প্ৰাগ নিউজৰ স্বত্বাধিকাৰী সঞ্জীৱ নাৰায়ণৰ এটা ভাইৰেল ফোনকল ৰেকৰ্ডিঙক লৈ অসমৰ সংবাদমহলত চৰ্চা অব্যাহত আছে। ফোনালাপটোত তেওঁ কাৰ সৈতে কথা পাতিছিল আৰু ধন আদায় নিদিলে সংবাদমাধ্যমত বাতৰি সম্প্ৰচাৰ কৰাৰ ভাবুকি দিছিল নেকি, সেই লৈ নতুনকৈ প্ৰশ্ন উত্থাপন কৰিছে জ্যেষ্ঠ সাংবাদিক সুশীল পাটোৱাৰীয়ে।
সামাজিক মাধ্যমত বিয়পি পৰা এটা টেলিফোনিক কথোপকথনক কেন্দ্ৰ কৰি সঞ্জীৱ নাৰায়ণৰ বিৰুদ্ধে বিভিন্ন অভিযোগ উত্থাপন হৈছে। কথোপকথনটোত তেওঁ এজন মাফিয়া বা অপৰাধ জগতৰ লোকৰ সৈতে কথা পাতিছিল বুলি সামাজিক মাধ্যমত বিভিন্ন জনে দাবী কৰিছে। লগতে ফোনকলটোত অবৈধ ধনৰ লেনদেন আৰু সন্দেহজনক ব্যৱসায়িক বুজাবুজিৰ বিষয়েও আলোচনা হোৱা বুলি চৰ্চা চলিছে। অৱশ্যে, ফোনালাপটোত সঞ্জীৱ নাৰায়ণে প্ৰকৃততে কাৰ সৈতে কথা পাতিছিল, সেয়া এতিয়ালৈকে নিশ্চিত হোৱা নাই।
এই বিষয়টোক লৈ ঈশান নিউজত জ্যেষ্ঠ সাংবাদিক সুশীল পাটোৱাৰীয়ে প্ৰস্তুত কৰা এক বাতৰিৰ পাছতে ঘটনাটোৱে নতুন মোৰ লৈছে। প্ৰথমে ভাইৰেল হোৱা কথোপকথনৰ আধাৰত ‘কোন মাফিয়াক ধন বিচাৰিলে চিকুৱে?’ শীৰ্ষক প্ৰশ্নৰে প্ৰতিবেদন প্ৰকাশ কৰিছিল ঈশান নিউজৰ সাংবাদিক সুশীল পাটোৱাৰীয়ে।
পৰৱৰ্তী সময়ত সঞ্জীৱ নাৰায়ণে ব্যক্তিগতভাৱে দিয়া স্পষ্টীকৰণক লৈ নিজৰ ‘অপ্ৰিয়’ অনুষ্ঠানত পুনৰ কেইবাটাও প্ৰশ্ন উত্থাপন কৰে সুশীল পাটোৱাৰীয়ে। সাংবাদিকগৰাকীৰ ভাষ্য অনুসৰি, প্ৰথম প্ৰতিবেদন প্ৰকাশ পোৱাৰ পাছত সঞ্জীৱ নাৰায়ণৰ অনুৰাগীসকলে বাতৰিটো আঁতৰাই দিবলৈ অনুৰোধ জনাইছিল। ইয়াৰ পাছতে সঞ্জীৱ নাৰায়ণে হোৱাটছএপৰ জৰিয়তে তেওঁক এটা স্পষ্টীকৰণ দিয়ে।
সেই স্পষ্টীকৰণত সঞ্জীৱ নাৰায়ণে কোনো মাফিয়াৰ সৈতে কথা পতা নাছিল বুলি দাবী কৰা বুলি সাংবাদিকগৰাকীয়ে সদৰী কৰে। তেওঁৰ মতে, ফোনালাপটো আছিল তেওঁৰ ব্যৱসায়িক প্ৰতিষ্ঠান ‘অসম মটৰ্ছ’ৰ শ্ব’ৰুমৰ পৰা এখন মাৰ্চিডিজ বাহনৰ বাবদ ১১ মাহ ধৰি আদায় নোপোৱা ধন বিচৰাক লৈহে।
কিন্তু এই ব্যাখ্যাক লৈ সন্তুষ্ট নহয় সুশীল পাটোৱাৰী। মাৰ্চিডিজৰ দৰে বিলাসী বাহন বাকীত বিক্ৰী কৰাৰ যুক্তি কিমান বিশ্বাসযোগ্য, সেই প্ৰশ্ন উত্থাপন কৰিছে তেওঁ। এনে বাহন বাকীত বিক্ৰী কৰা হয়নে, আৰু যদি হয়, তেন্তে ইয়াৰ চৰ্তসমূহ কি আছিল, সেই সন্দৰ্ভতো স্পষ্ট উত্তৰ বিচাৰিছে সাংবাদিকগৰাকীয়ে।
ইয়াৰ লগতে ভাইৰেল হোৱা অডিঅ’টোত ধন আদায় নিদিলে টেলিভিছন চেনেলত ‘প্ৰথম খণ্ড’ৰ পাছত ‘দ্বিতীয় খণ্ড’ৰ বাতৰি সম্প্ৰচাৰ কৰি ক্ষতিসাধন কৰাৰ ইংগিত থকা বুলি দাবী কৰিছে সুশীল পাটোৱাৰীয়ে। তেওঁৰ মতে, এই কথোপকথনৰ প্ৰকৃত অৰ্থ আৰু উদ্দেশ্য স্পষ্ট হোৱাটো জৰুৰী।
সঞ্জীৱ নাৰায়ণক ৰাজহুৱাভাৱে নিজৰ স্থিতি স্পষ্ট কৰিবলৈ আহ্বান জনাইছে সুশীল পাটোৱাৰীয়ে। তেওঁৰ মতে, ধন আদায়ৰ দৰে ব্যৱসায়িক বিষয়ত সংবাদমাধ্যমক হেঁচা প্ৰয়োগৰ আহিলা হিচাপে ব্যৱহাৰ কৰা উচিত নহয়।
ব্যক্তিগত ব্যৱসায়, ক্ষমতা আৰু সংবাদমাধ্যমৰ মালিকীস্বত্ব একেটা কেন্দ্ৰত থাকিলে সংবাদমাধ্যমৰ স্বাধীনতা আৰু দায়বদ্ধতাক লৈ কেনেধৰণৰ প্ৰশ্ন উঠিব পাৰে, সেই বিষয়টোও ‘অপ্ৰিয়’ অনুষ্ঠানত আলোচনা কৰিছে জ্যেষ্ঠ সাংবাদিকগৰাকীয়ে।
ইয়াৰ পিছতে, সোমবাৰে সংবাদমেল সম্বোধন কৰি সঞ্জীৱ নাৰায়ণে সংবাদ মাধ্যমসমূহে প্ৰচাৰ কৰা বাতৰি ভিত্তিহীন বুলি উল্লেখ কৰে। নাৰায়ণৰ মতে, নয়ন ঘোষ নামৰ এগৰাকী ব্যক্তিয়ে তেখেতৰ ‘অসম মটৰ্ছ’ৰ শ্ব’ৰুমৰ পৰা এখন মাৰ্চিডিজ বাহন ডাউন পেমেন্ট অবিহনে ক্ৰয় কৰে আৰু ডিলাৰক টকা আদায় নকৰাকৈ গাড়ীখন আনক বিক্ৰী কৰি দিয়ে। যাৰ বাবে তেওঁ বকেয়া ধন সম্পৰ্কেহে নয়ন ঘোষ নামৰ ব্যক্তিগৰাকীৰ লগত ফোনত কথা পাতিছিল।
সঞ্জীৱ নাৰায়ণৰ মতে, নয়ন ঘোষ এজন ড্ৰাগছ ব্যৱসায়ী আৰু সেই কথা পূৰ্বতে তেওঁ গম পোৱা নাছিল। ইয়াৰ উপৰি নয়ন ঘোষে সম্পূৰ্ণ ফোনালাপটোৰ সলনি কিছু অংশ সম্পাদনা কৰিহে সংবাদ মাধ্যমক যোগান ধৰিছিল বুলি তেওঁ সংবাদমেলত জানিবলৈ দিয়ে। সেইবাবে তেওঁ সেই ফোনালাপ প্ৰচাৰ কৰা সংবাদ মাধ্যম, সাংবাদিক সুশীল পাটোৱাৰী আৰু ড্ৰাগছ ব্যৱসায়ী নয়ন ঘোষৰ বিৰুদ্ধেও আইনী ব্যৱস্থা গ্ৰহণ কৰিব বুলি জানিবলৈ দিয়ে।
কিন্তু এতিয়াও ৰহস্যৰ আৱৰ্ততে আছে সঞ্জীৱ নাৰায়ণৰ ভাইৰেল ফোনালাপ। প্ৰকৃততে তেওঁ কাৰ সৈতে কি কথা পাতিছিল? মাৰ্চিডিজ বাহনৰ বাকী ধন আদায়ৰ বিষয়টো তেওঁৰ স্পষ্টীকৰণৰ সৈতে মিল খায়নে? এই প্ৰশ্নসমূহৰ উত্তৰ এতিয়াও স্পষ্ট নহয়।





