• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 1, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

নাগৰিকত্ব বিধেয়কৰ বিৰুদ্ধে তিনিচুকীয়াত আছুৰ উদ্যোগত সহস্ৰাধিকৰ প্ৰতিবাদ

এন ই নাও নিউজ by এন ই নাও নিউজ
June 15, 2018 8:41 am
14-06-18 Tinsukia- aasu satyagraha (2)

নাগৰিকত্ব বিধেয়কৰ বিৰুদ্ধে আছুৰ উদ্যোগত তিনিচুকীয়া চেনাইৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ব’ৰ্ডিং খেলপথাৰত প্ৰতিবাদী কাৰ্যসূচী। ফটো : ইউ বি

203
VIEWS
Share on FacebookShare on Twitter

আছুৰ জিলা সমিতিৰ উদ্যোগত তিনিচুকীয়া চেনাইৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ব’ৰ্ডিং খেলপথাৰত বৃহস্পতিবাৰে এক বিশাল গণ সত্যাগ্ৰহ কাৰ্যসূচী ৰূপায়ন কৰা হয়। প্ৰায় তিনি সহস্ৰাধিক লোকে গণ সত্যাগ্ৰহ কাৰ্যসূচীত অংশগ্ৰহণ কৰে।

ইয়াৰ পিছতে প্ৰতিবাদকাৰীসকলে উক্ত স্থানৰপৰা এক সমদল কৰি জি এন বি পথ হৈ তিনিচুকীয়া চহৰৰ থানা চাৰিআলিত উপস্থিত হৈ এখন পথসভা অনুষ্ঠিত কৰে।

পথসভাত সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ জিলাৰ বিষয়ববীয়া, জিলা সাহিত্য সভা, গোৰ্খা ছাত্ৰ-সন্থা, সদৌ মটক যুৱ-ছাত্ৰ সন্মিলন, মটক ছাত্ৰ সন্থা, আটছা, আছা, জিলা কৰ্মচাৰী পৰিষদ আদি ২৮টা জাতীয় জনগোষ্ঠীয় সংগঠনৰ প্ৰতিনিধি, মহিলা সমিতি আদিয়ে অংশগ্ৰহণ কৰে।

আনহাতে, প্ৰতিবাদী সভাত নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬’ খন যদি চৰকাৰে বাতিল নকৰে তেন্তে অসমৰ সমূহ কৰ্মচাৰীয়ে চৰকাৰৰ বিৰুদ্ধে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ বাধ্য হ’ব বুলি সকীয়নি দিছে তিনিচুকীয়া জিলা কৰ্মচাৰী পৰিষদৰ জিলা সভাপতি অমৰ ৰঞ্জন শইকীয়াই।

কৰ্মচাৰী পৰিষদৰ জিলা সভাপতিগৰাকীয়ে উক্ত বিধেয়কখন যিকোনো সংগ্ৰামৰ বিনিময়ত বাতিল কৰিবই লাগিব বুলি উল্লেখ কৰি ইয়াৰ বাবে ৰাইজে তীব্ৰ প্ৰতিবাদী আন্দোলন গঢ়ি তুলিবই লাগিব বুলি আহ্বান জনায়।

সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈয়ে তেওঁৰ ভাষণত বিধেয়কখন গণতান্ত্ৰিক সংগ্ৰামৰ জৰিয়তে গৃহীত হ’বলৈ দিয়া  নহয় বুলি সকীয়নি দিয়ে। কেন্দ্ৰ, ৰাজ্যৰ বিজেপি চৰকাৰক কঠোৰ সমালোচনা কৰি গগৈয়ে অসম চুক্তি  অনুসৰি অসমৰপৰা বিদেশী যাবই লাগিব বুলি স্পষ্ট কৰি দিয়ে।

তদুপৰি, ইয়াৰ বিৰুদ্ধে সমগ্ৰ অসমত অব্যাহত থকা প্ৰতিবাদৰ ভাষা যদি চৰকাৰে বুজিবলৈ চেষ্টা কৰা নাই তেন্তে ইয়াক লৈ ভৱিষ্যতে উদ্ভৱ হ’ব পৰা পৰিস্থিতিৰ বাবে চৰকাৰ জগৰীয়া হ’ব বুলি তেওঁ সকীয়াই দিয়ে।

সদৌ মৰাণ ছাত্ৰ সন্থাৰ সভাপতি অৰুণজ্যোতি মৰাণেও ভাষণত বিধেয়কখন বাতিল নকৰিলে অসমত হ’ব পৰা জংগী আন্দোলনে চৰকাৰক অস্থিৰ কৰি তুলিব বুলি কয়।

Recent News

পৰ্যটকৰ ট্ৰেকিংৰ সময়ত গাইড থাকিবই লাগিব; ৰাজা হত্যাকাণ্ডৰ পিছত মেঘালয় চৰকাৰৰ নিৰ্দশনা

পৰ্যটকৰ ট্ৰেকিংৰ সময়ত গাইড থাকিবই লাগিব; ৰাজা হত্যাকাণ্ডৰ পিছত মেঘালয় চৰকাৰৰ নিৰ্দশনা

হাৰ্ট এটেকৰ লক্ষণ, কাৰণ আৰু প্ৰতিৰোধৰ উপায় সন্দৰ্ভত কি কয় চিকিৎসকে?

হাৰ্ট এটেকৰ লক্ষণ, কাৰণ আৰু প্ৰতিৰোধৰ উপায় সন্দৰ্ভত কি কয় চিকিৎসকে?

গৰুখুঁটি প্রকল্প আৰু চৰকাৰী ৰাজ সাহায্যৰ নামত অসমত মন্ত্রী-বিধায়কৰ পৰিয়ালৰ চলিছে এক বিশাল চিণ্ডিকেট : ৰাইজৰ দল

গৰুখুঁটি প্রকল্প আৰু চৰকাৰী ৰাজ সাহায্যৰ নামত অসমত মন্ত্রী-বিধায়কৰ পৰিয়ালৰ চলিছে এক বিশাল চিণ্ডিকেট : ৰাইজৰ দল

নিৰপেক্ষ ব্যক্তিৰে গৰুখুঁটি প্ৰকল্পৰ এটা ন্যায়িক তদন্ত কৰিবলৈ চৰকাৰৰ সাহস হ’বনে?

নিৰপেক্ষ ব্যক্তিৰে গৰুখুঁটি প্ৰকল্পৰ এটা ন্যায়িক তদন্ত কৰিবলৈ চৰকাৰৰ সাহস হ’বনে?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd