• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, March 4, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

নেতাসকলে মহিলা সবলীকৰণৰ কথা কলেও বাস্তব ক্ষেত্ৰত এতিয়াও বহু মহিলা পিছ পৰি আছে :ড০ নাজমা হেপতোল্লা

NE NOW NEWS কল্পজ্যোতি শইকীয়া
গুৱাহাটী , March 4, 2018 6:59 pm

3 min read

North-East Emerging 2018
128
VIEWS
Share on FacebookShare on Twitter

‘’মই মোৰ ৪০ বছৰীয়া ৰাজনৈতিক জীৱনত দেখি আহিছো নেতাসকলে নাৰী সবলীকৰণৰ কথা কয় কিন্তু বৰ্তমানো মহিলাসকল পিছ পৰি আছে‘’ এচ’চেমৰ উদ্যোগত আজিৰে পৰা আৰম্ভ হোৱা ইমাৰজিঙ নৰ্থ-ইষ্ট ২০১৮ ৰ উদ্বোধনী অনুষ্ঠানত মণিপুৰৰ ৰাজ্যপাল নাজমা হেপতোল্লাই এনেদৰে মন্তব্য কৰে।

তেওঁ কয় ‘’ বৰ্তমান মহিলাসকল শিক্ষাৰ ক্ষেত্ৰত বহু পিছপৰি আছে। সেয়েহে আৰ্থিক দিশৰ ক্ষেত্ৰতো তেওঁলোক স্বচ্ছল হ’ব ৰা নাই‘’।

তদুপৰি তেওঁ এই অনুষ্ঠানত মণিপুৰৰ মহিলাসকল অথনৈতিক ভাবে উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰতে আগবঢ়া বুলি মন্তব্য কৰে। বিশ্বৰ ভিতৰত মণিপুৰৰ ইমা বজাৰখন মহিলাসকলৰ আটাইতকৈ ডাঙৰ বজাৰ বুলি সদৰী কৰে।

আনহাতে ৰাজ্যপাল গৰাকীয়ে উত্তৰ-পূবৰ অন্য ৰাজ্যৰ তুলনাত অসম আন্তঃগাথনি তথা সম্পদৰ ক্ষেত্ৰত চহকী বুলি উল্লেখ কৰি উত্তৰ-পূবৰ অন্যান্য ৰাজ্যকেইখনৰো আন্তঃগাথনি উন্নয়নৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে বিশেষ ভূমিকা লোৱা উচিত।‘’

 

Najma Heptulla
মণিপুৰৰ ৰাজ্যপাল নাজমা হেপতোল্লা

তেওঁ লগতে কয় যে উত্তৰ-পূবৰ অন্য ৰাজ্য কেইখনৰ তুলনাত গুৱাহাটীৰ যোগাযোগ ব্যৱস্থা যথেষ্ট উন্নত মানৰ হোৱা বাবে প্ৰতিৱেশী ৰাজ্যকেইখনৰ লগত অতি সহজেই বাণিজ্যিক সংযোগ স্থাপন কৰিব পাৰে।

ইয়াৰোপৰি তাৎপৰ্যমূলক মন্তব্য কৰি তেওঁ কয় যে মহিলাসকলে পৰম্পৰাগত সাজপাৰ পৰিধান কৰাৰ ক্ষেত্ৰত কিছু পৰিমাণে অবহেলা প্ৰকাশ কৰা দেখা যায়।

আনহাতে এই উদ্বোধনী অনুষ্ঠানত উপস্থিত থকা লোকসভাৰ সাংসদ বিজয়া চক্ৰব্ৰতীয়ে কয় ‘মই ১৯৮৬ চনতে নাজমা হেপতোল্লাক লগ পাইছিলো আৰু তেতিয়া তেওঁ ৰাজ্যসভাৰ অধ্যক্ষ আছিল। তেতিয়াৰ পৰাই তেওঁ শাৰিৰীক তথা মানসিকভাবে অত্যন্ত সুন্দৰ ব্যক্তিত্বৰ অধিকাৰী আছিল’।

পূৰ্বৰ তুলনাত উত্তৰ-পূবৰ যোগাযোগ ব্যৱস্থা সূচল হোৱা বুলি উল্লেখ কৰি তেওঁ কয় যে এতিয়া কোনো বাধা নোহোৱাকৈ এই অঞ্চললৈ আহিব পাৰে। এই ক্ষেত্ৰত তেওঁ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীক অশেষ ধন্যবাদ জনায়।

আনহাতে তেওঁ উদ্যোক্তা মণ্ডলীক ধন্যবাদ জনাই কয় ‘’কৃষিক্ষেত্ৰ, মৎস্য উৎপাদন ইত্যাদি ক্ষেত্ৰত নবপ্ৰজন্মক উৎসাহিত কৰাৰ বাবে এচ’চেমে যি পদক্ষেপ লৈছে সেয়া অতিকৈ প্ৰশংসনীয়।‘’

সভাখনত এচ’চেমৰ সচিব প্ৰধান ডি এচ ৰাৱাতে ভাষণ প্ৰদান কৰি কয় ‘’আজিৰ দিনটো আমাৰ সকলোৰে বাবে মহত্বপূৰ্ণ দিন যে আমি মণিপুৰৰ ৰাজ্যপালক আমাৰ মাজত পাইছো। ভাৰত চৰকাৰ তথা অসম চৰকাৰে কেঁচা সামগ্ৰীৰ পৰা সামগ্ৰী উৎপাদনৰ ক্ষেত্ৰত যি ভূমিকা লৈছে সেয়া প্ৰশংসনীয়।‘’

‘উত্তৰ পূবৰ কুটীৰ উদ্যোগৰ বিকাশৰ ক্ষেত্ৰত অৰিহণা যোগোৱা কিছুসংখ্যক লোকক ইজৰাইললৈ নিয়া হ’ব যাতে তেওঁলোকে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ ব্যবসায়ীসকলৰ লগত ব্যৱসায় কৰিব পাৰে। এই ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে আমাক পূৰ্ণ সমৰ্থন আগবঢ়াইছে’, এইদৰে উল্লেখ কৰে ৰাৱাতে।

তদুপৰি উত্তৰ পূৰ্বাঞ্চলৰ ঔদ্যোগিক, কৃষি, খাদ্য প্ৰস্তুতৰ ক্ষেত্ৰত জড়িত লোকসকলক উন্নয়নৰ দিশে আগবঢ়াই নিয়াৰ বাবে তথা ক্ৰেতা আৰু বিক্ৰেতাসকলৰ মাজত পোনপটীয়া সম্পৰ্ক স্থাপন কৰাৰ লক্ষ্যৰে এই পদক্ষেপ গ্ৰহণ কৰা বুলি তেওঁ জানিবলৈ দিয়ে।

আজিৰে পৰা আৰম্ভ হোৱা এই ইমাৰজিঙ নৰ্থ ইষ্ট ২০১৮ ত উত্তৰ-পূবৰ বিভিন্ন ৰাজ্যসমূহৰ পৰা অহা বিপনীসমূহে অংশগ্ৰহণ কৰিছে। তেওঁলোকে হস্ত নিৰ্মিত বাঁহ বেতৰ সামগ্ৰীৰ লগতে পৰম্পৰাগত খাদ্য বিক্ৰী কৰিব।

উল্লেখ্য যে মণিপুৰৰ ৰাজ্যপাল নাজমা হেপতোল্লাই এচ’চেমৰ দ্বাৰা আয়োজিত ইমাৰজিঙ নৰ্থ-ইষ্ট ২০১৮ পদক্ষেপক ভূয়সী প্ৰশংসা কৰে।

Recent News

index.jpg

যৌন কেলেংকাৰিত অভিযুক্ত বিজেপি মন্ত্ৰীৰ পদত্যাগ : সত্যতাৰ প্ৰমাণৰ বাবে তদন্তৰ দাবী

IMG_20210304_104520

আই আই টিৰ নতুন পদ্ধতি প্লাষ্টিকেৰে ৰাস্তা নিৰ্মাণ; ৰঙাপানীত আৰম্ভ হ’ল নিৰ্মাণ কাৰ্য

deadbody recovered final

শালনাৰ সোণাজুৰিৰ শিলৰ কোঁৱাৰীত সন্ধানহীন হোৱা লোকৰ মৃতদেহ উদ্ধাৰ

tajmahal_web

তাজমহলত বোমাতংক : পৰ্যটকৰ মাজত হাহাকাৰ; এজন ব্যক্তিক আটক আৰক্ষীৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd