আমি গণতন্ত্ৰক সাধাৰণতে কিছুমান ছবিৰ জৰিয়তে বুজোঁ। নিৰ্বাচনৰ সময়ত দীঘলীয়া শাৰী পাতি ভোট দিবলৈ যোৱা মানুহ, ৰাজনৈতিক নেতাৰ সভা, দেৱালত আঁকি থোৱা নিৰ্বাচনী প্ৰতীক, ভোটদানৰ পিছত ফলাফল ঘোষণা—এইবোৰেই যেন গণতন্ত্ৰৰ আটাইতকৈ চিনাকি দৃশ্য। কিন্তু গণতন্ত্ৰৰ কিছুমান গুৰুত্বপূৰ্ণ ভিত্তি আমাৰ চকুৰ সন্মুখত নাথাকে। ভোটাৰ তালিকা প্ৰস্তুত কৰা, নাম অন্তৰ্ভুক্ত বা বাদ দিয়াৰ প্ৰক্ৰিয়া, নিৰ্বাচনী নিয়ম প্ৰয়োগ কৰা আৰু নিৰ্বাচন পৰিচালনা কৰা প্ৰতিষ্ঠানসমূহৰ কাম-কাজ—এইবোৰ তুলনামূলকভাৱে অদৃশ্য, কিন্তু সুস্থ গণতন্ত্ৰত এই বিষয়বোৰৰ গুৰুত্বও সমানে।
শেহতীয়াকৈ নিৰ্বাচন আয়োগক কেন্দ্ৰ কৰি সৃষ্টি হোৱা বিতৰ্কই এই অদৃশ্য জগতখনকে ৰাজহুৱা আলোচনাৰ মাজলৈ আনিছে। Indian Express-ৰ এক অনুসন্ধানমূলক প্ৰতিবেদনত প্ৰকাশ পাইছে যে নিৰ্বাচন আয়োগৰ দুজন সদস্যই বিগত দহ মাহত আয়োগৰ কিছুমান সিদ্ধান্ত আৰু প্ৰক্ৰিয়াক লৈ অন্ততঃ ১৪ বাৰ লিখিত আপত্তি প্ৰকাশ কৰিছিল। ইয়াৰ পিছত নিৰ্বাচন আয়োগে স্পষ্ট কৰি কয় যে ভিন্ন মতামত সিদ্ধান্ত গ্ৰহণ প্ৰক্ৰিয়াৰ স্বাভাৱিক অংশ আৰু আয়োগৰ সিদ্ধান্তসমূহ সৰ্বসন্মতিক্ৰমেই গ্ৰহণ কৰা হৈছে।
এই বিতৰ্কৰ কোনটো পক্ষ সঠিক, সেই সিদ্ধান্ত লোৱাটো এই লেখাৰ উদ্দেশ্য নহয়। কিন্তু সাম্প্রতিক ঘটনাবোৰৰ গভীৰলৈ গৈ যিটো মৌলিক প্ৰশ্ন কৰাৰ প্ৰয়োজন সেইটো হ’ল যে—সুস্থ, শক্তিশালী গণতন্ত্ৰৰ বাবে প্ৰতিষ্ঠানৰ ওপৰত নাগৰিকৰ আস্থা কিমান গুৰুত্বপূৰ্ণ?
আস্থাৰ অৰ্থ পিছে প্ৰশ্ন নকৰাকৈ বিশ্বাস কৰা নহয়। গণতন্ত্ৰত কোনো প্ৰতিষ্ঠানক বিশ্বাস কৰাৰ অৰ্থ এইটো নহয় যে সেই প্ৰতিষ্ঠানৰ প্ৰতিটো সিদ্ধান্তক নাগৰিকে সঠিক বুলি মানি ল’ব লাগিব। বৰং গণতান্ত্ৰিক আস্থাৰ অৰ্থ হ’ল—প্ৰতিষ্ঠানটোৰ সিদ্ধান্তৰ সৈতে মতভেদ থাকিলেও নাগৰিকে বিশ্বাস কৰিব পাৰে যে সিদ্ধান্তটো এটা নিৰ্বদিষ্ট নিয়ম আৰু প্ৰক্ৰিয়াৰ মাজেৰে লোৱা হৈছে, এক স্বচ্ছ বৈধ প্ৰক্ৰিয়াৰ জৰিয়তে সেই সিদ্ধান্তত উপনীত হৈছে। সঠিক আইনী পদ্ধতিৰ জৰিয়তে লোৱা সিদ্ধান্তবোৰৰ লগত আমি একমত নহ’লেও সেই সিদ্ধান্তৰ বৈধতাক সাধাৰণতে প্ৰশ্ন নকৰোঁ।
অৰ্থাৎ আস্থা আৰু প্ৰশ্ন কৰা—এই দুটা পৰস্পৰৰ বিপৰীত নহয়। বৰং সুস্থ গণতন্ত্ৰত এটা আনটোৰ পৰিপূৰক। নিৰ্বাচন আয়োগৰ ক্ষেত্ৰত এই কথাটো বিশেষভাৱে গুৰুত্বপূৰ্ণ। আয়োগৰ কাম কেৱল নিৰ্বাচনৰ দিনা ভোটদানৰ ব্যৱস্থা কৰাই নহয়। কোনে ভোট দিব পাৰিব, ভোটাৰ তালিকাত কাৰ নাম থাকিব, তালিকা কেনেকৈ সংশোধন হ’ব—এইবোৰো গণতান্ত্ৰিক অংশগ্ৰহণৰ মৌলিক প্ৰশ্ন। সেয়েহে ভোটাৰ তালিকা এখনক কেৱল চৰকাৰী তথ্যৰ তালিকা হিচাপে চাব নোৱাৰি। প্ৰতিটো নামৰ পিছফালে এজন মানুহ আছে, যিজনে ৰাষ্ট্ৰৰ ৰাজনৈতিক প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰাৰ অধিকাৰ দাবী কৰে। আৰু এই অধিকাৰৰ পৰা বঞ্চিত কৰাৰ অৰ্থ হ’ল এজন নাগৰিকক তেওঁৰ মৌলিক অধিকাৰৰ পৰাও বঞ্চিত কৰা, তেওঁলোকৰ নাগৰিকত্বক লৈ প্ৰশ্ন উত্থাপন কৰা।
এই কাৰণেই নিৰ্বাচনী প্ৰক্ৰিয়াৰ ক্ষেত্ৰত স্বচ্ছতা কিমান গুৰুত্বপূৰ্ণ। কোনো সিদ্ধান্ত আইনসন্মত হ’লেও সকলো প্ৰশ্নৰ অন্ত নপৰে। নাগৰিকে জানিব বিচাৰিব পাৰে—সিদ্ধান্তটো কেনেকৈ লোৱা হ’ল? কোনটো নিয়ম প্ৰয়োগ কৰা হ’ল? আপত্তিৰ সুযোগ আছিলনে? কোনো ভুল হ’লে তাৰ সংশোধনৰ ব্যৱস্থা কি? এই প্ৰশ্নবোৰ কৰা মানে নিৰ্বাচনী প্ৰতিষ্ঠানটোক দুৰ্বল কৰা নহয়। বৰং এই প্ৰশ্নবোৰৰ উত্তৰ দিয়াৰ ক্ষমতাই প্ৰতিষ্ঠানটোক অধিক বিশ্বাসযোগ্য কৰি তুলিব পাৰে। ইয়াত অসমৰ অভিজ্ঞতা বিশেষভাৱে প্ৰাসংগিক।
অসমত ভোটাৰ তালিকা, নাগৰিকত্ব, প্ৰব্ৰজন আৰু ‘কোন এই ভূমিৰ বৈধ নাগৰিক’—এই প্ৰশ্নবোৰ বহু দশক ধৰি পৰস্পৰৰ সৈতে জড়িত। NRC-ৰ অভিজ্ঞতাই দেখুৱাইছে যে নথি-পত্ৰ আৰু চৰকাৰী তালিকাৰ দৰে দেখাত প্ৰশাসনিক প্ৰক্ৰিয়াই কেনেকৈ এজন মানুহৰ জীৱন আৰু তেওঁৰ পৰিচয় সম্পৰ্কে গভীৰ অনিশ্চয়তাৰ সৃষ্টি কৰিব পাৰে। সেয়েহে অসমত ভোটাৰ তালিকাৰ যিকোনো সংশোধন কেৱল এটা সাধাৰণ প্ৰক্ৰিয়া হিচাপে চোৱাটো যথেষ্ট নহয়। ইয়াৰ সামাজিক আৰু ৰাজনৈতিক প্ৰভাৱো আছে।
কিন্তু আস্থাৰ আন এটা দিশো আছে। আৰু সেইটো হ’ল প্ৰতিষ্ঠানৰ ভিতৰত মতভেদৰ স্থান। আমি প্ৰায়ে ভাবোঁ যে এটা শক্তিশালী প্ৰতিষ্ঠান মানেই সকলো সদস্যৰ একে মত। কিন্তু গণতান্ত্ৰিক প্ৰতিষ্ঠানৰ শক্তি সদায় ঐক্যমতত নাথাকে। কেতিয়াবা মতভেদ প্ৰকাশ কৰাৰ সুযোগ থকাটোও প্ৰতিষ্ঠানৰ শক্তিৰ লক্ষণ হ’ব পাৰে। নিৰ্বাচন আয়োগৰ ক্ষেত্ৰতো এই প্ৰশ্নটো গুৰুত্বপূৰ্ণ হৈ পৰিছে। দুজন নিৰ্বাচন আয়ুক্তই বিভিন্ন বিষয়ত আপত্তি প্ৰকাশ কৰাৰ বাতৰি ওলাইছে। আয়োগে ইয়াক সিদ্ধান্ত গ্ৰহণ প্ৰক্ৰিয়াৰ অংশ হিচাপে ব্যাখ্যা কৰিছে।
ইয়াৰ পৰা এটা সাধাৰণ গণতান্ত্ৰিক শিক্ষা পোৱা যায় যে মতভেদ নিজেই প্ৰতিষ্ঠানগত ব্যৰ্থতাৰ প্ৰমাণ নহয়। আচল প্ৰশ্ন হ’ল—মতভেদ কেনেকৈ নথিভুক্ত হয়, কেনেকৈ আলোচনা কৰা হয় আৰু শেষ সিদ্ধান্তৰ কাৰণসমূহ কিমান স্পষ্টভাৱে ব্যাখ্যা কৰা হয়। গণতন্ত্ৰত নাগৰিকৰ আস্থা একেবাৰে এবাৰতে লাভ কৰা সম্পদ নহয়। ই প্ৰতিদিনে গঢ় লৈ উঠে। এটা সঠিক প্ৰক্ৰিয়াৰ মাজেৰে, এটা স্পষ্ট সিদ্ধান্তৰ মাজেৰে, এটা ভুল স্বীকাৰ আৰু শুধৰোৱাৰ মাজেৰে, অথবা এটা কঠিন প্ৰশ্নৰ সৎ উত্তৰৰ মাজেৰে।
আকৌ, আস্থা ভাঙিবলৈও সদায় এটা ডাঙৰ ঘটনাৰ প্ৰয়োজন নহয়। কেতিয়াবা তথ্যৰ অভাৱ, অস্পষ্টতা, উত্তৰ নোপোৱা প্ৰশ্ন অথবা সিদ্ধান্ত গ্ৰহণৰ প্ৰক্ৰিয়াক লৈ সন্দেহেই যথেষ্ট। সেইবাবেই বৰ্তমানৰ বিতৰ্কক কেৱল এটা ৰাজনৈতিক সংঘাত হিচাপে চোৱাৰ পৰিৱৰ্তে আমি ইয়াক গণতন্ত্ৰৰ এটা ডাঙৰ প্ৰশ্ন হিচাপে চাব পাৰোঁ।
আৰু এইখিনিত আন এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন উদ্ভৱ হয় যে নাগৰিকে প্ৰতিষ্ঠানসমূহৰ ওপৰত কিমান বিশ্বাস কৰিব লাগে? হয়তো উত্তৰটো ‘সম্পূৰ্ণ বিশ্বাস’ বা ‘সম্পূৰ্ণ অবিশ্বাস’—এই দুয়োটাৰ কোনোটোৱেই নহয়। গণতন্ত্ৰই আমাক তৃতীয় এটা পথ দেখুৱায়—প্ৰশ্ন কৰি বিশ্বাস কৰা, পৰীক্ষা কৰি বিশ্বাস কৰা আৰু প্ৰয়োজন হ’লে সংশোধনৰ সুযোগ থকা বুলি বিশ্বাস কৰা।
নিৰ্বাচন গণতন্ত্ৰৰ আটাইতকৈ দৃশ্যমান অংশ। কিন্তু নিৰ্বাচনৰ বিশ্বাসযোগ্যতা কেৱল ভোটদানৰ দিনটোৰ ওপৰত নিৰ্ভৰ নকৰে। ভোটাৰ তালিকাৰ পৰা আৰম্ভ কৰি সিদ্ধান্ত গ্ৰহণৰ প্ৰক্ৰিয়ালৈকে বহু অদৃশ্য কামৰ ওপৰত ইয়াৰ ভিত্তি নিৰ্ভৰ কৰে। সেইবাবেই গণতন্ত্ৰৰ বাবে আটাইতকৈ প্ৰয়োজনীয় কথাবোৰৰ ভিতৰত এটা হ’ল—নাগৰিকে প্ৰতিষ্ঠানক প্ৰশ্ন কৰিব পাৰিব লাগিব, আৰু প্ৰতিষ্ঠানেও সেই প্ৰশ্নৰ সন্মুখীন হ’ব পাৰিব লাগিব। একমাত্ৰ এই প্ৰক্ৰিয়াটোৱে হে প্ৰতিষ্ঠানৰ ওপৰত নাগৰিকৰ বিশ্বাস সুনিশ্চিত কৰিব।
আজিৰ দিনত এইটো এই কাৰণে গুৰুত্বপূৰ্ণ হৈ পৰিছে যে দেশৰ নিৰ্বাচনী ব্যৱস্থাক লৈ বিভিন্ন ক্ষেত্ৰত প্ৰশ্ন উত্থাপন হৈছে। গোটেই ভাৰতবৰ্ষত এছ আই আৰৰ জৰিয়তে প্ৰায় তেৰ কোটি মানুহৰ নাম কৰ্তন কৰা হৈছে। এনে বহুতো বেমেজালি উদঙাই দিয়া হৈছে ন্যায়পালিকাৰ সন্মুখত যে ভোটাৰৰ নাম কেৱল নিৰ্বাচনৰ সময়তহে ভোটাৰ তালিকাত নাথাকিল। নিৰ্বাচনৰ পিছত আকৌ সংযোজন হ’ল, কিন্তু কোনো সৰুসুৰা ভুল তথ্যৰ কাৰণে তেওঁলোকে ভোটদান কৰাৰ পৰা বঞ্চিত হ’ল। এছ আই আৰৰ প্ৰয়োজনীয়তা নাকচ কৰিব আমি নিবিচাৰোঁ। গণতন্ত্ৰৰ বাবে এক সঠিক ভোটাৰ তালিকা অনিবাৰ্য। কিন্তু যি তালিকাক লৈ দেশজুৰি মানুহে ইমান সংশয় প্ৰকাশ কৰিছে, সেই তালিকাক সঠিকভাৱে মূল্যায়ন নকৰি ৰাইজৰ ওপৰত জাপি দিলে, গণতান্ত্ৰিক ব্যৱস্থাৰ ওপৰত ৰাইজৰ আস্থা আৰু কমিহে যাব। নিৰ্বাচনী আয়োগক লৈ উঠা প্ৰশ্নবোৰে বা প্ৰতিবাদবোৰে দেশৰ আইন-শৃঙ্খলালৈ ভাবুকি নহয়, বৰঞ্চ এয়া এক সুযোগ আমাৰ গণতন্ত্ৰৰ পৰিপক্কতা প্ৰমাণ কৰাৰ। প্ৰতিবাদকাৰীক আটক কৰাৰ ঠাইত প্ৰতিবাদকাৰীয়ে উত্থাপন কৰা প্ৰশ্নবোৰৰ উত্তৰ দিলেহে নাগৰিকৰ মনত খাপ খোৱা ভিত্তিহীন ভুল ধাৰণাবোৰ আঁতৰিব আৰু বাৰম্বাৰ জবাবদিহীৰ মাজৰ পৰাও এক সুস্থ শক্তিশালী জনমুখী গণতান্ত্ৰিক ব্যৱস্থাৰ আবিৰ্ভাৱ হ’ব।





