নাগালেণ্ডৰ সকলো মহাবিদ্যালয়তে ‘নাক’ৰ মূল্যায়ন বাধ্যতামূলক কৰাৰ দাবী এনএছএফৰ

Naga Students Federation

নাগা ছাত্ৰ সংঘই (এনএছএফ) নাগালেণ্ডৰ সকলো মহাবিদ্যালয় নেশ্যনেল এছেছমেণ্ট এণ্ড এক্ৰেডিটেশ্যন কাউঞ্চিল অৰ্থাৎ ‘নাক’ৰ (NAAC) দ্বাৰা মূল্যায়ন হোৱাৰ দাবী তুলিছে।

মহাবিদ্যালয়সমূহৰ শিক্ষাৰ মান উন্নত কৰাৰ বাবে ৰাজ্যখনৰ শীৰ্ষস্থানীয় ছাত্ৰ সংগঠনটোৱে এই বিবৃতিটোত ৫টা পৰামৰ্শ প্ৰদান কৰিছে। আজি ছাত্ৰ সংগঠনটোৰ পৰামৰ্শাৱলীৰ প্ৰতিলিপি এটা সংবাদ মাধ্যমৰ হাতত পৰিছেহি।

ৰাজ্যখনৰ বিভিন্ন মহাবিদ্যালয়সমূহলৈ এটা শৈক্ষিক ভ্ৰমণ সম্পন্ন কৰাৰ পাছত তেওঁলোকে প্ৰেৰণ কৰা বিবৃতিটো মুখ্য মন্ত্ৰীৰ হাতত পৰাৰ ২০ দিনৰ ভিতৰত ছাত্ৰ সংগঠনটোৱে ৰাজ্যখনৰ মুখ্য মন্ত্ৰীৰ পৰা ইয়াৰ লিখিত উত্তৰ বিচাৰিছে।

বিবৃতিটোত কোৱা হৈছে যে কেন্দ্ৰীয় চৰকাৰে মহাবিদ্যালয় সমূহক পুঁজি যোগান ধৰাৰ ধৰণ সলনি কৰিছে আৰু সংশ্লিষ্ট মহাবিদ্যালয়ৰ সাফল্য অনুসৰি সেইসমূহলৈ পুঁজি প্ৰদান কৰাৰ নীতি প্ৰস্তুত কৰা হৈছে। সেয়েহে ৰাজ্যখনৰ সকলো মহাবিদ্যালয়কেই নাকৰ দ্বাৰা মূল্যায়ন কৰি সেই সমূহৰ শিক্ষিক মান নিৰ্ধাৰণ কৰিব লাগে।

ব্যক্তিগত মহাবিদ্যালয়সমূহলৈ সাহায্য অনুদানৰ বিষয়টোৰ ওপৰত ছাত্ৰ সংগঠনটোৱে কৈছে যে ২০১৪ চনলৈকে উচ্চ শিক্ষা বিভাগৰ পৰা মহাবিদ্যালয়সমূহে সাহায্য অনুদানৰ নামত বিত্তীয় সহায়তা লাভ কৰিছিল।

অৱশ্যে, ২০১৫ শৈক্ষিক বৰ্ষৰ পৰা এই অনুদানৰ পৰিমাণ হঠাত বহু কমি যায় (২০১৪ৰ মুঠ পৰিমাণৰ প্ৰায় ৮০ শতাংশ)। এনএছএফে আৰু আৰু বিছাৰিছে যে চৰকাৰে মহাবিদ্যালয়সমূহলৈ পৰ্যাপ্ত সহায়তা যোগান ধৰাৰ বাবে সাহায্য অনুদান হিচাপে পুঁজি মোকোলাই দিব লাগে।

ছাত্ৰ সংগঠনটোৱে আৰু দেখুৱাই দিয়ে যে উচ্চ শিক্ষা বিভাগে অত্যন্ত কম দৰমহাত ঠিকা ভিত্তিক সহকাৰী অধ্যাপক নিযুক্তি দিছে।

সহকাৰী অধ্যাপকসকলৰ কামৰ পৰিমাণৰ আধিক্য অনুসৰি তেওঁলোকৰ দৰমহা বৃদ্ধি কৰাৰ বাবে চৰকাৰক এনএছএফে আৱেদন জনায়।

২০১৮ৰ ৫জুলাইত অনুষ্ঠিত কেবিনেট সভাত উচ্চ শিক্ষা বিভাগৰ অধীনত ৰাজ্যখনৰ বিভিন্ন মহাবিদ্যালয়ত ১১০টা অধ্যাপকৰ পদ সৃষ্টি কৰাত অনুমোদন জনোৱাৰ প্ৰসংগ আনি ছাত্ৰ  সকলো কেইটা পদ নাগালেণ্ড লোকসেৱা আয়োগৰ প্ৰক্ৰিয়াৰ মাজেৰে অনাটো সংগঠনটোৱে দাবী কৰিছে। লগতে নিয়োগৰ কঠোৰ নিয়মাৱলীৰ মাজেৰে এই পদসমূহ পূৰণ কৰাৰ দাবী তুলিছে নাগা ছাত্ৰ সংগঠনটোৱে।

তাৰোপৰি, মহাবিদ্যালয়সমূহৰ পুথিভঁৰালত অধ্যয়ন সামগ্ৰী যথেষ্ট কম বুলি প্ৰকাশ কৰি ছাত্ৰ সংগঠনটোৱে মন্তব্য কৰিছে যে ৰাজ্যখনৰ কোনো চৰকাৰী মহাবিদ্যালয়ৰ পুথিভঁৰালসমূহৰ বাবে অধ্যয়ন সঁজুলি লাভ কৰা নাই।