নাজিৰাত এখন আদৰ্শ চিকিৎসালয় স্থাপনত অনুমোদন ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ

nhm Model-hospital at nazira

প্ৰতিনিধিত্বমূলক ছবি

শিৱসাগৰ জিলাৰ নাজিৰাত এখন আদৰ্শ চিকিৎসালয় স্থাপনত অনুমোদন জনাইছে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানে।

সমষ্টিবাসীক উন্নত চিকিৎসাৰ সুবিধা যোগাব লগা এই ৩০ খন বিচনাযুক্ত চিকিৎসালয়খন নাজিৰাৰ বাউলীপুখুৰীত স্থাপন কৰা হ’ব।

সমষ্টিটোৰ বিধায়ক তথা বিধানসভাত বিৰোধী পক্ষৰ নেতা দেৱব্ৰত শইকীয়াই এই অনুমোদনত আনন্দ প্ৰকাশ কৰিছে।

শইকীয়াই এন ই নাওক জনায়, ‘অৱশেষত এন এইচ এমে নাজিৰা সমষ্টিৰ বাবে এই চিকিৎসালয়খন অনুমোদন জনোৱাক লৈ মই আনন্দিত। চিকিৎসালয়খন ইয়াত স্থাপনৰ বাবে মই দীৰ্ঘদিন ধৰি এন এইচ এমৰ সৈতে লাগি আছিলো। মোৰ সমষ্টিবাসীৰ বহুদিনীয়া প্ৰয়োজন এটা ই পূৰণ কৰিলে।’

বাউলীপুখুৰীৰ বাসিন্দা ৰমেশ মুণ্ডাই চিকিৎসালয়খন স্থাপনে ৰাইজৰ দীৰ্ঘদিনীয়া সমস্যা এটাৰ ওৰ পেলালে বুলি মন্তব্য কৰিছে।

জানিব পৰা মতে দুমহলীয়াকৈ নিৰ্মাণ হ’ব লগা চিকিৎসালয়খনৰ চৌহদতে চিকিৎসক আৰু নাৰ্চৰ বাবে আৱাসৰো ব্যৱস্থা থাকিব।

চিকিৎসালয়খনত এটা পৰিয়াল কল্যাণ কেন্দ্ৰ, নৱজাতক ৰখা বিশেষ ঠাইৰ সুবিধা থকা প্ৰসূতি গৃহকে ধৰি ৰোগী চোৱা আৰু চিকিৎসা প্ৰদানৰ সুকীয়া সুকীয়া কোঠা থাকিব।