ধুবুৰীৰ জিলাভিত্তিক এটা সংস্থা দেশী যুৱ পৰিষদে অলপতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক এখন অভিযোগ সম্বলিত আবেদন দাখিল কৰিছে। আবেদনখনত কোৱা হৈছে যে সৰ্ব ভাৰতীয় সংযুক্ত গণতান্ত্ৰিক মৰ্চা (এ আই ইউ ডি এফ) ৰ সভাপতি তথা ধুবুৰী লোকসভা সমষ্টিৰ সাংসদ বদৰুদ্দিন আজমলে নিজৰ ৰাজনৈতিক ক্ষমতাৰ অপপ্ৰয়োগ কৰি জিলাখনৰ আলমগঞ্জ অঞ্চলত ঈদগাহৰ বাবে থকা ঐতিহাসিক এটুকুৰা ভূমি বেদখল কৰিছে।
দেশী যুৱ পৰিষদে অভিযোগ কৰে যে প্ৰত্নতাত্ত্বিক গুৰুত্ব থকা আলমগঞ্জ অংশ-৯ ৰ ধুবুৰী ৰাজহ চক্ৰৰ অধীনৰ ৩৭ আৰু ৩৮ দাগ নম্বৰৰ ঈদগাহৰ মাটিখিনি আজমল ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান নিৰ্মাণৰ বাবে বেদখল কৰা হৈছে।
প্ৰস্তাৱিত প্ৰতিষ্ঠানৰ বাবে মাটি টুকুৰাত নামফলক অঁৰাৰ পিছতে ধুবুৰীৰ সাংসদগৰাকীৰ বিৰুদ্ধে এই অভিযোগ অনা হৈছে।
মুখ্যমন্ত্ৰীলৈ দিয়া দেশী যুৱ পৰিষদৰ সভাপতি জাহাংগীৰ আহমেদ হুছেইনে স্বাক্ষৰ কৰা পৰিষদৰ আবেদনখনত অভিযোগ কৰা হৈছে, ‘’ ২৮ বিঘাৰ এই মাটি টুকুৰা এটুকুৰা ঐতিহাসিক ভূমি আৰু ইয়াৰ লগত স্থানীয় লোকৰ আৱেগ জড়িত হৈ আছে।‘’
‘’ কিন্তু বদৰুদ্দিন আজমলে তেওঁৰ ৰাজনৈতিক ক্ষমতা প্ৰয়োগ কৰি মাটি ডোখৰ দখল কৰিছে,’’ – মুখ্যমন্ত্ৰীলৈ দিয়া আবেদনখনত দেশী যুৱ পৰিষদৰ সভাপতি জাহাংগীৰ আহমেদ হুছেইনে এইদৰে লিখি মুখ্যমন্ত্ৰীক শীঘ্ৰে ব্যৱস্থা গ্ৰহণৰ অনুৰোধ জনাইছে।
তথ্য অনুসৰি, ২০১৫ চনত আজমল ফাউণ্ডেশ্যনে আজমল ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান নিৰ্মাণৰ বাবে ঈদগাহৰ ১১ বিঘা মাটি বিচাৰি ধুবুৰী ৰাজহ চক্ৰৰ কাৰ্যালয়ত আবেদন কৰিছিল।
ধুবুৰী ৰাজহ চক্ৰৰ চক্ৰ বিষয়া জয় শংকৰ শৰ্মাই কয় যে আজমল ফাউণ্ডেশ্যনে দিয়া আবেদনখন তেওঁৰ কাৰ্যালয়ে ধুবুৰীৰ উপায়ুক্তলৈ প্ৰেৰণ কৰিছে আৰু এইক্ষেত্ৰত উপায়ুক্তৰ কাৰ্যালয়ৰ পৰা কোনো টোকা লাভ কৰা নাই।
‘’আমি জানিব পাৰিছো যে ধুবুৰীৰ উপায়ুক্তৰ কাৰ্যালয়ৰ পৰা কোনো সঁহাৰি দিয়া নাই আৰু সেয়েহে উক্ত স্থানত নামফলক অঁৰাৰ কোনো প্ৰশ্নই উঠিব নোৱাৰে আৰু এয়া অবৈধ তথা ইয়াক অঁতৰাই পেলোৱা হ’ব,’’-শৰ্মাই লগতে কয়।
ইয়াৰ মাজতে স্থানীয় লোকে জানিব দিছে যে একাংশ সংবাদ মাধ্যমত বিষয়টো প্ৰচাৰ হোৱাৰ পিছতে আজমল ফাউণ্ডেশ্যনে লগোৱা ফলকখন গুচাই দিয়া হৈছে।
ধুবুৰীৰ সাংসদ আজমলৰ মনোনীত সদস্য লাল মিঞাক যোগাযোগ কৰাত মাটি দখলৰ কথা অস্বীকাৰ কৰি নৰ্থইষ্ট নাওৰ আগত কয় যে ধুবুৰীৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়াগৰাকীয়ে উক্ত স্থান পৰিদৰ্শনৰ সময়ত দিয়া নিৰ্দেশ অনুসৰি নামফলকখন স্থাপন কৰা হৈছিল আৰু ‘’ গোটেই বিষয়টো ধুবুৰীৰ জিলা ভূমি নিষ্পত্তি সমিতিৰ ওচৰত পৰি আছে, গতিকে মাটি দখলৰ প্ৰশ্নই উঠিব নোৱাৰে।‘’
আনহাতে, এ আই ইউ ডি এফে বদৰুদ্দিন আজমলৰ বিৰুদ্ধে ৰাজনৈতিক ষড়যন্ত্ৰৰ গোন্ধ পাইছে কিয়নো এটা ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান স্থাপনৰ বাবে ধুবুৰীৰ উপায়ুক্তৰ ওচৰত মাটিৰ বাবে আবেদন দাখিল কৰা আজমল ফাউণ্ডেশ্যন এটা স্বতন্ত্ৰ সংস্থা। ‘’কিন্তু দেখা গৈছে যে এ আই ইউ ডি এফৰ এগৰাকী প্ৰতিষ্ঠাপক সদস্য অভিযোগকাৰী জাহাংগীৰ হুছেইনে বদৰুদ্দিন আজমলৰ ভাৱমূৰ্তি আঘাত কৰি ৰাজনৈতিক মুনাফা লোৱাৰ চেষ্টা চলাইছে,’’-লাল মিঞাই কয়।
ইয়াৰ লগতে লাল মিঞাই কয় যে এ আই ইউ ডি এফৰ সভাপতি তথা ধুবুৰীৰ সাংসদ বদৰুদ্দিন আজমলৰ বিৰুদ্ধে মাটি দখলৰ সম্পূৰ্ণ ভিত্তিহীন অভিযোগ অনাৰ বাবে এ আই ইউ ডি এফে দেশী যুৱ পৰিষদ, অসমৰ সভাপতি জাহাংগীৰ আহমেদ হুছেইনৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰিব।