DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, June 26, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

নেমকেয়াৰ হস্পিতালৰ স্বত্বাধিকাৰী ডাঃ হিতেশ বৰুৱাৰ বিৰুদ্ধে চি বি আইৰ গোচৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
May 28, 2018 12:42 pm
Nemcare
112
VIEWS
Share on FacebookShare on Twitter

বাৰ্ন কেয়াৰ আঁচনিৰ নামত আৱণ্টিত ধনৰ ব্যাপক অপব্যৱহাৰ- জালিয়াতিৰ অভিযোগত গুৱাহাটীস্থিত নেমকেয়াৰ হস্পিতালৰ  স্বত্বাধিকাৰী তথা নৰ্থ ইষ্টাৰ্ন কাউন্সিলৰ প্ৰাক্তন স্বাস্থ্য উপদেষ্টা ডাঃ হিতেশ বৰুৱাৰ বিৰুদ্ধে এক গোচৰ ৰুজু কৰিছে চিবিআইয়ে।

চিবিআইৰ অভিযোগনামাত উল্লেখ কৰা অনুসৰি নৰ্থ ইষ্টাৰ্ন কাউন্সিল চমুকৈ এনইচিৰ সেই সময়ৰ তদানীন্তন স্বাস্থ্য উপদেষ্টা ড০ এনজে শৰ্মাই ডাঃ হিতেশ বৰুৱাৰ সৈতে লগ লাগি বাৰ্ন কেয়াৰ য়ুনিটৰ নামত এনইচিৰ পুঁজিৰ ব্যাপক অপব্যৱহাৰেৰে নিম্নমানৰ সঁজুলি ক্ৰয় কৰিছিল। আনহাতে উক্ত সঁজুলি সমূহ বাৰ্ন কেয়াৰ য়ুনিটত ব্যৱহাৰৰ বিপৰীতে নেমকেয়াৰ হস্পিতালৰ ৰোগীৰ বাবেহে ব্যৱহাৰ কৰিছিল বৰুৱাই। আনহাতে দুয়োগৰাকী চিকিৎসকে প্ৰস্তাৱিত ১২ খন বিছনাযুক্ত বাৰ্ন কেয়াৰ য়ুনিট স্থাপনৰ নামত প্ৰৱঞ্চনা কৰিছিল নৰ্থ ইষ্টাৰ্ন কাউন্সিলক।

ড০ হিতেশ বৰুৱা

উল্লেখযোগ্য যে চিবিআইয়ে দাখিল কৰা অভিযোগ অনুসৰি হিতেশ বৰুৱাই  সেই সময়ত এটা বাৰ্ন কেয়াৰ ইউনিট স্থাপনৰ বাবে ১০ কোটি টকাৰ প্ৰকল্প প্ৰস্তাৱ আগবঢ়াইছিল নৰ্থ ইষ্টাৰ্ন কাউন্সিলক।

প্ৰাথমিকভাৱে সেই সময়ত নৰ্থ ইষ্টাৰ্ন কাউন্সিলে ২.৭০ কোটি টকা মুকলি কৰি দিছিল যদিও উক্ত ধনৰাশি ব্যৱহাৰত জালিয়াতি কৰিছিল চিকিৎসক দুয়োগৰাকীয়ে।

এনে ধৰণে নিম্নমানৰ সঁজুলি ক্ৰয় কৰি বাৰ্ন কেয়াৰ য়ুনিট স্থাপনৰ পৰিৱৰ্তে নেমকেয়াৰ হস্পিতালত ব্যৱহাৰ কৰাৰ বাবে চিবিআইয়ে ভৰতীয় দণ্ডবিধিৰ ১২০(বি)/ ৪২০/ ১৩(২) ধাৰাত দুয়োগৰাকী চিকিৎকৰ বিৰুদ্ধে গোচৰ পঞ্জীয়ন কৰিছে।

Recent News

India tour of England: ইংলেণ্ডৰ বিৰুদ্ধে টেষ্ট আৰম্ভ হোৱাৰ পূৰ্বে বৃহৎ আঘাত; কৰ’নাত আক্ৰান্ত টীম ইণ্ডিয়াৰ অধিনায়ক

India tour of England: ইংলেণ্ডৰ বিৰুদ্ধে টেষ্ট আৰম্ভ হোৱাৰ পূৰ্বে বৃহৎ আঘাত; কৰ’নাত আক্ৰান্ত টীম ইণ্ডিয়াৰ অধিনায়ক

Gujarat Riots: সমাজকৰ্মী তিস্তা শীতলৱাড়ক আটক গুজৰাট এটিএছৰ; আটক প্ৰাক্তন আইপিএছ শ্ৰীকুমাৰো

Gujarat Riots: সমাজকৰ্মী তিস্তা শীতলৱাড়ক আটক গুজৰাট এটিএছৰ; আটক প্ৰাক্তন আইপিএছ শ্ৰীকুমাৰো

ত্ৰিপুৰাত প্ৰৱঞ্চনাৰ বলি অসমৰ দুই শতাধিক যুৱক; অসম চৰকাৰক ব্যৱস্থা গ্ৰহণৰ দাবী ডি ৱাই এফ আইৰ

ত্ৰিপুৰাত প্ৰৱঞ্চনাৰ বলি অসমৰ দুই শতাধিক যুৱক; অসম চৰকাৰক ব্যৱস্থা গ্ৰহণৰ দাবী ডি ৱাই এফ আইৰ

মাৰ্ঘেৰিটাৰ মাকুম পথাৰত বন্যহস্তীয়ে লণ্ডভণ্ড কৰিলে বাসগৃহ; এজন লোক আহত

মাৰ্ঘেৰিটাৰ মাকুম পথাৰত বন্যহস্তীয়ে লণ্ডভণ্ড কৰিলে বাসগৃহ; এজন লোক আহত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd