকিং বন্ধ; অ’লা, উবেৰ, ৰেপিডোৰ দৰে কেব কোম্পানীক নিৰ্দেশ কেন্দ্ৰৰ

ভাড়া ১০, ২০, ৩০ টকা বঢ়াই ৰাইড বুকিং বন্ধ; অ’লা, উবেৰ, ৰেপিডোৰ দৰে কেব কোম্পানীক নিৰ্দেশ কেন্দ্ৰৰ

August 13, 2026 7:16 pm
যোৱা ১২ বছৰত ১০ লাখ কোটি টকাৰ বৃহৎ কৰ্পৰেট ঋণ বন্ধ কৰি দিছে মোডী চৰকাৰে

যোৱা ১২ বছৰত ১০ লাখ কোটি টকাৰ বৃহৎ কৰ্পৰেট ঋণ বন্ধ কৰি দিছে মোডী চৰকাৰে

August 13, 2026 6:23 pm
লিকাবালিৰ সমীপত অসম-অৰুণাচল সীমান্তত উত্তেজনা; শিলগুটি নিক্ষেপ, আৰক্ষীৰ গুলী

লিকাবালিৰ সমীপত অসম-অৰুণাচল সীমান্তত উত্তেজনা; শিলগুটি নিক্ষেপ, আৰক্ষীৰ গুলী

August 13, 2026 5:33 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কৰ্পৰেটৰ চাপতে চেনি-নিমখ-চৰ্বিযুক্ত খাদ্যত সতৰ্কতামূলক লেবেল নাই? কেন্দ্ৰক ধমক উচ্চতম ন্যায়ালয়ৰ

কৰ্পৰেটৰ চাপতে চেনি-নিমখ-চৰ্বিযুক্ত খাদ্যত সতৰ্কতামূলক লেবেল নাই? কেন্দ্ৰক ধমক উচ্চতম ন্যায়ালয়ৰ

August 13, 2026 8:39 pm
ভাড়া ১০, ২০, ৩০ টকা বঢ়াই ৰাইড বুকিং বন্ধ; অ’লা, উবেৰ, ৰেপিডোৰ দৰে কেব কোম্পানীক নিৰ্দেশ কেন্দ্ৰৰ

ভাড়া ১০, ২০, ৩০ টকা বঢ়াই ৰাইড বুকিং বন্ধ; অ’লা, উবেৰ, ৰেপিডোৰ দৰে কেব কোম্পানীক নিৰ্দেশ কেন্দ্ৰৰ

August 13, 2026 7:16 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd