• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, July 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নাগৰিকত্ব সংশোধনী বিধেয়কে সংবিধানৰ মূল সৌধ আৰু আদৰ্শতে আঘাত হানিছে : অখিল গগৈ গগৈ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
April 28, 2018 8:42 pm
‘নাগৰিকত্ব সংশোধনী বিধেয়ক আৰু অসমৰ ৰাজনৈতিক ভবিষ্যত’ সন্দৰ্ভত বক্তৃতা দি থকা অৱস্থাত অখিল গগৈ। শনিবাৰে, গুৱাহাটীৰ অসম সাহিত্য সভা ভৱনৰ প্ৰেক্ষাগৃহত। ফটো : য়ু বি।

‘নাগৰিকত্ব সংশোধনী বিধেয়ক আৰু অসমৰ ৰাজনৈতিক ভবিষ্যত’ সন্দৰ্ভত বক্তৃতা দি থকা অৱস্থাত অখিল গগৈ। শনিবাৰে, গুৱাহাটীৰ অসম সাহিত্য সভা ভৱনৰ প্ৰেক্ষাগৃহত। ফটো : য়ু বি।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘নাগৰিকত্ব সংশোধনী বিধেয়কে সংবিধানৰ মূল সৌধ আৰু আদৰ্শত আঘাত হানিছে। এই বিধেয়কে সংবিধানৰ ১৪ নং অনুচ্ছেদৰ (article) সমতাৰ অধিকাৰ, ১৫, ১৬, ২৫, ২৬ আৰু ২৭ নং অনুচ্ছেদৰ লগতে ‘ধৰ্মনিৰপেক্ষতা’ শব্দটোক প্ৰত্যাহ্বান জনাইছে। বিজেপিৰ নেতাসকলে ধৰ্মনিৰপেক্ষ শব্দটো ৪২ তম সংশোধনীৰ পিছত অৰ্থাৎ ১৯৭৬ চনৰ পিছত অহা বুলি ক’লেও উচ্চতম ন্যায়ালয়ে ৰায় দিছে যে সংবিধান গৃহীত হোৱাৰ দিনাৰে পৰাই ধৰ্মনিৰপেক্ষতা শব্দটো সংবিধানৰ অবিচ্ছেদ্য অংগ।‘

শনিবাৰে অসম সাহিত্য সভা ভৱনৰ প্ৰেক্ষাগৃহত ‘নাগৰিকত্ব সংশোধনী বিধেয়ক আৰু অসমৰ ৰাজনৈতিক ভবিষ্যত’ সন্দৰ্ভত নিজৰ বক্তব্য ৰাখি এই মন্তব্য কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা অখিল গগৈয়ে।

Apply Now

‘আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ত এগৰাকী প্ৰভাৱশালী প্ৰধান  মন্ত্ৰী’ বুলি আখ্যা দি গগৈয়ে নৰেন্দ্ৰ মোদীৰ প্ৰতি প্ৰশ্ন উত্থাপন কৰি কয়, ‘বাংলাদেশৰ হিন্দু নাগৰিকজনক, পাকিস্তানৰ শিখ নাগৰিকজনক আৰু আফগানিস্তানৰ বৌদ্ধ নাগৰিকজনক যদি ইমানেই অত্যাচাৰ কৰা হৈছে, তেন্তে আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ৰ প্ৰভাৱশালী প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সেইসকলক ভাৰতলৈ মাতি অনাতকৈ সেই দেশৰ চৰকাৰৰ সৈতে এটা কূটনৈতিক সম্পৰ্ক স্থাপনেৰে সেই লোকসকলক নিৰাপদ স্থানত সংস্থাপন দিয়াৰ ব্যৱস্থা নকৰে কিয়? যদি তেনে কৰিবই নোৱাৰে তেন্তে আপোনাৰ বৈদেশিক দক্ষতাৰ অৰ্থ কি হ’ব?’

তদুপৰি কৃষক নেতাজনে বিজেপি আৰু আৰ এছ এছে সংবিধানৰ নীতি-নিৰ্দেশনা অৱমাননা কৰা বুলি মন্তব্য কৰাৰ লগতে কয়, ‘সংবিধানৰ এটা ঘাই বৈশিষ্ট্য আছিল যে জন্মসূত্ৰে নাগৰিকত্ব লাভ কৰা। ৰোমান ভাষাত ইয়াক জাছলি(Jussoli) বুলি কোৱা হয়।

সংবিধান বিশেষজ্ঞসকলে ক’ব খোজে যে সেই শব্দটো আৰ এছ এছ আৰু বিজেপি নেতাই সলনি কৰি জাচচেংগুইন কৰিব খুজিছে। জাচচেংগুইনৰ অৰ্থ- তেজৰ ভিত্তিত বা বৰ্ণভিত্তিত অথবা ধৰ্মভিত্তিত নাগৰিকত্ব লাভ। পি এছ দেশমুখেও সংবিধানক কেন্দ্ৰ কৰি হোৱা তৰ্কত বৰ্ণ অথবা ধৰ্মৰ ভিত্তিত নাগৰিকত্ব লাভ কৰাৰ বিস্তৃত বৰ্ণনা কৰিছিল। সেই একে সুৰতে সুৰ মিলাই আৰ এছ এছ আৰু বিজেপিয়ে ধৰ্মৰ ভিত্তিত নাগৰিকত্ব প্ৰদান কৰিবৰ বাবে উঠি-পৰি লাগিছে।

‘নাগৰিকত্ব সংশোধনী বিধেয়ক আৰু অসমৰ ৰাজনৈতিক ভবিষ্যত’ শীৰ্ষক আলোচনাসভাত উপস্থিত দৰ্শক-শ্ৰোতাৰ একাংশ। শনিবাৰে, গুৱাহাটীৰ অসম সাহিত্য সভা ভৱনৰ প্ৰেক্ষাগৃহত। ফটো : য়ু বি।

‘বিজেপি আৰু আৰ এছ এছে শৰণাৰ্থী আৰু নাগৰিকৰ মাজত থকা পাৰ্থক্য সন্দৰ্ভত জনসাধাৰণক বিভ্ৰান্তিত পেলাই আহিছে। য়ু এন অ’ৰ ১৯৫১ চনৰ প্ৰটকল অনুসৰিয়েই পৃথিৱীৰ কোনো এখন দেশত অন্য এখন দেশৰ লোকক শৰণাৰ্থী হিচাপে আশ্ৰয় দিবলৈ বাধ্য। ভাৰতবৰ্ষই এই প্ৰট’কলত স্বাক্ষৰ কৰা নাই যদিও ইয়াৰ প্ৰতি সন্মান জনাই অন্য দেশৰ লোকক শৰণাৰ্থী হিচাপে ৰাখি আছে। কিন্তু বিজেপি আৰু আৰ এছ এছে শৰণাৰ্থী আৰু নাগৰিকৰ মাজৰ পাৰ্থক্যটো নাইকিয়া কৰি অসমবাসীক ব্লেকমেইলিং কৰিব খুজিছে। শৰণাৰ্থীসকল নিৰ্ধাৰিত সময়ৰ বাবেহে কোনো এখন দেশত আশ্ৰয় ল’ব পাৰে, যি দেশৰ পৰা আহিছিল, সেই দেশৰ স্বাভাৱিক অবস্থা ঘূৰি আহিলে তেওঁলোকক সেই দেশলৈ পঠোৱাৰ ব্যৱস্থা কৰা হয়।‘ অখিল গগৈয়ে কয়।

আনহাতে, গগৈয়ে নাগৰিকত্ব সংশোধনী বিধেয়ক সম্পৰ্কত কেন্দ্ৰীয় চৰকাৰে ৰাজ্যৰ মুখ্য সচিবসকললৈ প্ৰেৰণ কৰা জাননীৰ তথ্য দাঙি ধৰি কয় যে ২০১৬ চনৰ ২০ আগষ্টৰ দিনা এখন জাননী জাৰি কৰা হৈছিল। সেই জাননীখনত উল্লেখ থকা অনুসৰি বাংলাদেশ, পাকিস্তান, আফগানিস্তানৰ পৰা  দীৰ্ঘম্যাদী ভিছা লাভ কৰা সংখ্যালঘুসকলে ভাৰতত বেংক একাউণ্ট মুকলি কৰিব পাৰিব, সম্পত্তি ক্ৰয় কৰাৰ লগতে ব্যৱসায়-বাণিজ্য কৰিব পাৰিব, আত্মনিয়োজিত হোৱাৰ বাবে অনুমতি পাব, পানকাৰ্ড, আধাৰ কাৰ্ড, যান-বাহন চলোৱা অনুজ্ঞাপত্ৰ লাভ কৰিব পাৰিব। লগতে ইচ্ছানুযায়ী এখন ৰাষ্ট্ৰৰ পৰা আন এখন ৰাষ্ট্ৰলৈ স্থানান্তৰো হ’ব পাৰিব। ভাৰতলৈ আহি এইসকলে যদি বিদেশীৰ পৰা স্বদেশী হ’ব খোজে তেন্তে এখন প-পত্ৰ পূৰণ কৰি ১০০ টকা মাননি দিলেই তেওঁলোকে নাগৰিকত্ব লাভ কৰিব পাৰে।

অসমত নাগৰিকত্ব সংশোধনী বিধেয়কৰ ৰাজনৈতিক প্ৰভাৱ সম্পৰ্কে ক’বলৈ গৈ ব্ৰিটিছ আমোলৰ ঘটনাৰ সৈতে তুলনা কৰি গগৈয়ে কয়, “ব্ৰিটিছসকলে অসমত চাহ বাগান স্থাপন কৰাৰ বাবে মধ্য ভাৰতৰ পৰা অসমলৈ চাহ শ্ৰমিকসকলক অনাৰ সিদ্ধান্তৰ ফলস্বৰূপে অসমৰ ৰাজনৈতিক, অৰ্থনৈতিক আৰু সামাজিক সমীকৰণ সলনি হৈ গৈছিল। ঠিক সেইদৰে নাগৰিকত্ব সংশোধনী বিধেয়কৰ জৰিয়তে বাহিৰৰ দেশৰ লোকসকলক অসমলৈ আনিলে সেই একেই অনুৰূপ ঘটনা সংঘটিত হ’ব পাৰে। দিত্বীয়তে কটন কলেজৰ প্ৰতিষ্ঠাপক হেনৰি কটন চাহেবে ১৮৯৭ চনত লোৱা সিদ্ধান্তৰ ফলস্বৰূপে ১৯০৪ আৰু ১৯০৫ চনত  মৰাপাট খেতি কৰিবৰ বাবে আদিবাসী তথা মিঞা মুছলমানসকলক নামনি অসমলৈ ব্যাপক ৰূপত প্ৰব্ৰজন ঘটিছিল। তেতিয়াও অসমৰ সামাজিক, ৰাজনৈতিক আৰু অৰ্থনৈতিক সমীকৰণ সলনি হৈ গৈছিল। সেই অনুৰূপ পৰিস্থিতি নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত হ’লে পুনৰবাৰ সৃষ্টি হ’ব।”

কৃষক মুক্তিৰ আজিৰ এই কাৰ্য্যসূচীত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, চাহ শ্ৰমিক মুক্তি সংগ্ৰাম সমিতি আৰু  নাৰী মুক্তি সংগ্ৰাম সমিতিৰ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা অহা প্ৰায় পাঁচ শতাধিক লোকে অংশগ্ৰহণ কৰে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

July 6, 2026 8:49 pm
যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

July 6, 2026 8:23 pm
কিয় সফল নহ’ল চুপা চুপি?

কিয় সফল নহ’ল চুপা চুপি?

July 6, 2026 8:04 pm
উদ্যোগপতিৰ স্বাৰ্থত ধ্বংস হ’ব নেকি ডেপোটা হাতী বিচৰণ পথ! চৰকাৰী প্ৰচেষ্টাৰ বিৰুদ্ধে সৰৱ ‘হাতী বন্ধু’কে ধৰি প্ৰকৃতিপ্ৰেমী সংগঠন

উদ্যোগপতিৰ স্বাৰ্থত ধ্বংস হ’ব নেকি ডেপোটা হাতী বিচৰণ পথ! চৰকাৰী প্ৰচেষ্টাৰ বিৰুদ্ধে সৰৱ ‘হাতী বন্ধু’কে ধৰি প্ৰকৃতিপ্ৰেমী সংগঠন

July 6, 2026 7:49 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

July 6, 2026 8:49 pm
যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

July 6, 2026 8:23 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd