এটা সময়ত তেওঁ পৰিয়ালৰ আৰ্থিক সংকট দূৰ কৰিবলৈ কাপোৰৰ দোকানত ছেলছমেন হিচাপে কাম কৰিবলগীয়া হৈছিল। আকৌ কেচিয়াৰ আৰু টেলিফোন বুথ অপাৰেটৰ হিচাপে কাম কৰিও পৰিয়াল পোহপাল দিছিল। এইবাৰ আন্তৰ্জাতিক এমি বঁটা প্ৰদান অনুষ্ঠানত ভাৰতীয় চিনেমাক প্ৰতিনিধিত্ব কৰিবলৈ ওলাইছে সেইগৰাকী বিজয় সেতুপতিয়ে।
নিউয়ৰ্কত অনুষ্ঠিত হ’বলগীয়া ৫৪ সংখ্যক আন্তঃৰাষ্ট্ৰীয় এমি বঁটা প্ৰদান অনুষ্ঠানত তেওঁ উপস্থাপক হিচাপে দায়িত্ব পালন কৰিব। এই সন্মান লাভ কৰা তেওঁ প্ৰথম ভাৰতীয়। অহা ২৩ নৱেম্বৰ, ২০২৬ তাৰিখে নিউয়ৰ্কত অনুষ্ঠিত হ’বলগীয়া এই অনুষ্ঠানত বিজয় সেতুপতিৰ দীৰ্ঘদিনীয়া সংগ্ৰাম আৰু সফলতাৰ যাত্ৰাৰ বিষয়ে জানো আহক।
বহু কঠিন পথ অতিক্ৰমি আজি আন্তৰ্জাতিক মঞ্চত বিজয় সেতুপতি
বি.কম পঢ়ি থকাৰ সময়ত “মক্কল চেলভান” নামেৰে পৰিচিত বিজয় সেতুপতিয়ে এখন কাপোৰৰ দোকানত ছেলছ এছিষ্টেন্ট আৰু কেচিয়াৰ হিচাপে কাম কৰিছিল। আনকি তেওঁ কিছুদিন টেলিফোন বুথ অপাৰেটৰ হিচাপেও কাম কৰিছিল।
ইয়াৰ পিছত তেওঁ ডুবাইলৈ গুচি যায়। তিনি বছৰ তাত একাউণ্টেণ্ট হিচাপে কাম কৰিছিল। কিন্তু এই সকলোবোৰৰ মাজতো তেওঁৰ মন অভিনয় জগতৰ ওপৰত আছিল। ভাৰতলৈ উভতি অহাৰ পিছত তেওঁ ‘কূঠু-পি-পট্টৰাই’ নামৰ নাট্যগোষ্ঠী এটাত যোগদান কৰে। তাতেই তেওঁ অভিনয়ৰ মূল কথাবোৰ শিকি বিভিন্ন ছবিৰ অডিচন দিবলৈ আৰম্ভ কৰে। ডাঙৰ সুযোগ পোৱাৰ আগতে তেওঁ কেইবাটাও সৰু সৰু চৰিত্ৰত জুনিয়ৰ আৰ্টিষ্ট হিচাপে কাম কৰিছিল।
৩২ বছৰ বয়সত তেওঁ প্ৰথমবাৰৰ বাবে ‘থেনমেৰকু পাৰুভাকাতৰু’ (২০১০) ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰাৰ সুযোগ লাভ কৰে। ছবিখনে তিনিটাকৈ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিছিল, যিটো তেওঁৰ কেৰিয়াৰৰ এক ডাঙৰ মাইলৰ খুঁটি আছিল। ইয়াৰ পিছত তেওঁ ‘নাডুভুলা কোঞ্জাম পাক্কাটা কানম’, ‘সুধু কাভভুম’, ‘পিজ্জা’, ‘ছুপাৰ ডিলাক্স’, ‘৯৬’ আৰু ‘মহাৰাজা’ আদি ছবিত বিভিন্ন চৰিত্ৰত অভিনয় কৰি নিজকে প্ৰতিষ্ঠা কৰে। অৱশ্যে কেৱল তেওঁৰ বলিষ্ঠ অভিনয় দক্ষতাই নহয়, তেওঁৰ নম্ৰ ব্যক্তিত্ব আৰু ডাউন টু আৰ্থ স্বভাৱে তেওঁক দৰ্শকৰ মাজত অতি জনপ্ৰিয় কৰি তুলিছে।
বীৰ দাসে ২০২৪ চনৰ আন্তৰ্জাতিক এমি বঁটাৰ সঞ্চালনা কৰিলেও বিজয় সেতুপতিয়ে প্ৰথমজন ভাৰতীয় অভিনেতা যিয়ে তাত উপস্থাপন হিচাপে দায়িত্ব পালন কৰিব। সন্মানীয় শিল্পীসকলক তেওঁ এমি বঁটা প্ৰদান কৰিব।
আৰ্থিক দুৰ্দশা আৰু সংগ্ৰামৰ পৰা আন্তৰ্জাতিক মঞ্চত উপনীত হোৱা বিজয় সেতুপতিৰ যাত্ৰাই প্ৰমাণ কৰে যে অধ্যৱসায় আৰু প্ৰতিভাৰ সমাহাৰ ঘটিলে সীমাবদ্ধতা সফলতাৰ পথত হেঙাৰ হ’ব নোৱাৰে।


