বুধবাৰে নাগালেণ্ডৰ একমাত্ৰ লোকসভা আসনখনৰ বাবে অনুষ্ঠিত হ’বলগীয়া উপনিৰ্বাচনত ত প্ৰতিদ্বন্দ্বিতা কৰাৰ বাবে শাসনাধিস্থ পিপ্ল’ছ ডেমক্ৰেটিক এলায়েঞ্চ আৰু বিৰোধী নাগা পিপ্ল’ছ ফ্ৰণ্টে নিজৰ নিজৰ প্ৰাৰ্থীক টিকট প্ৰদান কৰিছে।
মনোনয়নপত্ৰ জমা দিয়াৰ প্ৰক্ৰিয়া ৩ মে’ত আৰম্ভ হৈছে আৰু মনোনয়নপত্ৰ জমা দিয়াৰ অন্তিম তাৰিখ ২৮ মে’।
পিপ্ল’ছ ডেমক্ৰেটিক এলায়েঞ্চে প্ৰাক্তন তকেহো য়েপথোমিক দলটোৰ গুৰুত্বপূৰ্ণ মিত্ৰ নেশ্যনেলিষ্ট ডেমক্ৰেটিক প্ৰগ্ৰেচিভ পাৰ্টিৰ কোহিমা আঞ্চলিক কাৰ্যালয়ত টিকট প্ৰদান কৰিছে। আনহাতে নাগা পিপ্ল’ছ ফ্ৰণ্টে ইয়াৰ কোহিমাৰ কেন্দ্ৰীয় কাৰ্যালয়ত ৰাজ্যসভাৰ ভূতপূৰ্ব সদস্য আৰু পৰ্যটন বিভাগৰ সংসদীয় সচিব চি আপোক জামিৰক দলীয় টিকট প্ৰদান কৰিছে।
কংগ্ৰেছে এতিয়ালৈকে নিজৰ প্ৰাৰ্থী নিশ্চিত কৰা নাই। আনহাতে জনতা দলে (য়ুনাইটেড) লোকসভা উপ নিৰ্বাচনৰ বাবে প্ৰাৰ্থীক টিকট প্ৰদান কৰাৰ সম্ভৱনা আছিল।
জনতা দলে (য়ুনাইটেড)প্ৰকাশ কৰিছে যে দলটোৰ ১৩ সংখ্যক নাগালেণ্ড বিধানসভাৰ নিৰ্বাচনী ইস্তাহাৰতেই এইবাৰৰ লোকসভা উপ নিৰ্বাচনত অৱতীৰ্ণ হ’ব।উল্লেখ্য যে বিগত বিধানসভা নিৰ্বাচনত দলটো এখন আসনত বিজয়ী হৈছিল।
বৰ্তমানৰ মুখ্য মন্ত্ৰী নেইফিউ ৰিঅ’ৱে নেশ্যনেলিষ্ট ডেমক্ৰেটিক প্ৰগ্ৰেচিভ পাৰ্টিৰ টিকটত বিগত ফেব্ৰুৱাৰি মাহত অনুষ্ঠিত বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ বাবে নাগালেণ্ডৰ একমাত্ৰ লোকসভা আসনখনৰ পৰা পদত্যাগ কৰাৰ পাছত এই আসনখন শূন্য হৈ আছিল। ২০১৪ চনত ৰিঅ’ৱে নাগা পিপ্ল’ছ ফ্ৰণ্টৰ টিকটত এই সমষ্টিৰ পৰা লোকসভ নিৰ্বাচনত বিজয়ী হৈছিল।
নাগা পিপ্ল’ছ ফ্ৰণ্টৰ প্ৰাৰ্থী চি আপোক জামিৰে ২০১৮ৰ ফেব্ৰুৱাৰিৰ বিধানসভা নিৰ্বাচনত মোকোকচুং চাউন বিধানসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰি নেশ্যনেলিষ্ট ডেমক্ৰেটিক প্ৰগ্ৰেচিভ পাৰ্টিৰ প্ৰাৰ্থী বৰ্তমানৰ নগৰ উন্নয়ন আৰু পৌৰ পৰিক্ৰমা মন্ত্ৰী মেটছুবো জামিৰৰ হাতত পৰাজয় বৰণ কৰিছিল।