আছুৰ জিলা সমিতিৰ উদ্যোগত তিনিচুকীয়া চেনাইৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ব’ৰ্ডিং খেলপথাৰত বৃহস্পতিবাৰে এক বিশাল গণ সত্যাগ্ৰহ কাৰ্যসূচী ৰূপায়ন কৰা হয়। প্ৰায় তিনি সহস্ৰাধিক লোকে গণ সত্যাগ্ৰহ কাৰ্যসূচীত অংশগ্ৰহণ কৰে।
ইয়াৰ পিছতে প্ৰতিবাদকাৰীসকলে উক্ত স্থানৰপৰা এক সমদল কৰি জি এন বি পথ হৈ তিনিচুকীয়া চহৰৰ থানা চাৰিআলিত উপস্থিত হৈ এখন পথসভা অনুষ্ঠিত কৰে।
পথসভাত সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ জিলাৰ বিষয়ববীয়া, জিলা সাহিত্য সভা, গোৰ্খা ছাত্ৰ-সন্থা, সদৌ মটক যুৱ-ছাত্ৰ সন্মিলন, মটক ছাত্ৰ সন্থা, আটছা, আছা, জিলা কৰ্মচাৰী পৰিষদ আদি ২৮টা জাতীয় জনগোষ্ঠীয় সংগঠনৰ প্ৰতিনিধি, মহিলা সমিতি আদিয়ে অংশগ্ৰহণ কৰে।
আনহাতে, প্ৰতিবাদী সভাত নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬’ খন যদি চৰকাৰে বাতিল নকৰে তেন্তে অসমৰ সমূহ কৰ্মচাৰীয়ে চৰকাৰৰ বিৰুদ্ধে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ বাধ্য হ’ব বুলি সকীয়নি দিছে তিনিচুকীয়া জিলা কৰ্মচাৰী পৰিষদৰ জিলা সভাপতি অমৰ ৰঞ্জন শইকীয়াই।
কৰ্মচাৰী পৰিষদৰ জিলা সভাপতিগৰাকীয়ে উক্ত বিধেয়কখন যিকোনো সংগ্ৰামৰ বিনিময়ত বাতিল কৰিবই লাগিব বুলি উল্লেখ কৰি ইয়াৰ বাবে ৰাইজে তীব্ৰ প্ৰতিবাদী আন্দোলন গঢ়ি তুলিবই লাগিব বুলি আহ্বান জনায়।
সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈয়ে তেওঁৰ ভাষণত বিধেয়কখন গণতান্ত্ৰিক সংগ্ৰামৰ জৰিয়তে গৃহীত হ’বলৈ দিয়া নহয় বুলি সকীয়নি দিয়ে। কেন্দ্ৰ, ৰাজ্যৰ বিজেপি চৰকাৰক কঠোৰ সমালোচনা কৰি গগৈয়ে অসম চুক্তি অনুসৰি অসমৰপৰা বিদেশী যাবই লাগিব বুলি স্পষ্ট কৰি দিয়ে।
তদুপৰি, ইয়াৰ বিৰুদ্ধে সমগ্ৰ অসমত অব্যাহত থকা প্ৰতিবাদৰ ভাষা যদি চৰকাৰে বুজিবলৈ চেষ্টা কৰা নাই তেন্তে ইয়াক লৈ ভৱিষ্যতে উদ্ভৱ হ’ব পৰা পৰিস্থিতিৰ বাবে চৰকাৰ জগৰীয়া হ’ব বুলি তেওঁ সকীয়াই দিয়ে।
সদৌ মৰাণ ছাত্ৰ সন্থাৰ সভাপতি অৰুণজ্যোতি মৰাণেও ভাষণত বিধেয়কখন বাতিল নকৰিলে অসমত হ’ব পৰা জংগী আন্দোলনে চৰকাৰক অস্থিৰ কৰি তুলিব বুলি কয়।