• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 22, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ধৰ্ষণৰ অভিযোগ : বিধায়ক নিজামুদ্দিন চৌধুৰীৰ জামিন আবেদন নাকচ উচ্চ ন্যায়ালয়ৰ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , July 12, 2018 6:50 am

2 min read

rape-victim-and-accused-620x400-570x320-1
88
VIEWS
Share on FacebookShare on Twitter

ধৰ্ষণৰ অভিযোগ উত্থাপিত হোৱাৰ পিছত আত্মগোপন কৰি থকা বৰাকৰ এ আই ইউ ডি এফৰ বিধায়ক নিজামুদ্দিন চৌধুৰীৰ অগ্ৰিম জামিনৰ আবেদন নাকচ কৰিছে ন্যায়ালয়ে। গুৱাহাটী উচ্চ ন্যায়ালয়ত অগ্ৰিম জামিন বিচাৰি দাখিল কৰা আবেদনৰ শুনানি গ্ৰহণ কৰি বুধবাৰে ন্যায়ালয়ে আবেদনখন খাৰিজ কৰে।

উচ্চ ন্যায়ালয়ে আৰক্ষীক অহা ১৯ জুলাইত আদালতত কেছ ডায়েৰী দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে। এতিয়া বৰাকৰ আলগাপুৰৰ বিধায়কজন আইনৰ বিচাৰৰ মাজত সোমাই পৰাত তেওঁৰ ৰাজনৈতিক জীৱনলৈ সংকট নামি অহাটো স্পষ্ট হৈ পৰিছে।

উল্লেখযোগ্য যে বিধায়কগৰাকীৰ বিৰুদ্ধে যোৱা মে’ মাহত এগৰাকী মহিলাক দুবাৰকৈ ধৰ্ষণ কৰাৰ অভিযোগত গোচৰ ৰুজু কৰা হৈছে। বিধায়কগৰাকীৰ এনে কাণ্ডৰ সৈতে মহিলাগৰাকীৰ স্বামীও জড়িত থকাৰ অভিযোগ উত্থাপিত হৈছে আৰু মহিলাগৰাকীৰ ভাষ্যৰ আধাৰতে আৰক্ষীয়ে তেওঁক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে।

আনহাতে, শনিবাৰে মুম্বাইলৈ পলায়নৰ বাবে বৰঝাৰ বিমানবন্দৰত উপস্থিত হোৱাৰ সময়তে ভুক্তভোগী মহিলাগৰাকীৰ স্বামী শ্বাহিদ আহমেদ লস্কৰক আজাৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পিছতে নিজকে নিৰ্দোষী বুলি দাবী কৰা বিধায়ক নিজাম উদ্দিন চৌধুৰী বৰ্তমানো পলাতক হৈ আছে।

বিধায়কগৰাকীয়ে আইনৰ ওপৰত তেওঁৰ আস্থা আছে বুলি উল্লেখ কৰি এয়া তেওঁৰ বিৰুদ্ধে এক ৰাজনৈতিক ষড়যন্ত্ৰ বুলি ব্যক্ত কৰিছিল। এগৰাকী জনপ্ৰতিনিধিৰ বিৰুদ্ধে এনেধৰণে ধৰ্ষণৰ অভিযোগ উত্থাপন হোৱাৰ লগতে ন্যায়ৰ বাবে আদালতৰ মজিয়া পোৱাত বিষয়টোৰ প্ৰতি সকলোৰে দৃষ্টি নিৱদ্ধ হৈ পৰিছে।

Recent News

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

Modi-speech-696

প্ৰধানমন্ত্ৰী মোদীৰ শিৱসাগৰ ভ্ৰমণ আৰু কিছু প্ৰাসংগিক কথা…

জোঁৰ সমদলত বাধা দিয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়াক জবাবদিহি কৰিলে সমুজ্জ্বল ভট্টাচাৰ্য্যই

জোঁৰ সমদলত বাধা দিয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়াক জবাবদিহি কৰিলে সমুজ্জ্বল ভট্টাচাৰ্য্যই

বোকাখাতত কৃষি আৰু উদ্যান শস্য মেলা, ভাৰ্চুৱেল আলোচনাত অংশগ্ৰহণ বিদেশী বিশেষজ্ঞৰ

বোকাখাতত কৃষি আৰু উদ্যান শস্য মেলা, ভাৰ্চুৱেল আলোচনাত অংশগ্ৰহণ বিদেশী বিশেষজ্ঞৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd