নাগালেণ্ডৰ সদ্যসমাপ্ত উপ-নিৰ্বাচনত প্ৰাপ্ত ভোটৰ হাৰক লৈ শাসক, বিৰোধী উভয়েই উৎসাহী

nagaland-lok-sabha

সদ্যসমাপ্ত নাগালেণ্ডৰ  উপ-নিৰ্বাচনত তেওঁলোকৰ ভোটৰ অংশীদাৰিত্বৰ বিষয়ত শাসনাধিষ্ঠ নেশ্যনেলিষ্ট ডেমক্ৰেটিক প্ৰগ্ৰেছিভ পাৰ্টি (এনডিপিপি) আৰু  বিৰোধী নাগা পীপ্‌ল’ছ ফ্ৰণ্ট দুয়োটা দলেই নিজৰ নিজৰ পক্ষত  ভোটৰ হাৰক লৈ উৎসাহ ব্যক্ত কৰিছে।

বিজেপিৰ সহযোগী এনডিপিপিৰ প্ৰাৰ্থী টোলহেহো য়েপথোমিয়ে যোৱা ২৮ মে’ত সম্পন্ন হোৱা উপ-নিৰ্বাচনত কংগ্ৰেছৰ সমৰ্থনৰ এনপিএফৰ প্ৰাৰ্থীজনক পৰাস্ত কৰিছিল। মে’ৰ ৩১ তাৰিখে নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হৈছিল।

ফেব্ৰুৱাৰিৰ বিধানসভা নিৰ্বাচনৰ পাছত এনডিপিপি আৰু বিজেপিয়ে নেশ্যনেল পীপ্‌ল’ছ পাৰ্টিৰ দুগৰাকী বিধায়ক, জেডি(য়ু)ৰ এগৰাকী বিধায়ক আৰু নিৰ্দলীয় বিধায়কসহ পীপ্‌ল’ছ ডেমক্ৰেটিক এলায়েঞ্চ গঠন কৰি নাগালেণ্ডত চৰকাৰ গঠন কৰিছিল।

নাগালেণ্ড মুখ্য নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ৰ উদ্ধৃতি দি এনডিপিয়ে এটা বিজ্ঞপ্তিযোগে প্ৰকাশ কৰিছিল যে পিডিএৰ সমৰ্থনৰ প্ৰাৰ্থী য়েপথোমিয়ে মুঠ ১০,১৮,৬৫৮ ভোটৰ ৫,৯৪,২০৫ টা ভোট লাভ কৰিছিল।

আনহাতে, এনপিএফে তেওঁলোকৰ প্ৰতি ভোটাৰৰ আস্থা বাঢ়িছে বুলি দাবী কৰে।

এনডিপিপিয়ে নাগালেণ্ডৰ জনসাধাৰণলৈ কৃতজ্ঞতা প্ৰকাশ কৰে।

এনডিপিপিয়ে এটা বিজ্ঞপ্তিযোগে প্ৰকাশ কৰিছে যে বিৰোধী দলৰ সাতগৰাকী কাৰ্যবাহী প্ৰতিনিধি এনডিপিপি আৰু বিজেপিৰ মিত্ৰজোঁটে ক্ষমতালৈ অহাৰ দুমাহৰ ভিতৰতেই সফলতা লাভ কৰিছে।

এনডিপিপিৰ বিজ্ঞপ্তিটোত আৰু কোৱা হৈছে যে বিগত নিৰ্বাচনত এনডিপিপি-বিজেপিৰ মিত্ৰজোঁটে যুটীয়াভাৱে মুঠ ৪,০৮,০৫৬ টা ভোট (৪০.৫১শতাংশ) লাভ কৰাৰ বিপৰীতে ৫৮খন আসনত প্ৰতিদ্বন্দ্বিতা কৰা এনপিফে মাত্ৰ ৩,৮৯,৬৮৭ (৩৮.৬৯শতাংশ) ভোট লাভ কৰিছিল।

এনডিপিপিয়ে আৰু কৈছে যে জনসাধাৰণে পিডিএলৈ আগবঢ়োৱা জনাদেশক অৱমূল্য কৰিবলৈ অহোপুৰুষাৰ্থ কৰিব।

এনপিএফৰ মুখপাত্ৰ কিকনে দৃঢ়তাৰে কয় যে তেওঁলোকে জনাদেশ নতমস্তকেৰে গ্ৰহণ কৰিছে। তেওঁলোক পৰাস্ত হৈছে যদিও শেষ হৈ যোৱা নাই।