DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 21, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

নিৰ্বাচন আহিলেহে প্ৰদীপ হাজৰিকাই শক্তি প্ৰকল্পৰ কথা মনত পেলায়ঃ অংকিতা দত্ত

ৰাজীৱ দত্ত by ৰাজীৱ দত্ত
December 30, 2017 7:11 pm
নিৰ্বাচন আহিলেহে প্ৰদীপ হাজৰিকাই শক্তি প্ৰকল্পৰ কথা মনত পেলায়ঃ অংকিতা দত্ত

জাঁজীত সংবাদ মেলত বক্তব্য ৰখাৰ মুহূৰ্তত অংকিতা দত্ত

102
VIEWS
Share on FacebookShare on Twitter

যেতিয়াই সন্মুখত কোনো নিৰ্বাচন আহি উপস্থিত হয় তেতিয়াই প্ৰদীপ হাজৰিকাই শক্তি প্ৰকল্পৰ কাহিনী আওৰায়। আমগুৰি সমষ্টিৰ সৈতে জড়িত জলন্ত সমস্যাসমূহক আওকান কৰি বিধায়ক গৰাকীয়ে বিধানসভাত অতি সাধাৰণ বিষয়বোৰহে উত্থাপন কৰে।  জাঁজীৰ নন্দনবন ৰিজ’ৰ্টত অনুষ্ঠিত এখন সংবাদ মেলত এই অভিযোগ উত্থাপন কৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক অংকিতা দত্তই।

প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদকগৰাকীয়ে অভিযোগ কৰে যে প্ৰাক্তন বিধায়ক প্ৰয়াত অঞ্জন দত্তৰ কাৰ্যকালত সমষ্টিটোত পথ নিৰ্মাণ, গড়কপ্তানি, আন্তঃগাঁথনিকে ধৰি বৰ্তমান সমষ্টিৰ বিধায়ক প্ৰদীপ হাজৰিকাৰ তুলনাত প্ৰভূত উন্নয়ন সাধিত হৈছিল। পঞ্চায়তত বিধায়কগৰাকীয়ে তৃণমূল পৰ্যায়ত গণতান্ত্ৰিক ব্যৱস্থাটোত ব্যাঘাত  জন্মাইছে।

বৰ্তমান নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ নতুন সভাপতি ৰাহুল গান্ধীয়ে আগন্তুক নিৰ্বাচনত দল আৰু ৰাষ্ট্ৰৰ প্ৰতি বিশ্বাসী যুৱ, উদ্যোগী তথা গতিশীল নেতাক অগ্ৰাধিকাৰ দিব। অংকিতা দত্তই বৰ্তমানৰ চৰকাৰখনক তীব্ৰ সমালোচনা কৰি জলন্ত সমস্যাসমূহৰ প্ৰতি তেওঁলোকে উদাসীনতা প্ৰদৰ্শন কৰাৰ অভিযোগ তোলে।

অবৈধ প্ৰব্ৰজন, বৃহৎ নদীবান্ধ, নগা ফ্ৰেমৱৰ্ক চুক্তি আদিকে ধৰি জলন্ত সমস্যাসমূহৰ ক্ষেত্ৰত চৰকাৰখন নীৰৱ হৈ থকাৰ অভিযোগ তুলি দত্তই নিৰ্বাচনৰ সময়ত দিয়া প্ৰতিশ্ৰুতিসমূহ  চৰকাৰখনে পূৰণ কৰাত ব্যৰ্থ হোৱা বুলি কয়।

দত্তই মহিলা সবলীকৰণ, এলপিজি সংযোগ আদি ক্ষেত্ৰত মোডী চৰকাৰক সমালোচনা কৰে। বাস্তৱিকতে কংগ্ৰেছে মহিলা সবলীকৰণৰ দিশত কাম কৰিছিল বুলি তেওঁ কয়। কংগ্ৰেছৰ শাসনকালত দেশৰ সৰ্বোচ্চ সন্মান ৰাষ্ট্ৰপতি পদত মহিলাক নিৰ্বাচিত কৰাৰ লগতে অধ্যক্ষ আৰু বহু ৰাজ্যত মুখ্যমন্ত্ৰী হিচাপে মহিলাক নিৰ্বাচিত কৰিছিল বুলি দত্তই ব্যক্ত কৰে।

অংকিতা দত্তই আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ ৰণশিঙা বজাই ঘোষণা কৰে যে তৃণমূল পৰ্যায়ত কংগ্ৰেছৰ সাংগঠনিক শক্তি এতিয়াও শক্তিশালী। পঞ্চায়ত নিৰ্বাচনত তেওঁলোকে স্থানীয় সমস্যা আৰু ৰাইজৰ অভিযোগসমূহত গুৰুত্ব দিব বুলি দত্তই ব্যক্ত কৰে।

Recent News

মুখ্যমন্ত্ৰীৰ নিৰ্দেশক বুঢ়া আঙুলি! হাজোত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ আৱন্টনৰ নামত দালালৰ ধন দাবী

মুখ্যমন্ত্ৰীৰ নিৰ্দেশক বুঢ়া আঙুলি! হাজোত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ আৱন্টনৰ নামত দালালৰ ধন দাবী

ৰাজ্যত ভয়াৱহ বান পৰিস্থিতি; মৃতকৰ সংখ্যা ১৪ লৈ বৃদ্ধি, ৮লাখতকৈয়ো অধিক লোক ক্ষতিগ্ৰস্ত

ৰাজ্যত ভয়াৱহ বান পৰিস্থিতি; মৃতকৰ সংখ্যা ১৪ লৈ বৃদ্ধি, ৮লাখতকৈয়ো অধিক লোক ক্ষতিগ্ৰস্ত

Elon Musk in Sex Controversy: এলন মাস্কৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ বিস্ফোৰক অভিযোগ; বিমানত সেই যুৱতীৰ সৈতে কি ঘটিছিল?

Elon Musk in Sex Controversy: এলন মাস্কৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ বিস্ফোৰক অভিযোগ; বিমানত সেই যুৱতীৰ সৈতে কি ঘটিছিল?

Ukraine war: জেলেনস্কিৰ মতে ডনবাছ সম্পূৰ্ণৰূপে ধ্বংসস্তূপত পৰিণত হৈছে

Ukraine war: জেলেনস্কিৰ মতে ডনবাছ সম্পূৰ্ণৰূপে ধ্বংসস্তূপত পৰিণত হৈছে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd