• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

‘নগা চুক্তি’ সন্দৰ্ভত কেন্দ্ৰীয় গৃহ মন্ত্ৰী ৰাজনাথ সিঙক সাক্ষাৎ মণিপুৰৰ মুখ্য মন্ত্ৰী বীৰেন সিঙৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
July 17, 2018 8:14 am
N-Biren-Singh-1-570x320

মণিপুৰৰ মুখ্য মন্ত্ৰী এন বীৰেন সিঙৰ ফাইল ফটো

99
VIEWS
Share on FacebookShare on Twitter

‘যদিহে এনএচচিএন-আইএম আৰু কেন্দ্ৰৰ মাজত স্বাক্ষৰিত হোৱা নগা চুক্তিৰ ফলত মণিপুৰৰ ভৌগলিক অখণ্ডতাৰ ক্ষেত্ৰত কোনোধৰণৰ আপোচ কৰা হয় তেন্তে মই আৰু মোৰ লগতে বহুতো বিধায়কে পদত্যাগ কৰিবলৈ বাধ্য হ’ম’। এই কথা কয় মণিপুৰৰ মুখ্য মন্ত্ৰী এন বীৰেন সিঙে।

সোমবাৰে মণিপুৰৰ মুখ্য মন্ত্ৰী সিঙ আৰু বিধায়কৰ এটা প্ৰতিনিধি দলে নতুন দিল্লীত কেন্দ্ৰীয় গৃহ মন্ত্ৰী ৰাজনাথ সিঙক সাক্ষাৎ কৰি নগা চুক্তিৰ উপৰি বহুকেইটা গুৰুত্বপূৰ্ণ বিষয়ত আলোচনা কৰে।

মণিপুৰ বিধানসভাক নগা শান্তি চুক্তিৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা স্থিতি স্পষ্ট কৰিবলৈ অনুৰোধ জনাই মুখ্য মন্ত্ৰীগৰাকীয়ে কয়, “মণিপুৰৰ ইতিহাস, ইয়াৰ জনগাঁথনি আৰু ঐতিহাসিক পৃষ্ঠভূমিলৈ চাই ইয়াৰ সুৰক্ষা তথা অখণ্ডতা ৰক্ষা কৰাটো অতিকে গুৰুত্বপূৰ্ণ হৈ পৰিছে । আমি নগা শান্তি চুক্তিৰ এক শান্তিপূৰ্ণ সমাধান বিচাৰো, নগা শান্তি চুক্তিৰ ফলত যদিহে মণিপুৰত বিয়োগাত্মক প্ৰভাৱ পৰে তেন্তে ৰাজ্যৰ জনসাধাৰণক নিয়ন্ত্ৰণ কৰাটো কঠিন হৈ পৰিব। যদিহে আমাৰ কথা গুৰুত্বসহকাৰে লোৱা নহয় তেন্তে আমি ৰাজহুৱাভাৱে পদত্যাগ কৰিবলৈ বাধ্য হম’।

উল্লেখ্য যে, মণিপুৰত বিজেপিৰ নেতৃত্বত ৰাজ্য চৰকাৰ পৰিচালিত হৈ আছে যদিও মুখ্য মন্ত্ৰী বীৰেন সিঙ নেতৃ্ত্বাধীন চৰকাৰখনে কিন্তু কেন্দ্ৰীয় চৰকাৰৰ বহুকেইটা সিদ্ধান্তৰ মুকলিকৈ বিৰোধিতা কৰি ৰাজনৈতিক ক্ষেত্ৰত নিজৰ শক্তিশালী স্থিতি প্ৰদৰ্শন কৰিছে ।

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা আৰু কেন্দ্ৰীয় চৰকাৰৰ প্ৰত্যক্ষ হস্তক্ষেপত চলি থকা নগা শান্তি চুক্তিৰ বিৰুদ্ধে এনেদৰে মুকলি বিদ্ৰোহে কেন্দ্ৰৰ বিজেপি নেতৃ্ত্বক শলঠেকত পেলোৱা পৰিলক্ষিত হৈছে।

মণিপুৰৰ মুখ্য মন্ত্ৰী এন বীৰেন সিঙৰ স্পষ্ট স্থিতিয়ে পৰৱৰ্তী পৰ্যায়ত কেন্দ্ৰীয় চৰকাৰে সমগ্ৰ বিষয়টো সন্দৰ্ভত কি পদক্ষেপ গ্ৰহণ কৰে সেইয়া লক্ষণীয় হ’ব ।

Recent News

বন আইন উলংঘাঃ বন বিভাগৰ শীৰ্ষ বিষয়া এম কে যাদৱৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ কেন্দ্ৰৰ

বন আইন উলংঘাঃ বন বিভাগৰ শীৰ্ষ বিষয়া এম কে যাদৱৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ কেন্দ্ৰৰ

চৰ্দি হৈছে নে চাইনাছ হৈছে কেনেকৈ জানিব? যদি আপুনি কোনো লক্ষণ লক্ষ্য কৰে, তেন্তে আপুনি সাৱধান হোৱা উচিত?

চৰ্দি হৈছে নে চাইনাছ হৈছে কেনেকৈ জানিব? যদি আপুনি কোনো লক্ষণ লক্ষ্য কৰে, তেন্তে আপুনি সাৱধান হোৱা উচিত?

গৰুখুটি বহুমুখী কৃষি প্ৰকল্পৰ গীৰ গাই প্ৰসংগত চিপিআই(এম)ৰ সংবাদমেল

গৰুখুটি বহুমুখী কৃষি প্ৰকল্পৰ গীৰ গাই প্ৰসংগত চিপিআই(এম)ৰ সংবাদমেল

অসমলৈ অসুস্থ গীৰ গাই অনাৰ বাবে জগৰীয়া কোন? গৰুখুঁটি প্ৰকল্পৰ কেলেংকাৰীৰ চিবিআই তদন্ত বিচাৰিলে কংগ্ৰেছে

অসমলৈ অসুস্থ গীৰ গাই অনাৰ বাবে জগৰীয়া কোন? গৰুখুঁটি প্ৰকল্পৰ কেলেংকাৰীৰ চিবিআই তদন্ত বিচাৰিলে কংগ্ৰেছে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd