DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 4, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

নাগৰিকত্ব বিধেয়ক সন্দৰ্ভত দলক প্ৰতাৰণা কৰিলে নেকি অগপৰ মন্ত্ৰীকেইজনে?

এন ই নাও নিউজ by এন ই নাও নিউজ
June 2, 2018 10:25 pm
Atul_Bora
96
VIEWS
Share on FacebookShare on Twitter

১ জুনত অনুষ্ঠিত চৰকাৰৰ কেবিনেট বৈঠকত অগপৰ মন্ত্ৰীকেইজনৰ ভূমিকা এতিয়া সমগ্ৰ ৰাজ্যত চৰ্চাৰ বিষয় হৈ পৰিছে। আনহাতে দলৰ ভিতৰতো এই কথাটোৱে অসন্তুষ্টিৰ সৃষ্টি কৰা বুলি খবৰ পোৱা গৈছে।

উল্লেখযোগ্য যে সমগ্ৰ অসমতে চলি থকা নাগৰিকত্ব সংশোধনী বিধেয়কৰ তীব্ৰ বিৰোধিতাৰ লগত তাল-মিল ৰাখি অগপয়ো বিধেয়কখনৰ বিৰোধিতা কৰি বিভিন্ন কাৰ্য্যসূচী লৈ আহিছিল। আনকি দলটোৱে বিধেয়কখন বাতিল নকৰিলে বিজেপিৰ সৈতে মিত্ৰতা ভংগ কৰাৰ ভাবুকি দি আহিছে। মাজে মাজে দলটোৱে এই বিষয়টোত এটা সৰ্বসন্মত সিদ্ধান্ত ল’বৰ বাবে চৰকাৰৰ কেবিনেট বৈঠকৰ দাবীও কৰি আহিছিল।

কিন্তু কালি অনুষ্ঠিত চৰকাৰৰ কেবিনেট বৈঠকত দলটোৰ মন্ত্ৰীকেইজনে সুবিধা পায়ো বিধেয়ক সন্দৰ্ভত একো এটাই নুলিয়ালে। অথচ আগদিনা দলৰ কাৰ্য্যালয়ত এই লৈ এখন বৈঠক অনুষ্ঠিত হৈছিল, য’ত চৰকাৰৰ কেবিনেট বৈঠকত বিধেয়কখনৰ বিৰোধিতাৰ সিদ্ধান্ত ল’বলৈ দাবী উত্থাপন কৰা হ’ব বুলি সিদ্ধান্ত লোৱা হৈছিল।

তাৰ পিছতো দলৰ মন্ত্ৰীকেইজনে বিষয়টো সন্দৰ্ভত কেবিনেট বৈঠকত একো এটা নোকোৱাটোৱে ৰহস্যৰ সৃষ্টি কৰিছে। স্বাভাৱিকতে দলৰ ভিতৰে-বাহিৰে প্ৰশ্ন হৈছে, মন্ত্ৰীকেইজনে এই ক্ষেত্ৰত দলক প্ৰতাৰণা কৰিলে নেকি? দলক আন্ধাৰত ৰাখি আৰু জাতিৰ স্বাৰ্থক পিছত ৰাখি মন্ত্ৰীকেইজনে নিজৰ ৰাজনৈতিক অংকত ব্যস্ত হ’ল নেকি? আজিৰ সংখ্যাৰ সীমিত সংখ্যক কাকতত দলটোৱে বিষয়টো উত্থাপন কৰিছিল বুলি বাতৰি ওলাইছে যদিও, সেয়া যে মিছা দলৰ সভাপতি আৰু কৃষি মন্ত্ৰী অতুল বৰা আৰু দলটোৰ এজন বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ ভাষ্যতে ওলাই পৰিছে।

মন্ত্ৰী তথা দলটোৰ সভাপতি অতুল বৰাই সংবাদ মাধ্যমৰ আগত কয় যে মুখ্য মন্ত্ৰীয়ে বিষয়টো সমন্বয়ৰক্ষী সমিতিৰ বৈঠকত আলোচনা কৰাৰ আশ্বাস দিয়া বাবে তেওঁলোকে কেবিনেট বৈঠকত নুলিয়ালে। আনহাতে ৰমেন্দ্ৰ নাৰায়ণ কলিতাই কয় যে কেবিনেট বৈঠকতে বিষয়টো উত্থাপন হ’বই লাগিব বুলি কোনো কথা নাই।

Recent News

এলোৰ্ডা কাপত ৰূপৰ পদক অৰ্জন অসমৰ তাৰকা বক্সাৰ যমুনা বড়োৰ

এলোৰ্ডা কাপত ৰূপৰ পদক অৰ্জন অসমৰ তাৰকা বক্সাৰ যমুনা বড়োৰ

মণিপুৰৰ ভূমিস্খলনত অসমৰ ৯ জনৰ মৃত্যুঃ প্ৰধানমন্ত্রী, কেন্দ্ৰীয় ৰেলমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ বিৰোধী দলপতি দেৱব্ৰত শ‍ইকীয়াৰ

মণিপুৰৰ ভূমিস্খলনত অসমৰ ৯ জনৰ মৃত্যুঃ প্ৰধানমন্ত্রী, কেন্দ্ৰীয় ৰেলমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ বিৰোধী দলপতি দেৱব্ৰত শ‍ইকীয়াৰ

বৃহত্তৰ বঙাইগাঁও প্ৰেছ ক্লাবত নবনীতা হাজৰিকাৰ ‘ বহুজন বহুৰূপ’ শীৰ্ষক গল্প সংকলন উন্মোচন

বৃহত্তৰ বঙাইগাঁও প্ৰেছ ক্লাবত নবনীতা হাজৰিকাৰ ‘ বহুজন বহুৰূপ’ শীৰ্ষক গল্প সংকলন উন্মোচন

বঙাইগাঁৱত পুলিচ ৰিপোৰ্ট প্ৰদানৰ নামত আৰক্ষী কনিষ্টবলৰ ধন দাবী, কনিষ্টবল মজিবৰ ৰহমানক গ্ৰেপ্তাৰ

বঙাইগাঁৱত পুলিচ ৰিপোৰ্ট প্ৰদানৰ নামত আৰক্ষী কনিষ্টবলৰ ধন দাবী, কনিষ্টবল মজিবৰ ৰহমানক গ্ৰেপ্তাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd