DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 6, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত গৌৰীসাগৰত আছুৰ নেতৃত্বত গণ বিক্ষোভ কাৰ্যসূচী

ৰাজীৱ দত্ত by ৰাজীৱ দত্ত
May 24, 2018 5:18 pm
89
VIEWS
Share on FacebookShare on Twitter

নাগৰিকত্ব সংশোধনীয় বিধেয়ক, ২০১৬ বাতিলৰ দাবীত সমগ্ৰ ৰাজ্য জুৰি বিভিন্ন দল সংগঠনে পৰিবেশ উত্তাল কৰি  তোলাৰ সময়তে শিৱসাগৰ জিলাৰ গৌৰীসাগৰতো  গৌৰীসাগৰ আঞ্চলিক ছাত্ৰ সন্থাৰ আহ্বানত আজি হাতে হাতে প্লে কাৰ্ড, বেনাৰ লৈ নাগৰিকত্ব সংশোধনীয় বিধেয়ক বাতিল কৰাৰ দাবী জনাই বিভিন্ন দল-সংগঠন নিৰ্বিশেষে কেইবা শতাধিক ছাত্ৰ-ছাত্ৰী তথা ৰাইজ ৰাজপথলৈ ওলাই আহিল।

প্ৰতিবাদকাৰী সকলে ‘নাগৰিকত্ব সংশোধনীয় বিধেয়ক, ২০১৬ বাতিল কৰক, ভাৰত বাংলাদেশ সীমান্ত চীল কৰক, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল মুৰ্দাবাদ, অসম চৰকাৰ হায় হায়, বাংলাদেশীক খেদিবলৈ ওলাই আহ, আদি প্ৰতিবাদী শ্ল’গানেৰে গৌৰীসাগৰ অঞ্চলৰ ৰাজপথ উত্তাল কৰি তোলে।

লগতে গণ বিক্ষোভ কাৰ্যসূচীৰ পূৰ্বে এখন প্ৰতিবাদী সভাও অনুষ্ঠত হয় সাপ্তাহিক মঙলবৰীয়া বজাৰ তিনি আলিত। আছুৰ শিৱসাগৰ জিলা সমিতিৰ সাংগঠনিক সম্পাদক দেবব্ৰত দাসে আতঁ ধৰা সভাত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ শিৱসাগৰ জিলা সমিতিৰ সভাপতি দিব্যজ্যোতি দাসে ভাষণ প্ৰদান কৰি কয় যে জাতি মাটি ভেটি সুৰক্ষা দিয়াৰ কথা কৈ শাসনৰ গাদী দখল কৰা সৰ্বানন্দ সোণোৱাল চৰকাৰে শাসনলৈ আহিয়ে বাংলাদেশক মাটি হস্তান্তৰ কৰিলে। তাৰ পাছত আকৌ বিতৰ্কিত বিধেয়কখনৰ জৰিয়তে অসমত বাংলাদেশীক নাগৰিকত্ব প্ৰদান কৰিব বিচাৰিছে।

গতিকে চৰকাৰৰ এনে দুমুখীয়া নীতি কোনোপধ্যে মানি লোৱা নহ’ব বুলি সকীয়াই দি কয় যে বিধেয়কখন গৃহিত হ’লে অসমীয়া ৰাইজৰ ৰাজনৈতিক সাহিত্য সংস্কৃতি সকলো অধিকাৰ বাংলাদেশীৰ হাতত যাব।

আছুৰ জিলা সমিতিৰ উপ সভাপতি ৰঞ্জন কোৱঁৰে যদি বিধেয়কখন বাতিল নকৰে অনাগত দিনত ইয়াতকৈও জংগী আন্দোলন গঢ়ি তোলা হ’ব বুলি হুংকাৰ প্ৰদান কৰে।

আনহাতে আছুৰ জিলা সমিতিৰ উপদেষ্টা গোবিন ফুকনে অসমীয়া জাতিৰ লগতে ভাষা সাহিত্য সংস্কৃতিৰ প্ৰতি ভাবুকি নামি অহা বুলি কয়। লগতে তেওঁ জাতি বৰ্ণ দল নিৰ্বিশেষে সকলো ৰাইজক একগোট হ’বলৈ আহ্বান জনায়।

ইয়াৰ পিছতে গণ বিক্ষোভত অংশ গ্ৰহণ কৰা প্ৰতিবাদী দলটো ৩৭নং  ৰাষ্ট্ৰীয় ঘাইপথেদি গৈ ঐতিহাসিক নগা আলিৰ পৰা পুনৰ ঘূৰি আহি গৌৰীসাগৰ পৰিবহণ নিগমৰ ৰাজ্যিক বাছ আস্থানত সামৰণি পৰে।

গণ বিক্ষোভ কাৰ্যসূচীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ গৌৰীসাগৰ আঞ্চলিক সমিতি, অনুসূচিত জাতি মহিলা পৰিষদ, গৌৰীসাগৰ হনুমান মন্দিৰ পৰিচালনা সমিতি, গৌৰীসাগৰ ব্যৱসায়ী সন্থা, সিংখাপ মহিলা সমিতি, নামদাং জাগৰণ মঞ্চৰ উপৰিও কেইবাখনো বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী তথা আছুৰ প্ৰাক্তন নেতা ক্ৰমে বিশিষ্ট ব্যৱসায়ী বৰুণ বৰা ৰাজু কলিতা আৰু নৱজ্যোতি শইকীয়াৰ লগতে অঞ্চলটোৰ বহু সংখ্যক বিশিষ্ট ব্যক্তিয়ে অংশ গ্ৰহণ কৰে।

Recent News

BJP

বিজেপিৰ ৰাজনীতি আৰু অমিত শ্বাহৰ দাম্ভিক ভৱিষ্যতবাণী বনাম দেশৰ গণতান্ত্ৰিক ব্যৱস্থা

Assam Govt

ৰাজ্যিক কেবিনেটত গুৰুত্বপূৰ্ণ সিদ্ধান্ত: ৰাজ্যৰ পাঁচ ইছলাম ধৰ্মীয় জনগোষ্ঠীলৈ অসমীয়া খিলঞ্জীয়া মুছলমানৰ স্বীকৃতি

Kirtikamal Borah encounter

ভুৱা প্ৰমাণিত কীৰ্তিকমল বৰাৰ এনকাউণ্টাৰ: আৰক্ষী বিষয়া প্ৰদীপ বনিয়াৰ বিৰুদ্ধে CID- এ দাখিল কৰিলে চাৰ্জশ্বীট

Hissing noise from private part

অণ্ডকোষৰ পৰা ওলায় সাপৰ ফুচফুচনিৰ দৰে শব্দ! বিৰল ঘটনাই লগাইছে খলকনি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd