• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নাগৰিকত্ব বিধেয়ক গৃহীত হ’লে এন আৰ চি পেলনীয়া কাগজত পৰিণত হ’ব : তৰুণ গগৈ

মুকুট দাস by মুকুট দাস
August 10, 2018 10:26 am
Former-Assam-CM-Tarun-Gogoi-addressing-the-media.-Image-Northeast-Now-570x320

প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ। ফাইল ফটো।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিজেপিয়ে বিচৰা ধৰণে নাগৰিকত্ব (সংশোধনী) বিধেয়ক ২০১৬’ গৃহীত হ’লে এন আৰ চি পেলনীয়া কাগজত পৰিণত হ’ব। এই মন্তব্য কৰিছে ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা জ্যেষ্ঠ কংগ্ৰেছ নেতা তৰুণ গগৈয়ে।

বৃহস্পতিবাৰে গুৱাহাটীত এখন সংবাদমেলত গগৈয়ে কয় যে বিধেয়কখন গৃহীত হ’লে ২০১৪ চনৰ ৩১ ডিচেম্বৰ পৰ্যন্ত অসমত প্ৰৱেশ কৰা সকলো হিন্দু বাংলাদেশীয়ে নাগৰিকত্ব পাব। সেয়ে হ’লে এন আৰ চি উন্নীতকৰণৰ কোনো অৰ্থই নাথাকিব।

Apply Now

বিজেপিৰ সভাপতি অমিত শ্বাহক সমালোচনা কৰি প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে এন আৰ চি অসম চুক্তিৰ ‘আত্মা’ বুলি শ্বাহে কৈছে যদিও তেওঁলোকৰ আত্মা নাগৰিকত্ব (সংশোধনী) বিধেয়কতহে আছে।

আনহাতে, এন আৰ চিৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলা আৰু ভাৰতৰ মহাপঞ্জীয়ক শৈলেশক উচ্চতম ন্যায়ালয়ে ভৰ্ৎসনা কৰা প্ৰসংগত প্ৰতিক্ৰিয়া ব্যক্ত কৰি গগৈয়ে কয় যে তেওঁলোকে যে ভালকৈ কাম কৰা নাছিল সেয়া প্ৰমাণিত হৈছে।

চূড়ান্ত খচৰা প্ৰস্তুতিত যথেষ্ট ভুল হোৱা বুলি যি অভিযোগ উত্থাপন হৈছে সেয়া যে অসত্য নহয় সেয়াও প্ৰমাণিত হৈছে। হাজেলাই উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশো সঠিকভাৱে পালন কৰা নাই, যাৰ বাবে ন্যায়ালয়ে তেওঁক দায়িত্ব আৰু কৰ্তব্য সোঁৱৰাই দিবলগা হৈছে।

প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে স্থানীয় পৰ্যায়ত সন্দেহযুক্ত নাগৰিকক চিনাক্ত কৰাৰ বাবে কংগ্ৰেছ চৰকাৰে প্ৰস্তাৱ কৰা থানা পৰ্যায়ৰ কমিটী গঠনৰ প্ৰাসংগিকতা পুনৰ দোহাৰে। ন্যায়ালয়ে এই প্ৰস্তাৱ নাকচ কৰিছে যদিও ৰাজ্যিক পৰ্যায়ৰ ব্যৱস্থাৰে স্থানীয় পৰ্যায়ত সন্দেহযুক্ত লোকৰ সন্ধান পোৱাটো সম্ভৱ নহয় বুলি উল্লেখ কৰি গগৈয়ে কয় যে ন্যায়ালয়ক বিষয়টো পুনৰ বিবেচনা কৰাৰ বাবে কংগ্ৰেছে অনুৰোধ জনাব পাৰে। এই বিষয়ত তেওঁ দলত আলোচনা কৰিব বুলি জানিব দিয়ে।

আনহাতে, বৰ্তমান বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰৰ মিত্ৰজোঁটৰ অংশীদাৰ অসম গণ পৰিষদ দলক সমালোচনা কৰি গগৈয়ে কয়, ‘’ অগপয়ো দুমুখীয়া ভূমিকা পালন কৰিছে। অগপই নাগৰিকত্ব (সংশোধনী) বিধেয়ক ২০১৬’ৰ বিৰোধিতা কৰে আৰু অসম চুক্তি ৰূপায়নৰ বাবে দাবী কৰে। কিন্তু তেওঁলোকে চৰকাৰত থকা গেৰুৱা দলটোৰ সৈতে মিত্ৰতা ভংগ কৰিব নিবিচাৰে। এইটো মোৰ বাবে সাঁথৰ।‘’

মুকুট দাস

মুকুট দাস

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত তথ্য বিজ্ঞানৰ নতুন পাঠ্যক্ৰম আৰু চতুৰ্থ বৰ্ষত পোনপটীয়া নামভৰ্তিৰ সুযোগ

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত তথ্য বিজ্ঞানৰ নতুন পাঠ্যক্ৰম আৰু চতুৰ্থ বৰ্ষত পোনপটীয়া নামভৰ্তিৰ সুযোগ

June 27, 2026 7:40 am
ডিজিটেল ভাৰতত ঐতিহাসিক খোজ: এতিয়াৰে পৰা ঘৰত বহিয়েই নিজেই কৰিব পাৰিব নিজৰ লোকপিয়ল

ডিজিটেল ভাৰতত ঐতিহাসিক খোজ: এতিয়াৰে পৰা ঘৰত বহিয়েই নিজেই কৰিব পাৰিব নিজৰ লোকপিয়ল

June 27, 2026 6:45 am
আয়াৰলেণ্ডৰ বিৰুদ্ধে লজ্জাজনক পৰাজয়েৰে অধিনায়ক শ্রেয়সৰ অভিযান আৰম্ভ, বৈভৱক খেলিবলৈ নিদিয়াৰ মূল্য ভৰিলে ভাৰতে

আয়াৰলেণ্ডৰ বিৰুদ্ধে লজ্জাজনক পৰাজয়েৰে অধিনায়ক শ্রেয়সৰ অভিযান আৰম্ভ, বৈভৱক খেলিবলৈ নিদিয়াৰ মূল্য ভৰিলে ভাৰতে

June 26, 2026 9:48 pm
অৰুণাচল প্ৰদেশত ভয়ংকৰ পথ দুৰ্ঘটনা: সেনাৰ ট্ৰাক বাগৰি এজন জোৱানৰ কৰুণ মৃত্যু, দুজন আহত

অৰুণাচল প্ৰদেশত ভয়ংকৰ পথ দুৰ্ঘটনা: সেনাৰ ট্ৰাক বাগৰি এজন জোৱানৰ কৰুণ মৃত্যু, দুজন আহত

June 26, 2026 9:20 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত তথ্য বিজ্ঞানৰ নতুন পাঠ্যক্ৰম আৰু চতুৰ্থ বৰ্ষত পোনপটীয়া নামভৰ্তিৰ সুযোগ

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত তথ্য বিজ্ঞানৰ নতুন পাঠ্যক্ৰম আৰু চতুৰ্থ বৰ্ষত পোনপটীয়া নামভৰ্তিৰ সুযোগ

June 27, 2026 7:40 am
ডিজিটেল ভাৰতত ঐতিহাসিক খোজ: এতিয়াৰে পৰা ঘৰত বহিয়েই নিজেই কৰিব পাৰিব নিজৰ লোকপিয়ল

ডিজিটেল ভাৰতত ঐতিহাসিক খোজ: এতিয়াৰে পৰা ঘৰত বহিয়েই নিজেই কৰিব পাৰিব নিজৰ লোকপিয়ল

June 27, 2026 6:45 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd