DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, June 27, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home অভিমত

নৱবৰ্ষৰ প্ৰাৰম্ভতে সাজু হ’ল অসমীয়া জাতিৰ শ্মশানযাত্ৰা

শিৱজিত দত্ত by শিৱজিত দত্ত
January 2, 2019 10:09 am
A huge rally as a total of 70 indigenous organizations including the Krishak Mukti Sangram Samiti (KMSS) stage a protest rally entitled Sankalp Yatra in the state capital on 16-11-18 protest against Citizenship Amendment Bill 2016. The rally had kick-started on November 12 from various locations of Assam and was scheduled to be uniting in Guwahati on today.pix by UB PHOTOS

নাগৰিকত্ব বিধেয়কৰ বিৰুদ্ধে ৭০টা সংগঠনৰ বৃ্হৎ প্ৰতিবাদী সমদল। ছবি- ইউ বি।

401
VIEWS
Share on FacebookShare on Twitter

অসমৰ বিপুল জনগণ, অনেক জাতীয় সংগঠন, লেখক-বুদ্ধিজীৱী, সংবাদ-মাধ্যম-সম্পাদক-সাংবাদিকৰ ব্যাপক প্ৰতিবাদ, আপত্তি কাৰ্যতঃ নাকচ কৰি ভেকো-ভাওনাৰ সূত্ৰধাৰ যুটীয়া সংসদীয় সমিতিয়ে অসমীয়া জাতিৰ মৃত্যুদূত নাগৰিকত্ব আইন সংশোধনী বিধেয়ক, ২০১৬-লৈ অনুমোদন জনাইছে ২০১৮ বৰ্ষৰ অন্তিম দিনটোত। সমিতিৰ বৈঠকত আগে-পিছে বিজেপিৰ সদস্যৰ তুলনাত বিৰোধীৰ সদস্যৰ সংখ্যা হেনো বেছি হয়, পিছে ৩১ ডিচেম্বৰৰ গুৰুত্বপূৰ্ণ বৈঠকত তাৎপৰ্যপূৰ্ণভাৱে বিজেপিৰ সদস্য থাকিল ১১জন আৰু বিৰোধীৰ থাকিল ৬জন। ফলত অনায়াসে বিধেয়কৰ সমৰ্থনত প্ৰস্তাৱ গ্ৰহণ কৰিব পৰা হ’ল আৰু বিৰোধী সদস্যই অসমৰ স্বাৰ্থলৈ লক্ষ্য ৰাখি যিবোৰ সংশোধনী প্ৰস্তাৱ আনিছিল সিবোৰো ভোটযোগে নাকচ কৰা হ’ল। অসমৰ বিজেপি সদস্য দুজনে বিধেয়কৰ পক্ষত আৰু তাৰ সংশোধনীৰ বিপক্ষত ভোটদান কৰি অসমীয়াৰ শত্ৰুতা কৰিবলৈ কুণ্ঠাবোধ নকৰিলে। অহা ৩ জানুৱাৰি তাৰিখে সমিতিয়ে প্ৰতিবেদনৰ খচৰা চূড়ান্ত কৰিব আৰু ৭ জানুৱাৰি তাৰিখে তাক সংসদত উত্থাপন কৰিব। এই সম্ভাৱনা তেনেই বহল যে ৮ জানুৱাৰি তাৰিখে নিজ দলৰ সদস্যৰ সংখ্যাগৰিষ্ঠতাৰ সুবাদত বিজেপিয়ে বিধেয়কখন লোকসভাত গৃ্হীত কৰি ল’ব।

আচলতে প্ৰথমৰ পৰাই যুটীয়া সংসদীয় সমিতি নিৰপেক্ষ নাছিল, আছিল এই সৰ্বনাশী, জাতিধ্বংসী, সংবিধান-বিৰোধী, গণতন্ত্ৰ-বিৰোধী বিধেয়কখনৰ পক্ষত। ই আছিল গণতন্ত্ৰৰ চোলা পিন্ধা স্বৈৰতন্ত্ৰৰ দৈত্য এটা। অসমৰ ৰাইজৰ শুনানি গ্ৰহণ আছিল গণতান্ত্ৰিক কুচকাৱাজৰ কেৱল এক প্ৰদৰ্শন, য’ত ৰাইজৰ প্ৰতি বা গণতন্ত্ৰৰ প্ৰতি আন্তৰিকতা বা সন্মানৰ এচিকটাও নাছিল। আমি নিশ্চয় পাহৰা নাই যে অসমীয়াৰ জীৱন-মৰণ জড়িত এই বিধেয়কক লৈ শুনানি ল’বৰ বাবে প্ৰথম স্তৰত জেপিচি অসমলৈ অহা নাছিল;  শুনানি অনুষ্ঠিত কৰিছিল নতুন দিল্লীত আৰু কেতবোৰ প্ৰভাৱশালী জাতীয় সংগঠনক আমন্ত্ৰণেই কৰা নাছিল। পিছলৈ ৰাইজৰ প্ৰবল প্ৰতিবাদ দেখি জেপিচি অসমলৈ আহিল আৰু ব্ৰহ্মপুত্ৰ উপত্যকাত এদিন শুনানি লৈ বৰাকত ল’লেগৈ দুদিন, যাতে বিধেয়কৰ সপক্ষে মত দিয়া সংগঠনৰ সংখ্যা বিপক্ষে মত দিয়া সংগঠনৰ সংখ্যাতকৈ বেছি হ’ব পাৰে। অসমীয়া ৰাইজৰ প্ৰতিবাদ চম্ভালিবলৈ জেপিচিয়ে প্ৰতিশ্ৰুতি দিছিল যে তেওঁলোক অসমলৈ আকৌ আহিব পুণৰ শুনানি ল’বলৈ। কিন্তু, সেই প্ৰতিশ্ৰুতি তেওঁলোকে নাৰাখিলে। মাজতে জেপিচিৰ অধ্যক্ষগৰাকীয়ে হিন্দু বাংলাদেশীৰ পক্ষত বিবৃতি দি অসমীয়াক অসন্তুষ্ট কৰাই নহয়, জেপিচিৰ পক্ষপাতিতাও প্ৰকট কৰিছিল।

আজি বিজেপিয়ে নিৰ্ভয়ে অসমীয়াৰ শত্ৰুতা কৰিব পাৰিছে অসমীয়াৰ নিজৰ মূৰ্খামি, সোৰোপালি, জাতিপ্ৰেমহীনতা আৰু দায়িত্বহীনতাৰ বাবেই। বিজেপিক ভীতিগ্ৰস্ত কৰাৰ বাবে অসমীয়াই এক সুৱৰ্ণ সুযোগ পাইছিল পঞ্চায়ত নিৰ্বাচনৰ নামত। সেই সুযোগ অসমীয়াই নল’লে। এই অসমীয়াক শ্মশানযাত্ৰাৰপৰা কোনে বচাব পাৰে?

পঞ্চায়ত নিৰ্বাচনত প্ৰাৰ্থীৰ অভাৱত বিজেপিৰ হাহাকাৰ লাগিব লাগিছিল। পিছে তুচ্চ স্বাৰ্থত অন্ধ অসমীয়া হিল-দ’ল ভাঙি বিজেপিৰ প্ৰাৰ্থী হৈছিলগৈ। অসমীয়া ভোটাৰে সম্পূৰ্ণ নাকচ কৰিব লাগিছিল বিজেপিক। কিন্তু, সৰ্বাধিক আসন বিজেপিয়েই পালে। আজিৰ ‘মোগল’ বিজেপিৰ পক্ষ লোৱা, জাতিধ্বংসী বিধেয়কেৰে অসমীয়াক নিধন কৰিব ওলোৱা বিজেপিক ভোট দিয়া অসমীয়া কেনেকৈ লাচিত-মূলাৰ বংশধৰ হ’ব পাৰে?

বিদায়ী বৰ্ষটো সাঁথৰ-বৰ্ষ হৈ ৰ’ব এইবুলি যে নিজক অসমীয়াৰ মানস-পুত্ৰৰূপে পৰিচয় দিয়া আঞ্চলিকতাবাদী ৰাজনৈতিক দল অগপই বিতৰ্কিত বিধেয়ক প্ৰসংগত মিত্ৰদল বিজেপিৰ বিৰুদ্ধে দুৰ্বাদল যুঁজিলে, কিন্তু মিত্ৰতা নেৰিলে। পঞ্চায়ত নিৰ্বাচনৰ আগে আগে দুয়োদলে দুয়োদলক উধাই-মুধাই গালি-গালাজ কৰিলে, কিন্তু মিত্ৰতা নেৰিলে। পঞ্চায়ত নিৰ্বাচন দুয়োদলে নিজাববীয়াকৈয়ে খেলিলে, কিন্তু মিত্ৰতা নেৰিলে। আগন্তুক লোকসভালৈকেই হেনো মিত্ৰতাৰ হৰণ-ভগন নাই- এনে বাক্য প্ৰহাৰ কৰিলে দুয়োদলে। ইছ্যু কি? বিতৰ্কিত বিধেয়ক নহয়, নাগৰিকপঞ্জী নহয়, অসমৰ সম্পদত অসমৰ অধিকাৰ নহয়, অসমৰ বাৰেকুৰি আঞ্চলিক সমস্যা নহয়! ইছ্যু কি? কংগ্ৰেছক ক্ষমতাৰ পৰা দূৰত ৰখা! ইও এক ইছ্যু?

এই ঘটনাক্ৰমে দেখুৱাই থৈ গ’ল নেকি যে অসমীয়া এক সংকল্পহীন, প্ৰতিজ্ঞাহীন, হুজুগত উটি ফুৰা জাতি? কৈ গ’ল নেকি যে অসমীয়া বিশ্বৰ মঞ্চত আসন পাবৰ অযোগ্য, সুস্বাস্থ্যৰে জীয়াই থাকিবৰ অযোগ্য জাতি? প্ৰমাণ কৰি থৈ গ’ল নেকি যে অসমীয়া হৈছে জাতিৰ জীৱন-মৰণৰ প্ৰশ্নক আওহেলা কৰি বেকাৰ দাদাকে পঞ্চায়তৰ ঠিকা পাবনে নাই তাৰ বিবেচনাৰেই ভোট দিয়া মানুহৰ জাতি? কৈ গ’ল নেকি যে অগপ অসমীয়াৰ আপোন নহয়– জাতিৰ সংকটতো যিয়ে ক্ষমতাৰ খঁক নেৰে?

বিজেপিৰ সৰ্বানাশী ৰাজনীতিয়ে ২০১৮ চনটো অসমীয়াৰ বাবে কৰি তুলিছিল সমস্যাৰ সমুদ্ৰ। তাৰ প্ৰত্যুত্তৰত অসমীয়ায়ো কঁকালত টঙালি বান্ধি ২০১৯-ক কৰি তোলক সংগ্ৰামৰ আৰু আশাৰ কুৰুক্ষেত্ৰ। নৱবৰ্ষত- আহক, সম্ভাৱ্য-সন্নিকট ভ্ৰাতৃ-মিত্ৰৰ অপৰাজেয় মৈত্ৰীৰ অটল প্ৰতিজ্ঞাৰে সমস্যাৰ সমুদ্ৰৰ বিৰুদ্ধে দুৰ্বাদল যুঁজি পুনৰ প্ৰতিষ্ঠা কৰোঁ জাতিৰ তেজস্বিতা; অৱহেলাৰ চাপত পিষ্ট গণশক্তিৰেই গঢ়ি তোলোঁ জাতিৰ মেৰুদণ্ড। বিজেপিৰ কূট ৰাজনীতিৰ বিৰুদ্ধে নতুনকৈ শৰাইঘাট ৰচি ব্যৰ্থ কৰোঁ আহক জাতিধ্বংসী বিধেয়ক আইনত পৰিণত কৰি অসমীয়াক নিঃশেষ কৰাৰ ঘৃণ্য চক্ৰান্ত।

লেখক ডুমডুমা মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ সহকাৰী অধ্যাপক

email: [email protected]

Recent News

HS Result 2022

উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাত শিৱসাগৰৰ সাফল্য: ৰাজ্যৰ ভিতৰত স্থান লাভ তিনিগৰাকীৰ

HS result-2022: কলা শাখাত ৫ম স্থানত শুৱালকুছিৰ মধুস্মিতা; শিৱসাগৰৰ শলগুৰিৰ দেৱীস্তুতিৰ দশম স্থান

HS result-2022: কলা শাখাত ৫ম স্থানত শুৱালকুছিৰ মধুস্মিতা; শিৱসাগৰৰ শলগুৰিৰ দেৱীস্তুতিৰ দশম স্থান

HS result-2022: উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা-২০২২ৰ ফলাফল: কলা শাখাৰ প্ৰথম দহটা স্থানত কোন কোন?

HS result-2022: উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা-২০২২ৰ ফলাফল: কলা শাখাৰ প্ৰথম দহটা স্থানত কোন কোন?

HS result-2022: উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ বিজ্ঞান শাখাৰ প্ৰথম দহটা স্থানত কোন কোন?

HS result-2022: উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ বিজ্ঞান শাখাৰ প্ৰথম দহটা স্থানত কোন কোন?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd