• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ধুবুৰীৰ সাংসদ বদৰুদ্দিন আজমলৰ বিৰুদ্ধে মাটি বেদখলৰ অভিযোগ

মুকেশ কুমাৰ সিং by মুকেশ কুমাৰ সিং
July 24, 2018 1:29 pm
Ajmal-Industrial-training-570x320

ফটো : নৰ্থইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ধুবুৰীৰ জিলাভিত্তিক এটা সংস্থা দেশী যুৱ পৰিষদে অলপতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক এখন অভিযোগ সম্বলিত আবেদন দাখিল কৰিছে। আবেদনখনত কোৱা হৈছে যে সৰ্ব ভাৰতীয় সংযুক্ত গণতান্ত্ৰিক মৰ্চা (এ আই ইউ ডি এফ) ৰ সভাপতি তথা ধুবুৰী লোকসভা সমষ্টিৰ সাংসদ বদৰুদ্দিন আজমলে নিজৰ ৰাজনৈতিক ক্ষমতাৰ অপপ্ৰয়োগ কৰি জিলাখনৰ আলমগঞ্জ অঞ্চলত ঈদগাহৰ বাবে থকা ঐতিহাসিক এটুকুৰা ভূমি বেদখল কৰিছে।

দেশী যুৱ পৰিষদে অভিযোগ কৰে যে প্ৰত্নতাত্ত্বিক গুৰুত্ব থকা আলমগঞ্জ অংশ-৯ ৰ ধুবুৰী ৰাজহ চক্ৰৰ অধীনৰ ৩৭ আৰু ৩৮ দাগ নম্বৰৰ ঈদগাহৰ মাটিখিনি আজমল ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান নিৰ্মাণৰ বাবে বেদখল কৰা হৈছে।

Apply Now

প্ৰস্তাৱিত প্ৰতিষ্ঠানৰ বাবে মাটি টুকুৰাত নামফলক অঁৰাৰ পিছতে ধুবুৰীৰ সাংসদগৰাকীৰ বিৰুদ্ধে এই অভিযোগ অনা হৈছে।

মুখ্যমন্ত্ৰীলৈ দিয়া দেশী যুৱ পৰিষদৰ সভাপতি জাহাংগীৰ আহমেদ হুছেইনে স্বাক্ষৰ কৰা পৰিষদৰ আবেদনখনত অভিযোগ কৰা হৈছে, ‘’ ২৮ বিঘাৰ এই মাটি টুকুৰা এটুকুৰা ঐতিহাসিক ভূমি আৰু ইয়াৰ লগত স্থানীয় লোকৰ আৱেগ জড়িত হৈ আছে।‘’

‘’ কিন্তু বদৰুদ্দিন আজমলে তেওঁৰ ৰাজনৈতিক ক্ষমতা প্ৰয়োগ কৰি মাটি ডোখৰ দখল কৰিছে,’’ – মুখ্যমন্ত্ৰীলৈ দিয়া আবেদনখনত দেশী যুৱ পৰিষদৰ সভাপতি জাহাংগীৰ আহমেদ হুছেইনে এইদৰে লিখি মুখ্যমন্ত্ৰীক শীঘ্ৰে ব্যৱস্থা গ্ৰহণৰ অনুৰোধ জনাইছে।

তথ্য অনুসৰি, ২০১৫ চনত আজমল ফাউণ্ডেশ্যনে আজমল ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান নিৰ্মাণৰ বাবে ঈদগাহৰ ১১ বিঘা মাটি বিচাৰি ধুবুৰী ৰাজহ চক্ৰৰ কাৰ্যালয়ত আবেদন কৰিছিল।

ধুবুৰী ৰাজহ চক্ৰৰ চক্ৰ বিষয়া জয় শংকৰ শৰ্মাই কয় যে আজমল ফাউণ্ডেশ্যনে দিয়া আবেদনখন তেওঁৰ কাৰ্যালয়ে ধুবুৰীৰ উপায়ুক্তলৈ প্ৰেৰণ কৰিছে আৰু এইক্ষেত্ৰত উপায়ুক্তৰ কাৰ্যালয়ৰ পৰা কোনো টোকা লাভ কৰা নাই।

‘’আমি জানিব পাৰিছো যে ধুবুৰীৰ উপায়ুক্তৰ কাৰ্যালয়ৰ পৰা কোনো সঁহাৰি দিয়া নাই আৰু সেয়েহে উক্ত স্থানত নামফলক অঁৰাৰ কোনো প্ৰশ্নই উঠিব নোৱাৰে আৰু এয়া অবৈধ তথা ইয়াক অঁতৰাই পেলোৱা হ’ব,’’-শৰ্মাই লগতে কয়।

ইয়াৰ মাজতে স্থানীয় লোকে জানিব দিছে যে একাংশ সংবাদ মাধ্যমত বিষয়টো প্ৰচাৰ হোৱাৰ পিছতে আজমল ফাউণ্ডেশ্যনে লগোৱা ফলকখন গুচাই দিয়া হৈছে।

ধুবুৰীৰ সাংসদ আজমলৰ মনোনীত সদস্য লাল মিঞাক যোগাযোগ কৰাত মাটি দখলৰ কথা অস্বীকাৰ কৰি নৰ্থইষ্ট নাওৰ  আগত কয় যে ধুবুৰীৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়াগৰাকীয়ে উক্ত স্থান পৰিদৰ্শনৰ সময়ত দিয়া নিৰ্দেশ অনুসৰি নামফলকখন স্থাপন কৰা হৈছিল আৰু ‘’ গোটেই বিষয়টো ধুবুৰীৰ জিলা ভূমি নিষ্পত্তি সমিতিৰ ওচৰত পৰি আছে, গতিকে মাটি দখলৰ প্ৰশ্নই উঠিব নোৱাৰে।‘’

আনহাতে, এ আই ইউ ডি এফে বদৰুদ্দিন আজমলৰ বিৰুদ্ধে ৰাজনৈতিক ষড়যন্ত্ৰৰ গোন্ধ পাইছে কিয়নো এটা ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান স্থাপনৰ বাবে ধুবুৰীৰ উপায়ুক্তৰ ওচৰত মাটিৰ বাবে আবেদন দাখিল কৰা আজমল ফাউণ্ডেশ্যন এটা স্বতন্ত্ৰ সংস্থা। ‘’কিন্তু দেখা গৈছে যে এ আই ইউ ডি এফৰ এগৰাকী প্ৰতিষ্ঠাপক সদস্য অভিযোগকাৰী জাহাংগীৰ হুছেইনে বদৰুদ্দিন আজমলৰ ভাৱমূৰ্তি আঘাত কৰি ৰাজনৈতিক মুনাফা লোৱাৰ চেষ্টা চলাইছে,’’-লাল মিঞাই কয়।

ইয়াৰ লগতে লাল মিঞাই কয় যে এ আই ইউ ডি এফৰ সভাপতি তথা ধুবুৰীৰ সাংসদ বদৰুদ্দিন আজমলৰ বিৰুদ্ধে মাটি দখলৰ সম্পূৰ্ণ ভিত্তিহীন অভিযোগ অনাৰ বাবে  এ আই ইউ ডি এফে দেশী যুৱ পৰিষদ, অসমৰ সভাপতি জাহাংগীৰ আহমেদ হুছেইনৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰিব।

 

মুকেশ কুমাৰ সিং

মুকেশ কুমাৰ সিং

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নাগৰিকত্ব প্ৰমাণৰ বাবে পাছপ’ৰ্ট হ’ব বৈধ নথি, কেন্দ্ৰীয় চৰকাৰৰ মন্তব্য নাকচ কৰিলে নিৰ্বাচন আয়োগে

নাগৰিকত্ব প্ৰমাণৰ বাবে পাছপ’ৰ্ট হ’ব বৈধ নথি, কেন্দ্ৰীয় চৰকাৰৰ মন্তব্য নাকচ কৰিলে নিৰ্বাচন আয়োগে

June 25, 2026 9:27 pm
ব্যৱসায়িক এলপিজি চিলিণ্ডাৰৰ সকলো নিষেধাজ্ঞা প্ৰত্যাহাৰ: হোটেল আৰু ৰেষ্টুৰেণ্টৰ গৰাকীসকললৈ সুখবৰ

ব্যৱসায়িক এলপিজি চিলিণ্ডাৰৰ সকলো নিষেধাজ্ঞা প্ৰত্যাহাৰ: হোটেল আৰু ৰেষ্টুৰেণ্টৰ গৰাকীসকললৈ সুখবৰ

June 25, 2026 9:14 pm
শিৱৰাজ সিং চৌহানৰ পুত্ৰৰ মানহানিৰ গোচৰ: ৰাহুল গান্ধীয়ে আদালতত প্ৰকাশ কৰিলে অনুশোচনা

শিৱৰাজ সিং চৌহানৰ পুত্ৰৰ মানহানিৰ গোচৰ: ৰাহুল গান্ধীয়ে আদালতত প্ৰকাশ কৰিলে অনুশোচনা

June 25, 2026 8:41 pm
চাঞ্চল্যকৰ ঘটনা! অভিনেত্ৰীৰ ফ্লেটৰ পৰা উদ্ধাৰ যুৱ ব্যৱসায়ীৰ মৃতদেহ; তদন্ত আৰম্ভ আৰক্ষীৰ

চাঞ্চল্যকৰ ঘটনা! অভিনেত্ৰীৰ ফ্লেটৰ পৰা উদ্ধাৰ যুৱ ব্যৱসায়ীৰ মৃতদেহ; তদন্ত আৰম্ভ আৰক্ষীৰ

June 25, 2026 8:32 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নাগৰিকত্ব প্ৰমাণৰ বাবে পাছপ’ৰ্ট হ’ব বৈধ নথি, কেন্দ্ৰীয় চৰকাৰৰ মন্তব্য নাকচ কৰিলে নিৰ্বাচন আয়োগে

নাগৰিকত্ব প্ৰমাণৰ বাবে পাছপ’ৰ্ট হ’ব বৈধ নথি, কেন্দ্ৰীয় চৰকাৰৰ মন্তব্য নাকচ কৰিলে নিৰ্বাচন আয়োগে

June 25, 2026 9:27 pm
ব্যৱসায়িক এলপিজি চিলিণ্ডাৰৰ সকলো নিষেধাজ্ঞা প্ৰত্যাহাৰ: হোটেল আৰু ৰেষ্টুৰেণ্টৰ গৰাকীসকললৈ সুখবৰ

ব্যৱসায়িক এলপিজি চিলিণ্ডাৰৰ সকলো নিষেধাজ্ঞা প্ৰত্যাহাৰ: হোটেল আৰু ৰেষ্টুৰেণ্টৰ গৰাকীসকললৈ সুখবৰ

June 25, 2026 9:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd