DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 28, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

নগাঁও জিলা সাহিত্য সভাৰ নৱকান্ত বৰুৱাৰ স্মৃতি দিৱস উপলক্ষে ‘কবিতাৰ দিন’ শীৰ্ষক অনুষ্ঠান

মিণ্টু দাস by মিণ্টু দাস
July 15, 2018 7:50 am
কবিতাৰ দিন
464
VIEWS
Share on FacebookShare on Twitter

নগাঁও জিলা সাহিত্য সভাৰ কবি সন্মিলন উপ-সমিতিৰ ব্যৱস্থাপনাত অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি,  বিশিষ্ট কথাশিল্পী তথা ‘এখুদ ককাইদেউ’ নৱকান্ত বৰুৱাৰ স্মৃতিত কমলাদেৱী তোদী ভৱনত শনিবাৰে ”কবিতাৰ দিন” শীৰ্ষক এটা অনুষ্ঠান সম্পন্ন হয়।

জিলা সাহিত্য সভাৰ উপ-সভাপতি নিত্যানন্দ বৰাৰ সভাপতিত্বত আৰু বিশিষ্ট কবি তথা অসম সাহিত্য সভাৰ কবি সন্মিলনৰ উপ-সভাপতি পৰাণ কুমাৰ বৰুৱাৰ সঞ্চালনাত অনুষ্ঠিত হোৱা ‘কবিতাৰ এদিন’ শীৰ্ষক অনুষ্ঠানটো উদ্বোধন কৰে বিশিষ্ট কবি তথা নগাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ ড° শৰৎ বৰকটকীয়ে।

উদ্বোধনী ভাষণত তেওঁ কবিতা সাধনাৰ ফল বুলি উল্লেখ কৰি কয় সাধনা নকৰাকৈ আজি কালি বহু লোকে কবিতা লিখিবলৈ আৰম্ভ কৰিছে। ই কবিতাৰ সাৰমৰ্ম হেৰুৱাই পেলাব যে খাটাং। আজিৰ প্ৰজন্মই আমি যেন নিজৰ মাজতে নিসংগ হৈ পৰিছো। ইয়াক গ্ৰাস কৰিছে বহুজাতিক কোম্পানীয়ে তৈয়াৰ কৰা স্মাৰ্ট ফোন জাতীয় বস্তুবোৰে। নৱকান্ত বৰুৱাৰ কবিতাত আধুনিকতাৰ প্ৰভাৱ সুস্পষ্ট বুলি উল্লেখ কৰি তেওঁ কয় যে তেওঁৰ কবিতাত সমাজৰ প্ৰতিটো কথাই ফুটি উঠে।

অনুষ্ঠানত বিশিষ্ট গল্পকাৰ শিৱানন্দ কাকতী আৰু অধ্যাপক মোহিনী মোহন ডেকাই ভাষণ প্ৰদান কৰে। আনহাতে এই অনুষ্ঠানটোত ললিত চন্দ্ৰ দত্ত, থগিত মহন্ত, মৃদুপৱন বৰা, জ্যোতিপ্ৰসাদ বৰা, ৰজত বৰা, শিৱপ্ৰসাদ বৰা, ছামাদ চৌধুৰী, স্মৃতা কলিতা, গুণধৰ নাথ, আৰতি মজুমদাৰ, অপূৰ্ব হাজৰিকা, নৱ ৰাজন, বিচিত্ৰ নাৰায়ণ বৰা, ৰঞ্জনা বৰা, দিলীপ নাথ, পণ্ডিত প্ৰভা সূত, জেউতি হাজৰিকা, তপন কুমাৰ নগঞা, ময়ূৰ কুমাৰ বৰা, কন্দৰ্প কলিতা, মিণ্টু দাস, চিনু কাকতি শইকীয়া, মোলান লস্কৰ, নিৰু লস্কৰ, অপূৰ্ব কুমাৰ দাস, ধন মেধি,  চায়েৰা চুলতানা, নিৰলা শইকীয়া দাস, অমিয়া গোস্বামী, গোপীকান্ত বৰা, দেৱযানী দেৱী, মালা কাকতী, কাৰুণ্য ভট্টাচাৰ্য, শিৱানন্দ কাকতী প্ৰমুখ্যে প্ৰায় অৰ্ধ শতাধিক নবীন-প্ৰবীন কবিয়ে কবিতা পাঠ কৰে।

অনুষ্ঠানৰ প্ৰাৰম্ভতে এখুদ ককাইদেউৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণৰে শুভাৰম্ভ কৰে জিলা উপ-সভাপতি নিত্যানন্দ বৰাই। আনহাতে, এই অনুষ্ঠানত নগাঁৱৰ কেইবাগৰাকী বিশিষ্ট সাহিত্যিক-কবিৰ উপস্থিতিত কেইবাগৰাকী কবিয়ে কবিতা আবৃত্তি কৰে আৰু পৰাণ চন্দ্ৰ দাসৰ বাঁ‌হীৰ সুৰে অনুষ্ঠানটো জীপাল কৰি তোলে।

Recent News

CBI summoned Rubaiya Sayeed

য়াছিন মালিকৰ সৈতে সম্পৰ্কিত গোচৰত জম্মু-কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ জীয়ৰীলৈ চিবিআইৰ চমন

Monkey pox আমেৰিকাত ধৰা পৰিল মাংকি পক্সৰ প্ৰথমটো ঘটনা,কি এই মাংকি পক্স?

বিশ্বৰ কুৰি খন দেশলৈ বিয়পিছে মাংকিপক্স, উদ্বিগ্ন বিশ্ব স্বাস্থ্য সংস্থা

২০২০ চনৰ ১৫ এপ্ৰিলৰ মাজনিশা বিমানবন্দৰত গ্ৰহণ কৰা পিপিই কীটৰ হিচাপ লাগে ‌জনতাক, কোনে ক’লে?

২০২০ চনৰ ১৫ এপ্ৰিলৰ মাজনিশা বিমানবন্দৰত গ্ৰহণ কৰা পিপিই কীটৰ হিচাপ লাগে ‌জনতাক, কোনে ক’লে?

temple-mosque row in India

ৰাজতন্ত্ৰ, মন্দিৰ-মছজিদ আৰু আধুনিক চেতনা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd