DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, May 17, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত নগাঁৱত ‘আজু’ৰ উদ্যোগত নাগৰিক সভা

মিণ্টু দাস by মিণ্টু দাস
June 28, 2018 7:49 am
নগাঁবত নাগৰিক সভা
105
VIEWS
Share on FacebookShare on Twitter

” বিশ্বৰ অন্যতম গৌৰৱময় জাতি হৈছে অসমীয়া। কিন্তু সেই অসমীয়া জাতিক মষিমূৰ কৰিবৰ বাবে কেন্দ্ৰীয় চৰকাৰে নতুন নতুন ধাৰণা জাপি দিছে। সেই ধাৰণা সমুহৰ ভিতৰত অন্যতম হৈছে উগ্ৰ হিন্দুত্ববাদ। এই ধাৰণা চৰকাৰে পৰিকল্পিতভাবে অসমত জাপি দিছে। এই পৰিকল্পনাৰ অংশই হৈছে নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬।”

বুধবাৰে নগাঁও চহৰৰ ৰেনেছা কনিষ্ঠ মহাবিদ্যালয়ত সদৌ অসম সাংবাদিক সন্থা চমুকৈ আজুৰ নগাঁও আৰু হোজাই জিলা সমিতিৰ উদ্যোগত অনুষ্ঠিত নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীৰে হোৱা নাগৰিক সভাত এইদৰে মন্তব্য কৰে নিউজ ১৮ নৰ্থ ইষ্ট অসমৰ মুখ্য সম্পাদক পৰাগমণি আদিত্য‌ই।

অসমৰ ঐতিহাসিক প্ৰেক্ষাপটৰ প্ৰসংগ উল্লেখ কৰি তেওঁ কয়  যে অসমৰ ঐতিহাসিক প্ৰেক্ষাপট ইমান শক্তিশালী আছিল যে অসমে বহি:ৰাষ্ট্ৰৰ লগতো সাংস্কৃতিক ভাৱধাৰাৰ আদান প্ৰদান কৰিছিল। অসমে সুদীৰ্ঘ কাল ধৰি নিজৰ সংস্কৃতি, বিজ্ঞান, আচাৰ-ব্যৱহাৰ জীয়াই ৰাখিছে। আমি সেই গৌৰৱময় ঐতিহ্যক এতিয়াও অক্ষুন্ন ৰাখিব লাগিব।

মিডিয়া ষ্ট্ৰাষ্টৰ কাৰ্যবাহী ন্যাসৰক্ষী ড: আবু হানিফাই সভাপতিত্ব কৰা সভাখনৰ উদ্ধোধনী ভাষণত আজুৰ কেন্দ্ৰীয় সভাপতি পংকজ কুমাৰ নাথে কয় যে জাতীয় জীৱনৰ এই জটিল সন্ধিক্ষণত অসমৰ কোনো ব্যক্তি নীৰৱে থাকিব নোৱাৰে। নাগৰিকত্ব বিধেয়কখন গৃহীত কৰাৰ ষড়যন্ত্ৰৰে কেন্দ্ৰৰ বিজেপি চৰকাৰে আমাৰ মাতৃভাষা আৰু অখণ্ডতাৰ প্ৰতি ভাবুকি আনিব বিচাৰিছে। ইয়াৰ বিৰুদ্ধে আমি সমগ্ৰ অসমতে সংগ্ৰামী গণ জাগৰণ সৃষ্টি কৰিব লাগিব।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক সমালোচনা কৰি নাথে আৰু কয় ২০১৪ৰ ১৬ মে’ৰ পিছত বিদেশীয়ে টালি-টোপোলা বান্ধিব বুলি কোৱা নৰেন্দ্ৰ মোদীয়ে এতিয়া সম্পূৰ্ণ বিপৰীত ভূমিকা গ্ৰহণ কৰিছে। একেদৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালেও নিজৰ স্থিতি স্পষ্ট কৰা নাই। পৰিস্থিতি এনেদৰে থাকিলে ২০১৯ আৰু ২০২১ চনত কেন্দ্ৰ আৰু ৰাজ্যৰ বিজেপি চৰকাৰেই টালি-টোপোলা বান্ধিব লাগিব।

সভাখনত ভাষণ প্ৰদান কৰি দৈনিক অসমৰ সহকাৰী সম্পাদক অতুল্য মাধৱ গোস্বামীয়ে কয় মই নাগৰিকত্ব সংশোধনী বিধেয়কখন বিৰোধিতা কৰোঁ। কিন্তু এই বিধেয়কখনৰ বিৰুদ্ধে সৃষ্টি হোৱা গণ জাগৰণৰ সময়ত আমি এটা বিষয়তো দৃষ্টি দিব লাগিব যে ইয়াৰ সুবিধা লৈ যাতে কোনেও ৰাজনৈতিক সুবিধা ল’ব নোৱাৰে। এই জাগৰণৰ জৰিয়তে ৰাজনৈতিক মুনাফা আদায়ৰ চেষ্টা চলোৱা সকলক চিনাক্ত কৰিব লাগিব। ইয়াৰ নেতৃত্ব অসমৰ জাতীয় সংগঠন সমুহে ল’ব লাগিব। গোস্বামীয়ে নাগৰিকত্ব বিধেয়কখনৰ বিৰুদ্ধে আজুৱে আৰম্ভ কৰা জনমত গঠনৰ এই প্ৰচেষ্টাৰ শলাগ লয়।

আছাম ট্ৰিবিউন এমপ্লয়িজ ইউনিয়নৰ সাধাৰণ সম্পাদক দুগ্ধৰাম কলিতাই কয় যে এনে সংকটৰ বিৰুদ্ধে যুঁজিবলৈ আমি আমাৰ কৰ্ম-সংস্কৃতি অধিক উন্নীত কৰিব লাগিব। দিল্লীকে ধৰি বহি: ৰাজ্যৰ লগত ফেৰ মাৰিব পৰাকৈ উচ্চ পদবীধাৰী বিষয়াৰ সৃষ্টি কৰিব লাগিব। যাতে আমাক কোনেও মাহী আইৰ চকুৰে চাব নোৱাৰে।

অসমীয়া সাহিত্য সন্মিলনীৰ ৰাজ্যিক সহকাৰী সম্পাদক ধনঞ্জয় তালুকদাৰ আৰু সাংবাদিক চন্দনজ্যোতি বৰাই আঁত ধৰা অনুষ্ঠানটোত আদিভাষী জাতীয় মহাসংঘৰ সভাপতি বীৰেন মিৰ্ধা, সদৌ অসম গৰিয়া-মৰিয়া দেশীয় জাতি পৰিষদৰ নগাঁও জিলা সমিতিৰ সভাপতি কাফিল আহমেদ, আমছুৰ সভাপতি কামৰুজ জামান চৰকাৰ, কৃষক মুক্তি সংগ্ৰাম সমিতিৰ জিলা সভাপতি খগেন গায়ন, সম্পাদক জীতেন বৰা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতিৰ উপ-সভাপতি মনোজ সিং ৰাজা, যুটীয়া সম্পাদক প্ৰাগজ্যোতিক বনীয়া, কৃষক শ্ৰমিক উন্নয়ন পৰিষদৰ কেন্দ্ৰীয় সভাপতি মুকুল বৰা, সম্পাদক উৎপল বৰুৱা, জিলা সভাপতি প্ৰদীপ শ‌ইকীয়া, সম্পাদক অম্লান জ্যোতি মহন্ত, অসম যুৱ পৰিষদৰ নগাঁও জিলা সমিতিৰ সম্পাদক ৰঞ্জন বৰা, জ্যেষ্ঠ সাংবাদিক ৰাজেন বৰকাকতী, বিশিষ্ট সমাজসেৱী মুকুট ভূঞা, আছাম ট্ৰিবিউন এমপ্লয়িজ ইউনিয়নৰ সভাপতি শান্তনভ হাজৰিকা, উপ-সভাপতি পাৰ্থপ্ৰতীম হাজৰিকা, কাৰ্যবাহী সদস্য ভাস্কৰ দাস, নন্দৰাম বৰদলৈ আদি বিশিষ্ট ব্যাক্তি সকল উপস্থিত থাকে।

আজুৰ নগাঁও জিলা সমিতিৰ সম্পাদক নিলোৎপল বৰাই আদৰণি ভাষণ প্ৰদান কৰা সভাখনতে ৰাষ্ট্ৰীয় পৰ্যায়ৰ খ্যাতিসম্পন্ন চলচ্চিত্ৰ পৰিচালক পাৰ্থজিৎ বৰুৱাক আজুৰ তৰফৰ পৰা আদৰণি জনোৱা হয়। সভাখনত আজুৰ নগাঁও জিলা সমিতিৰ সভাপতি হৰেশ্বৰ বৰা, কাৰ্যকৰী সভাপতি ফাইজুৰ ৰহমান, সহকাৰী সম্পাদক ভাস্কৰজ্যোতি শইকীয়া, হোজাই জিলা সমিতিৰ সভাপতি সুব্ৰত চৰকাৰ, সম্পাদক প্ৰণৱ শৰ্মা, কেন্দ্ৰীয় সদস্য চাদিকুজ জামান, সাংবাদিক পলাশপ্ৰতীম হাজৰিকা, আজুৰ বিষয়-ববীয়া তপন কটকী, জ্যেষ্ঠ সাংবাদিক জীতেন বৰকটকী, ৰকিবুল ৱাহিদ, নাজিম আহমেদ, আবু আনচাৰী, মোজ্জামিল হক আদিও উপস্থিত থাকে।

Recent News

zero shadow day মায়ানগৰী মুম্বাইত অদ্ভুত ঘটনা: আকাশত সূৰ্য থকাৰ পিছতো মাটিত নপৰা হ’ল একো বস্তুৰে ছাঁ !

zero shadow day মায়ানগৰী মুম্বাইত অদ্ভুত ঘটনা: আকাশত সূৰ্য থকাৰ পিছতো মাটিত নপৰা হ’ল একো বস্তুৰে ছাঁ !

Thieves return stolen idols

দু: স্বপ্নত ত্ৰাহি মধুসূদন: চোৰে উভতাই থৈ গ’ল মন্দিৰৰ চুৰ কৰা সামগ্ৰী, লিখি থৈ গ’ল স্বীকাৰোক্তি পত্ৰ

Chief Justice of Gauhati High Court

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে নিযুক্ত হ’ব ন্যায়াধীশ ৰশ্মিন মানহৰভাই ছায়া

অনিৰ্দিষ্টকাললৈ পিছুৱাই দিয়া হৈছে উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ পৰীক্ষা: শিক্ষামন্ত্ৰীৰ ঘোষণা

অনিৰ্দিষ্টকাললৈ পিছুৱাই দিয়া হৈছে উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ পৰীক্ষা: শিক্ষামন্ত্ৰীৰ ঘোষণা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd