• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 22, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

নিৰ্বাচনী আৰ্হি আচৰণ বিধি উলংঘা কৰাৰ অপৰাধত অসমৰ মন্ত্ৰী পল্লৱলোচন দাসক ত্ৰিপুৰাত আটক

NE NOW NEWS এন ই নাও নিউজ
আগৰতলা , February 16, 2018 11:28 pm

2 min read

নিৰ্বাচনী আৰ্হি আচৰণ বিধি উলংঘা কৰাৰ অপৰাধত অসমৰ মন্ত্ৰী পল্লৱলোচন দাসক ত্ৰিপুৰাত আটক

আগৰতলাত অসমৰ শক্তি মন্ত্ৰী পল্লৱলোচন দাস।

135
VIEWS
Share on FacebookShare on Twitter

আজি নিৰ্বাচনী প্ৰচাৰ অন্ত পৰা ত্ৰিপুৰাত অসমৰ শক্তি মন্ত্ৰী পল্লৱলোচন দাস আচম্বিতে আটক হোৱাৰ ঘটনাই ৰাজ্যখনৰ ৰাজনীতিত এক প্ৰকাৰৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। এটা সূত্ৰৰ পৰা জানিব পৰা গৈছে যে মন্ত্ৰীজনে নিৰ্বাচনী প্ৰচাৰৰ সময়সীমা পাৰ হোৱাৰ পিছতো প্ৰচাৰৰ কামত ব্যস্ত হৈ আছিল।

তেওঁ নিৰ্বাচনী আৰ্হি আচৰণ বিধি উলংঘা কৰা বুলি চি পি আই (এমে) নিৰ্বাচন আয়োগক অভিযোগ দিয়ে। ইয়াৰ পিছতে তেওঁক তৎপৰতাৰে আটক কৰা হয় বুলি সূত্ৰটোৱে জনাইছে। মন্ত্ৰীজনক গাণ্ডাচেৰা আৰক্ষীয়ে আটক কৰিছে ।

আনহাতে সূত্ৰটোৱে জনোৱামতে তেওঁৰ হাতত কেইবাটাও ডাঙৰ বেগ আছিল বুলিও অভিযোগত উল্লেখ আছে বুলি জনাইছে। লগতে তেওঁ উনাকুতি জিলাৰ এছ পিৰ নাম সম্বলিত ভুৱা পাছ যুক্ত এখন গাড়ী ব্যৱহাৰ কৰা বুলিও জানিবলৈ দিয়ে সূত্ৰটোৱে।

মন্ত্ৰীজনে ধলাই ৪৪ নং ৰাইমা ভেলি সমষ্টিত এই আৰ্হি আচৰণ বিধি ভংগৰ ঘটনা সংঘটিত কৰিছিল বুলি জানিব পৰা গৈছে। আইন ভংগৰ কাৰ্য্যৰ বাবে স্থানীয় ৰাইজে তেওঁক আবদ্ধ কৰি ৰাখিছিল, য’ৰ পৰা আৰক্ষীয়ে তেওঁক আটক কৰে আৰু পিছত আগৰতলালৈ লৈ আনে।

অসমৰ মন্ত্ৰী এজনৰ এনে কাৰ্য্যই স্বাভাৱিকতে সচেতন ৰাইজৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

পিছৰ সংযোজন, গুৱাহাটী :

নৰ্থ-ইষ্ট নাওৰ গুৱাহাটীৰ কাৰ্য্যালয়ৰ পৰা ৰাতি প্ৰায় ১১ বজাত মন্ত্ৰীজনক যোগাযোগ কৰাত তেওঁ এই অভিযোগ অস্বীকাৰ কৰে। লগতে তেওঁ কয় যে তেওঁ গাণ্ডাচেৰাৰ পৰা ৪ বজাৰ পিছত আগৰতলালৈ আহিবলৈ অসুবিধা বাবে ৰৈ গৈছিল, যিটো আইনমতে কৰিব নালাগিছিল। এই পথত দুখন জংঘল থকা বাবে পিছত তেওঁক আৰক্ষীয়ে আগৰতলালৈ এছকৰ্ট দি লৈ আহে। আজি ৰাতিটো আগৰতলাত থাকি কাইলৈ পুৱা তেওঁ অসম অহাৰ কথা।

আনহাতে আজি ত্ৰিপুৰাৰ ৰাজপৰিয়ালৰ প্ৰতিনিধি প্ৰদ্যোত কিশোৰ  মাণিক্যই নিজৰ টুইটাৰত কয় যে বিজেপিৰ অসমৰ মন্ত্ৰী পল্লৱলোচন দাসক ছুইটকেইছ আৰু ভুৱা পাছৰ সৈতে গাণ্ডাচেৰাত আটক কৰা হয়। ‘মই নিশ্চিত যে তেওঁ পৰ্য্যটক হিচাপে ফুৰিবলৈ অহা নাই।’ বুলি তেওঁ তাৎপৰ্য্যপূৰ্ণ মন্তব্য কৰে নিজৰ টুইটত।

Recent News

Rahul-Gandhi-Sonia-Gandhi

ওৰ পৰিব পৰিয়ালতন্ত্ৰৰ! চলিত বৰ্ষৰ জুন মাহত নিৰ্বাচন কৰা হ’ব কংগ্ৰেছৰ নতুন সভাপতি

বিধান সভা নিৰ্বাচনৰ পাছতে বি টি আৰত অনুষ্ঠিত হ’ব ভি চি ডি চি নিৰ্বাচন : গোবিন্দ বসুমতাৰী

বিধান সভা নিৰ্বাচনৰ পাছতে বি টি আৰত অনুষ্ঠিত হ’ব ভি চি ডি চি নিৰ্বাচন : গোবিন্দ বসুমতাৰী

ধৰ্মীয় ঐতিহ্যপূৰ্ণ স্থান সমূহ সংৰক্ষণৰ ক্ষেত্ৰত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদত প্ৰস্তাৱ গ্ৰহণ

ধৰ্মীয় ঐতিহ্যপূৰ্ণ স্থান সমূহ সংৰক্ষণৰ ক্ষেত্ৰত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদত প্ৰস্তাৱ গ্ৰহণ

remote-1140x570

প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈলৈ ‘জেদ+’ ভি আই পি নিৰাপত্তা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd