DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 7, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

নাগৰিকত্ব বিধেয়কলৈ সত্ৰ মহাসভাৰ ‘সমৰ্থন’ : কোনে কি ক’লে

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
April 20, 2018 11:25 pm
180
VIEWS
Share on FacebookShare on Twitter

ধৰ্মৰ ভিত্তিত বিদেশীক দেশৰ নাগৰিকত্ব প্ৰদান কৰিবৰ বাবে কেন্দ্ৰৰ বিজেপি চৰকাৰে অনা নাগৰিকত্ব বিধেয়ক ( Citizenship Amendment Bill )ক অসম সত্ৰ মহাসভাই সমৰ্থন কৰাক লৈ ৰাজ্যত ব্যাপক বিতৰ্ক হৈ থকাৰ মাজতে আজি ২০ এপ্ৰিলত বিষয়টোত বিভিন্ন দল-সংগঠন, ব্যক্তিয়ে নিজৰ মতামত প্ৰকাশ কৰিছে। আনহাতে বিধেয়কখন সমৰ্থন সম্পৰ্কত মহাসভাই কোনো সিদ্ধান্ত লোৱা নাই বুলি স্পষ্ট কৰি দি কেন্দ্ৰীয় সমিতিয়ে সমগ্ৰ বিষয়টো আলোচনা কৰাৰ বাবে কাইলৈ ২১ এপ্ৰিলত গুৱাহাটীত কৰ্ণধাৰ সমিতিৰ বৈঠক আহ্বান কৰিছে।

আজি কোনে কি ক’লে ‘সত্ৰ মহাসভা’ সম্পৰ্কে?

ডঃ হীৰেন গোহাঁই, বিশিষ্ট বুদ্ধিজীৱী :  সত্ৰ মহাসভাৰ বক্তব্য বুলি এই দুজনে গৈ সমিতিৰ আগত সাক্ষ্য দিলে, আনুষ্ঠানিকভাৱে। যদি সত্ৰ মহাসভাৰ মানুহে এইটো বেয়া পাইছে, এইটো তেওঁলোকে বিৰোধিতা কৰে, তেনে তেওঁলোকে কাৰ্য্যনিৰ্বাহকৰ সভা পাতি এটা প্ৰস্তাৱ লওক আৰু কওক যে তেওঁলোক দুজনে যি সাক্ষ্য দিছিল সেইটো আমাৰ বক্তব্য নহয়।

বিজয়া চক্ৰৱৰ্তী, সাংসদ, বিজেপি : সত্ৰ মহাসভাই যি মন্তব্য কৰিছে সেয়া ভাবি-চিন্তিয়েই কৰিছে। সত্ৰ মহাসভাতো দুই এজন বিজেপিৰ মানুহ আছে। ময়ো সত্ৰ মহাসভাৰ সৈতে জড়িত এগৰাকী আজীৱন সদস্য। কিন্তু সেইবুলিয়েই সত্ৰ মহাসভাৰ গোটেইখিনি মানুহেই যে বিজেপিক সমৰ্থন কৰে সেইটো কথা নহয়।

১৯৭১ চনৰ বাংলাদেশত হোৱা যুদ্ধৰ সময়ত বহুতো বাংলাদেশীক ৰাজ্যৰ বিভিন্ন প্ৰান্তত কেম্প কৰি ৰখা হৈছিল। প্ৰায় ১০ লাখ বাংলাদেশীক সেই সময়ত অসমত আশ্ৰয় দিয়া হৈছিল। সেইবিলাকৰ এজনো ঘূৰি নগ’ল। সেইসকলৰ বিৰুদ্ধে হ’লে কোনেও এষাৰ মাত মতা নাই। এই ১০ লাখ বাংলাদেশীৰ বাবে অসমৰ জনসংখ্যাৰ ভাৰসাম্য নোহোৱা হৈছে।

আমাৰ হাতত থকা তথ্য মতে ১০ হাজাৰ হিন্দু বাংলাদেশী ১৯৭১ চনৰ পিছত অসমলৈ আহিছিল।

অখিল গগৈ, নেতা, কৃষক মুক্তি সংগ্ৰাম সমিতি :  যদি সত্ৰ মহাসভাৰ সকলোখিনি সদস্য সাময়িকভাবে এই চক্ৰান্তৰ সৈতে জৰিত নাই, তেন্তে কুসুম কুমাৰ মহন্তই প্ৰদান কৰা স্মাৰক পত্ৰখন তেওঁলোকে ৰাজহুৱা কৰক। লগতে তেওঁলোকে স্মাৰক পত্ৰখন দিয়াৰ বাবে অসমবাসীৰ ওচৰত ৰাজহুৱা ক্ষমা-প্ৰাৰ্থনা খুজিব লাগে যাতে জাতি-ধ্বংশী অভিযানৰ সৈতে সত্ৰ মহাসভা জৰিত নহয়, সেই কথাটো প্ৰমাণিত হয়। সেইখনৰ ঠাইত নতুনকৈ এখন স্মাৰক পত্ৰ প্ৰদান কৰি সেইখন ৰাজহুৱাভাৱে প্ৰদৰ্শন কৰিব লাগে।

এই সত্ৰাধিকাৰ বিলাকে যেতিয়া আৰ এছ এছৰ মুৰব্বীৰ পৰা পাঠ লৈ আছিল তেতিয়াই যে অসমীয়া জাতিলৈ অশনি সংকেত নামি আহিছিল এই কথা প্ৰমাণিত হৈছিল। হিন্দু বাংলাদেশী সংস্থাপনৰ দৰে জাতিধ্বংসী কামৰ বিৰুদ্ধে যে একাংশ সত্ৰাধিকাৰ থিয় দিছে এইটো সমগ্ৰ অসমবাসীৰ বাবে এটা সুখৰ খবৰ।

Recent News

হাতত মিঠাতেলৰ বটল, সন্মুখত গেছ চিলিণ্ডাৰ লৈ অভিনৱ প্ৰতিবাদ অসম প্ৰদেশ কংগ্ৰেছৰ

হাতত মিঠাতেলৰ বটল, সন্মুখত গেছ চিলিণ্ডাৰ লৈ অভিনৱ প্ৰতিবাদ অসম প্ৰদেশ কংগ্ৰেছৰ

MS Dhoni Birhday

শুভ জন্মদিন কেপ্তেইন কুল

bhagwant mann marriage

জীৱনৰ আন এক ইনিংছ আৰম্ভ কৰিলে ভগৱন্ত মানে: বিয়াত বহিল পঞ্জাৱৰ মুখ্যমন্ত্ৰী

Boris Johnson Resigns

কেলেংকাৰীৰ অভিযোগে কাঢ়িলে চকী: ব্ৰিটিছ প্ৰধানমন্ত্ৰী বৰিছ জনছনৰ পদত্যাগ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd