• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 26, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে সমাধান নোলালে জনগোষ্ঠীয় এলেকাত ‘বিজেপি’ৰ প্ৰৱেশ নিষিদ্ধ : জনগোষ্ঠীয় ঐক্য মঞ্চ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , July 26, 2018 8:10 am

2 min read

27-06-18-Guwahati-Six-indigenous-group-protest-2-570x320

প্ৰতিনিধিত্বমূলক চিত্ৰ

92
VIEWS
Share on FacebookShare on Twitter

শেহতীয়াকৈ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে অসমৰ ছয় জনগোষ্ঠীক জনজাতিকৰণ প্ৰদান কৰাৰ নামত প্ৰতাৰণা কৰি অহা বিষয়টো সন্দৰ্ভত ছয় জনগোষ্ঠীয় ঐক্য মঞ্চৰ এখন জৰুৰী কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভা বুধবাৰে গোলাঘাটৰ শিশু ভৱন বিদ্যালয়ত অনুষ্ঠিত হয়।

জনগোষ্ঠীয় ঐক্যমঞ্চৰ গুৰুত্বপূৰ্ণ বৈঠকখন অন্ত পৰাৰ পাছত সংবাদ মাধ্যমক এলানি কাৰ্যসূচী ঘোষণা কৰি কয় যে ৩০ জুলাইত ছয় জনগোষ্ঠী ঐক্য মঞ্চই দেশৰ ৰাজধানী দিল্লীত গণ অৱস্থান কাৰ্যসূচী ৰূপায়ণ কৰিব। ইয়াৰ উপৰি দেশৰ স্বাধীনতা দিৱসৰ দিনা অসমৰ প্ৰতিখন জিলাত ক’লা বেজ পৰিধান কৰি ক’লা দিৱস পালন কৰিব।

আনহাতে তেওঁলোকে আৰু কয় যে এই কাৰ্যসূচী কেইটাৰ অন্ত পৰাৰ পৰৱৰ্তী সময়ত জনগোষ্ঠী বসতি প্ৰধান প্ৰতিখন গাঁও, প্ৰতিখন চাহ বাগিচালৈ যাওঁ কাৰ্যসূচী গ্ৰহণ কৰাৰ লগতে আজিৰ সভাত ৰাজ্যৰ সকলো প্ৰান্ততে নাগৰিক সভা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

উল্লেখ্য যে ঐক্যমঞ্চই বিজেপিৰ বিধায়ক মৃণাল শইকীয়াক ছয় জনগোষ্ঠীৰ শত্ৰু আখ্যা দিয়ে আৰু ভৱিষ্যতে এনেধৰণৰ তীৰ্যক মন্তব্য নকৰিবলৈও বিধায়কগৰাকীক সকিয়াই দিয়ে।

কালি অনুষ্ঠিত হোৱা সভাই তাৎপৰ্যপূৰ্ণ মন্তব্য কৰি কয় যে যদিহে পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে জনজাতিকৰণৰ প্ৰসংগটোৰ কোনো সমাধান সূত্ৰ নুলিয়াই তেন্তে জনগোষ্ঠীয় এলেকাত বিজেপিৰ প্ৰৱেশ নিষিদ্ধ ঘোষণা কৰা হ’ব।

বুধবাৰে সদৌ তাই আহোম ছাত্ৰ সন্থাৰ উপ সভাপতি যাদৱ কোঁৱৰৰ সভাপতিত্বত অনুষ্ঠিত হোৱা জনগোষ্ঠীয় ঐক্য মঞ্চৰ কাৰ্যনিৰ্বাহক সভাত সদৌ মৰাণ ছাত্ৰ সন্থাৰ সভাপতি অৰুণজ্যোতি মৰাণ, সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলনৰ সভাপতি ডেভিদ চেতিয়া, চুতীয়া যুৱ সন্মিলনৰ সভাপতি বিতোপন শইকীয়া, অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ সভাপতি ৰাজেন কুমাৰৰ উপস্থিতিত এই সিদ্ধান্ত গ্ৰহণ কৰে।

সভাত সদৌ তাই আহোম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা অশ্বিনী চেতিয়া, উপ সভাপতি বসন্ত গগৈ, যুটীয়া সম্পাদক মিলন বুঢ়াগোহাঁই, সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলনৰ ভাৰপ্ৰাপ্ত সম্পাদক দেৱঋষি চেতিয়া, অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ উপ সভাপতি  অনন্ত নায়ক, সাধাৰণ সম্পাদক পৱন বেডিয়া, সদৌ অসম চুতীয়া জাতি সন্মিলনৰ সাংগঠনিক সম্পাদক ৰুবুল বৰা, সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক মহেন বৰা, সদৌ মৰাণ ছাত্ৰ-সন্থাৰ সহকাৰী সম্পাদক মুনীন দুৱৰাৰ লগতে জনগোষ্ঠীয় ঐক্য মঞ্চৰ আন আন বিষয়ববীয়াসকল উপস্থিত থাকে।

Recent News

ঐতিহাসিক লাল কিল্লাত প্ৰৱেশ প্ৰতিবাদী কৃষকৰ; উৰুৱালে নিজৰ পতাকা

ঐতিহাসিক লাল কিল্লাত প্ৰৱেশ প্ৰতিবাদী কৃষকৰ; উৰুৱালে নিজৰ পতাকা

কোকিলা গাঁও পঞ্চায়তৰ সভাপতিৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ

কোকিলা গাঁও পঞ্চায়তৰ সভাপতিৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ

Bokakhat republic day

ৰাষ্ট্ৰৰ লগতে বোকাখাততো ৭২ সংখ্যক গণৰাজ্য দিৱস উদযাপন; বিভিন্ন জনক সম্বৰ্ধনা

বেৰিকেড ভাঙি দিল্লীত প্ৰৱেশ কৃষকৰ, প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীৰ কন্দুৱা গেছ, লাঠীচালনা

বেৰিকেড ভাঙি দিল্লীত প্ৰৱেশ কৃষকৰ, প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীৰ কন্দুৱা গেছ, লাঠীচালনা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd