• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 26, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home অভিমত

নাগৰিকত্ব বিধেয়ক : ৩০ জুনলৈ অপেক্ষাৰ অন্তৰালত অভিসন্ধি কি বিজেপিৰ?

NE NOW NEWS ভাস্কৰজ্যোতি বৰা
গুৱাহাটী , June 7, 2018 4:35 pm

4 min read

06-06-18 Guwahati- AASU & karmachari parisad rally
166
VIEWS
Share on FacebookShare on Twitter

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ক্ৰমাৎ প্ৰতিবাদ তীব্ৰ হৈ অহাৰ লগে লগে অসম চৰকাৰ তথা বিজেপিৰ ভাষ্যও মন কৰিবলগীয়া হৈ পৰিছে। নাগৰিকত্ব সংশোধনী বিধেয়কৰ ক্ষেত্ৰত ৩০ জুনৰ পিছতহে চৰকাৰে মতামত প্ৰকাশ কৰিব। বিজেপিয়েও তেতিয়াহে নিজৰ স্থিতিৰ কথা ক’ব। এই ক্ষেত্ৰত চৰকাৰৰ স্থিতিক লৈ প্ৰশ্ন আহিলেই উত্তৰ আহে- ৩০ জুনলৈ অপেক্ষা কৰক। প্ৰথমে মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত চৰকাৰে ৩০ জুনৰ পিছত মতামত ৰাজহুৱা কৰিব বুলি কৈছিল। তাৰ পিছত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালেও ৩০ জুনলৈ অপেক্ষা কৰিবলৈ কৈছে। জাতিধ্বংসী এই বিধেয়কৰ ক্ষেত্ৰত কিয় ৩০ জুনলৈ অপেক্ষা কৰিব লাগে?

চৰকাৰৰ এই স্থিতিয়ে বিভিন্ন মহলত গভীৰ সন্দেহৰ জন্ম দিছে। কাৰণ ৩০ জুনত প্ৰকাশ পাব ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ চূড়ান্ত খচৰা। ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ সৈতে নাগৰিকত্ব সংশোধনী বিধেয়কৰ কি সম্পৰ্ক আছে? তাক লৈ প্ৰশ্ন কৰিছে অসমৰ ৰাইজে। সেই প্ৰশ্ন কৰাৰ অধিকাৰ আছে ৰাজ্যখনৰ জনসাধাৰণৰ।

ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী উন্নীতকৰণ হৈছে অসম চুক্তিৰ আধাৰত। আৰু উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা তথা কঠোৰ নিৰীক্ষণত। ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীত অসম চুক্তিৰ মতে ১৯৭১ চনৰ ২৫ মাৰ্চৰ পূৰ্বে অসমলৈ প্ৰব্ৰজন কৰা সকলো লোকৰে নাম অন্তৰ্ভুক্ত হ’ব। সকলো স্তৰৰ লোকৰ পূৰ্ণ সহযোগিতাত নাগৰিক পঞ্জী উন্নীতকৰণ প্ৰক্ৰিয়া চলি আছে। আনহাতে, নাগৰিকত্ব সংশোধনী বিধেয়ক হৈছে আমাৰ দেশৰ সংবিধানৰ পৰিপন্থী। ধৰ্মৰ ভিত্তিত নাগৰিকত্ব প্ৰদান কৰিবলৈ বিচৰা হৈছে এই সংশোধনীৰ জৰিয়তে। যাৰ চূড়ান্ত কু-ফল ভোগ কৰিব লাগিব অসমে। সেইবাবেই অসমত আৰম্ভ হৈছে শক্তিশালী গণ আন্দোলনৰ।

অসমৰ ৰাইজে কোনোপধ্যেই এই নাগৰিকত্ব সংশোধনী বিধেয়ক গ্ৰহণ নকৰে। যুটীয়া সংসদীয় সমিতিয়ে অসমলৈ শুনানি গ্ৰহণ কৰিবলৈ আহোতে কেনেদৰে খিলঞ্জীয়া লোক হিলদ’ল ভাঙি ওলাই আহিছিল তাক সকলোৱে দেখিলে।

বাংলাদেশী হিন্দুক ভাৰত তথা অসমত সংস্থাপন কৰিবলৈ মোদী চৰকাৰে কৰা গভীৰ ষড়যন্ত্ৰৰ বহিঃপ্ৰকাশ ঘটিছে এই সংশোধনী বিধেয়কৰ জৰিয়তে। হিন্দু বাংলাদেশীক নাগৰিকত্ব প্ৰদান কৰি অসমত খিলঞ্জীয়া জনগোষ্ঠীৰ অস্তিত্বৰ প্ৰতি ভাবুকি আনিব বিচাৰিছে বিজেপিয়ে।

বিতৰ্কিত বিধেয়কখনৰ বিৰুদ্ধে হোৱা প্ৰতিবাদৰ ভয়ংকৰ ৰূপ দেখি অন্য কৌশল ৰচনা কৰিছে বিজেপিয়ে।

৩০ জুনত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ চূড়ান্ত খচৰা প্ৰকাশ হ’লে বহুলোকৰ নাম বাদ পৰিব বুলি নিশ্চিত হৈছে অসম চৰকাৰ তথা বিজেপি। হিন্দু লোকতকৈ মুছলমান লোক অধিক বাদ পৰাৰ আশংকা আছে। তেতিয়াই বিজেপিয়ে আৰম্ভ কৰিব মেৰু বিভাজনৰ ৰাজনীতি। এন আৰ চিত অন্তৰ্ভুক্ত নোহোৱা মুছলমানৰ সংখ্যাধিক্যক লৈ আৰম্ভ কৰিব ৰাজনীতি। সেই সুযোগৰ অপেক্ষাত আছে অসম চৰকাৰ তথা বিজেপি।

এন আৰ চিত নাম বাদ পৰা লোকসকলৰ হৈ মাত মাতিব কংগ্ৰেছ আৰু এ আই ডি ইউ এফে। তেতিয়াই বিজেপিয়ে এনে এক ধাৰণা দিবলৈ বিচাৰিব যে- কংগ্ৰেছে বাংলাদেশৰ পৰা প্ৰব্ৰজন কৰা মুছলমানসকলৰ স্বাৰ্থৰ হৈ কথা কয়। তেওঁলোকক লৈ কংগ্ৰেছে ৰাজনীতি কৰে। এইখিনিতেই এটা দিশ মন কৰিব লাগিব যে- কংগ্ৰেছে এন আৰ চিত নাম বাদ পৰা সংখ্যালঘুৰ হৈ মাত মাতিবই। কাৰণ, নহ’লে এ আই ডি ইউ এফে এই ক্ষেত্ৰত সুযোগ গ্ৰহণ কৰিব। কংগ্ৰেছ নেতৃত্বই সেই সুযোগ কেতিয়াও এ আই ডি ইউ এফক দিবলৈ নিবিচাৰে। তেতিয়া বিজেপিয়ে কংগ্ৰেছ সংখ্যালঘুৰ দল বুলি এক ধাৰণা দিবলৈ চেষ্টা কৰিব। ইয়াৰ জৰিয়তে মেৰু বিভাজনৰ ৰাজনীতি অধিক ত্বৰান্বিত কৰিবলৈ সাজু হৈছে বিজেপি। সাম্প্ৰদায়িক বিভাজন আনি ৰাজ্যখনত ৰাজনৈতিকভাৱে শক্তিশালী হৈ থাকিব বিচাৰিছে গেৰুৱা বাহিনীয়ে। সেইবাবেই তেওঁলোকে অপেক্ষা কৰিছে ৩০ জুনলৈ।

কিন্তু বিজেপি তথা অসম চৰকাৰৰ এই স্থিতিৰ উমান পাই সজাগ হৈ পৰিছে সকলো। কোনো পধ্যেই যাতে সাম্প্ৰদায়িক, বিভাজনকামী শক্তিয়ে অসমত অঘটন ঘটাব নোৱাৰে তাৰবাবে সজাগ থাকিব লাগিব জনসাধাৰণ।

অহা ৩০ জুন হ’ব অসমৰ জাতীয় জীৱনৰ বাবে এক ঐতিহাসিক মুহূৰ্ত। ঐতিহাসিক অসম চুক্তিৰ আধাৰত উন্নীত কৰা নাগৰিক পঞ্জীৰ চূড়ান্ত খচৰা প্ৰকাশ পাব। আৰু সেই ঐতিহাসিক দিনটোৰ পৰাই বিজেপিয়ে আৰম্ভ কৰিব বিচাৰিব বিভাজনৰ ৰাজনীতি। সেইবাবে সকলোৱে এই কথাত সৰৱ হোৱা উচিত যে- নাগৰিক পঞ্জী আৰু নাগৰিকত্ব সংশোধনী বিধেয়ক একাকাৰ কৰিব বিচৰা অসম চৰকাৰ আৰু বিজেপিৰ এই অভিসন্ধি সফল হ’বলৈ দিব নোৱাৰি। গেৰুৱা বাহিনীৰ এই ষড়যন্ত্ৰ কাৰ্যকৰী হ’বলৈ হ’লে ভয়ংকৰ পৰিস্থিতিৰ উদ্ভৱ হ’ব। তাৰ বিৰুদ্ধে গণতান্ত্ৰিক, ধৰ্ম নিৰপেক্ষ শিবিৰ মাৰবান্ধি থিয় হ’ব লাগিব।

(লেখক এজন জ্যেষ্ঠ সাংবাদিক। তেখেতৰ ই মে’ইল ঠিকনা : [email protected])

Recent News

WhatsApp Image 2021-01-26 at 9.33.43 AM

শাৰীৰিক সম্পৰ্ক স্থাপনত ৰাজী নহ’ল ষষ্ঠ পত্নী; সপ্তম পত্নীৰ সন্ধান ৬৩বছৰীয়া বৃদ্ধৰ

760672-traffic-08-dna-750x375

পুৰণি গাড়ী পুহি ৰখাসকলৰ বাবে নতুন ‘বোজা’ৰ সংকেত! ‘সেউজ কৰ’ লগাব চৰকাৰে

santosh babu

গণতন্ত্ৰ দিৱসত মহাবীৰ চক্ৰৰে সন্মানিত কৰা হ’ব গালৱানৰ শ্বহীদ কৰ্ণেল সন্তোষ বাবুক

tarun-gogoi-1200x600-750x375

প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈলৈ মৰণোত্তৰভাৱে পদ্মভূষণ; আন ৮গৰাকী ব্যক্তিলৈ পদ্মশ্ৰী সন্মান

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd