DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, September 23, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home জীৱনশৈলী

নখত দেখা দিছে নেকি বগা দাগে? সাৱধান! হ’ব পাৰে একাধিক ৰোগৰ লক্ষণ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 18, 2023 8:30 pm
217
VIEWS
Share on FacebookShare on Twitter

বহু সময়ত আমি আমাৰ নখত কিছুমান বগা দাগ পৰা দেখিবলৈ পাওঁ। এই দাগবোৰ নিজে নিজে হয় আকৌ নিজে নিজেই নোহোৱা হৈ যায়। 

সেয়ে এই সন্দৰ্ভত কাকো বিশেষভাৱে চিন্তিত হোৱা দেখা নাযায়। কিন্তু ইয়াক সাধাৰণভাবে লোৱা উচিত নহয়।  কাৰণ বিশেষজ্ঞসকলৰ মতে এনেধৰণৰ দাগবোৰে শৰীৰত বিভিন্ন ৰোগৰ উপস্থিতিৰ ইংগিত দিয়ে। গতিকে এই দাগবোৰ দেখিলে সাৱধান হওক। অন্যথা বিপদ অনিবাৰ্য। 

এই বগা দাগবোৰ লিউকোনিচিয়াৰ ফলত হব পাৰে। ইয়াৰ উপৰিও নখৰ এই বগা দাগবোৰৰ আঁৰত আন কিছুমান কাৰণ থাকিব পাৰে। এই দাগ আৰু অন্যান্য ৰোগৰ লক্ষণসমূহ জানি লওঁ আহক…

এলাৰ্জিৰ প্ৰতিক্ৰিয়া : কেতিয়াবা নেলপলিচ, নেইল গ্লছ, বা নেলপলিচ ৰিমুভাৰ ব্যৱহাৰ কৰিলে নখত বগা দাগ দেখা যায়। আচলতে ইয়াত কিছুমান ৰাসায়নিক পদাৰ্থ থাকে যিয়ে নখৰ লগত বিক্ৰিয়া কৰি নখৰ ক্ষতি কৰে। ইয়াৰ ফলত বগা দাগ পৰে।

ভেঁকুৰৰ কাৰণ : অনিকোমাইক’ছিছ নামৰ ভেঁকুৰে নখৰ পৃষ্ঠ সহজে সংক্ৰমিত কৰিব পাৰে। এই সংক্ৰমণৰ প্ৰথম লক্ষণ হ’ল নখত বগা দাগ। ই নখৰ ওপৰেৰে সোনকালে বিয়পিব পাৰে আৰু নখটো লাহে লাহে ডাঠ আৰু ভংগুৰ হ’ব পাৰে।

আঘাত : বহু সময়ত আঘাতৰ বাবে নখৰ পৃষ্ঠভাগ ক্ষতিগ্ৰস্ত হয় আৰু তাৰ ওপৰত বগা দাগে দেখা দিয়ে। নখবোৰ যিমানেই বাঢ়ি যায় এই দাগো সিমানেই বাঢ়ি যায়। সাধাৰণতে দুৱাৰ বা  খিৰিকিৰ কোণত চেপা খোৱাৰ ফলত এনে অৱস্থাৰ সৃষ্টি হয়।

ঔষধ : কেতিয়াবা ঔষধ খালেও নখত বগা দাগও হ’ব পাৰে। উদাহৰণস্বৰূপে, কেন্সাৰ চিকিৎসাৰ সময়ত কেমোথেৰাপিৰ পিছত এই লক্ষণ দেখা দিয়ে। বৃক্ক বিকল হোৱা, হৃদৰোগ, ৰক্তহীনতা, ডায়েবেটিছ ইত্যাদিৰ বাবেও নখত বগা দাগ পৰিব পাৰে।

শৰীৰত খনিজ পদাৰ্থৰ অভাৱ : শৰীৰত জিংক আৰু কেলচিয়ামৰ অভাৱৰ বাবে নখত বগা দাগ দেখা দিব পাৰে। গতিকে সুষম আহাৰ বজাই ৰাখক আৰু সকলো ধৰণৰ খাদ্য খাওক। গতিকে এনে লক্ষণক আওকাণ কৰাৰ পৰিৱৰ্তে চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত।

Recent News

সাৱধান! মাহেকীয়াৰ সময়ত নাখাব চকলেট আৰু আইচক্ৰীম 

সাৱধান! মাহেকীয়াৰ সময়ত নাখাব চকলেট আৰু আইচক্ৰীম 

আকৌ পোহৰলৈ নিযুক্তি কেলেংকাৰী : চাকৰি দিয়াৰ নামত ঘোচ লৈ গ্ৰেপ্তাৰ বিজেপি নেতা

আকৌ পোহৰলৈ নিযুক্তি কেলেংকাৰী : চাকৰি দিয়াৰ নামত ঘোচ লৈ গ্ৰেপ্তাৰ বিজেপি নেতা

নিৰ্বাচনৰ আগত প্ৰধানমন্ত্ৰীৰ সিদ্ধান্ত : বিক্ৰী বন্ধ হ’ব পাৰে চিগাৰেটৰ

নিৰ্বাচনৰ আগত প্ৰধানমন্ত্ৰীৰ সিদ্ধান্ত : বিক্ৰী বন্ধ হ’ব পাৰে চিগাৰেটৰ

কথা পাহৰি যোৱাটো অভ্যাসত পৰিণত হৈছে নেকি? তেন্তে পঢ়ক এইটো লেখা –

কথা পাহৰি যোৱাটো অভ্যাসত পৰিণত হৈছে নেকি? তেন্তে পঢ়ক এইটো লেখা –

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd