• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব ছিকিম

পশ্চিম বংগত মোৰ গাত সদায়ে ‘বহিৰাগত’ ছাপ লাগি আছিল : নতুন ৰাজনৈতিক দল ‘হামৰো ছিকিম’ ঘোষণা কৰি বাইচুং ভুটীয়া

ৰাজীৱ ৰয় by ৰাজীৱ ৰয়
April 26, 2018 9:33 pm
Hamro_Sikkim
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেশৰ এসময়ৰ তাৰকা ফুটবলাৰ তথা অৰ্জুন বঁটা প্ৰাপক বাইচুং ভুটীয়াই আজি এটা নতুন ৰাজনৈতিক দল আনুষ্ঠানিকভাৱে ঘোষণা কৰি ছিকিমৰ ৰাজনৈতিক ক্ষেত্ৰখনত বৃহৎ জোকাৰনিৰ সৃষ্টি কৰে। ভুটীয়াৰ দলটোৰ নাম হ’ল ‘হামৰো ছিকিম’। ৰাজনৈতিক বিশ্লেষকে ইয়াক ৰাজ্যখনৰ ৰাজনীতিত এটা গুৰুত্বপূৰ্ণ অগ্ৰগতি বুলি জ্ঞান কৰা দেখা গৈছে।

উল্লেখযোগ্য যে ভুটীয়াই আজিৰ পৰা প্ৰায় দুমাহ পূৰ্বে তেওঁৰ পূৰ্বৰ দল তৃণমূল কংগ্ৰেছ ত্যাগ কৰিছিল। তৃণমূল কংগ্ৰেছত থকাৰ সময়ত প্ৰাক্তন ফুটবলাৰজন পশ্চিম বংগৰ ৰাজনীতিত সক্ৰিয় আছিল। তেওঁ ২০১৪ চনত দাৰ্জিলিং লোকসভা সমষ্টি আৰু ২০১৬ চনত শিলিগুৰি বিধানসভা সমষ্টিৰ পৰা তৃণমূল কংগ্ৰেছৰ টিকটত প্ৰতিদ্বন্দ্বিতা কৰিছিল যদিও সফলতাৰ মুখ দেখা নাছিল।

Apply Now

প্ৰায় দুমাহৰ পূৰ্বে ভুটীয়াই ঘোষণা কৰিছিল যে তেওঁ ছিকিমৰ ৰাজনীতিত খোজ পেলাব আৰু তেতিয়াই তেওঁ এটা নতুন ৰাজনৈতিক দল খোলাৰ ইংগিত দিছিল।

“মোৰ একমাত্ৰ মনোযাগ হ’ল ছিকিমৰ বিকাশৰ ওপৰত। মোৰ ৰাজনীতিত যোগদানে ছিকিমৰ লগতে দেশৰ বাকী অংশৰো যুৱচামক উৎসাহিত কৰিব। আজিৰ তাৰিখত ৰাজনৈতিক নেতাই প্ৰস্তুত কৰা নীতিৰ দ্বাৰাই সকলো নিৰ্ণয় হয়। তেওঁলোকক সমালোচনা কৰা সহজ, কিন্তু ভাল মানুহবোৰ আগ বাঢ়ি আহি ৰাজনীতিৰ লেতেৰাবোৰ চাফা কৰাটো গুৰুত্বপূৰ্ণ।” ভুটীয়াই নতুন দিল্লীত দিয়া সংবাদমেলত এইদৰে কয়।

তেওঁ লগতে কয় যে ফুটবলৰ জৰিয়তে নিজৰ ভাবমূৰ্তি নিৰ্মাণ কৰিবলৈ তেওঁক ২০ বছৰৰ সময় দৰকাৰ হৈছিল আৰু এইটো ৰাজনীতিৰ বাবে অথলে যাবলৈ দিব নোৱাৰে। “মোক ফুটবলৰ জৰিয়তে নাম কৰিবলৈ ২০ বছৰ সময় লাগিছিল। মই জনসাধাৰণক প্ৰতিশ্ৰুতি দিছো যে মই এইটো ৰাজনীতিৰ নামত নষ্ট হ’বলৈ দিব নোৱাৰো।” ভুটীয়াই কয়।

আনহাতে তৃণমূল কংগ্ৰেছত থকাৰ সময়ত উপযুক্ত গুৰুত্ব নোপোৱা বুলি কৈ কয় যে পশ্চিম বংগৰ ৰাজনীতিৰ অংশো হোৱাৰ লগতে বেংগলৰ শীৰ্ষস্থানীয় ক্লাবত বহু বছৰ ধৰি খেলাৰ পিছতো তেওঁৰ গাৰ পৰা ‘বহিৰাগত’ৰ মাৰ্কা যোৱা নাছিল। সেয়ে এতিয়া তেওঁ নিজৰ শিপাৰ ওচৰলৈ গুচি আহিছে।

“মোক তৃণমূল কংগ্ৰেছৰ শীৰ্ষস্থানৰ পৰা অৱনমিত কৰা হৈছিল। এইটো পাহৰিব নোৱাৰি যে শিলিগুৰিৰ পৰা যেতিয়া মই প্ৰতিদ্বন্দ্বিতা কৰিছিলো, তেতিয়াও মোৰ পিঠিত বহিৰাগতৰ ছাপ আছিল। মই বেংগলত বহু বছৰ ধৰি খেলিছিলো। কিন্তু বহিৰাগত ছাপটো সদায়ে লাগি আছিল।” এইদৰে কয় দেশৰ অসময়ৰ জনপ্ৰিয় ফুটবলাৰজনে।

“এতিয়া মই ঘূৰি আহিছো। মোৰ পৰিয়াল, মোৰ ঘৰ সকলো ছিকিমত আছে। মই এই গৃহভূমিৰ সন্তান। মই নিজকে সংকল্পবদ্ধ কৰিবলৈ সমৰ্থ হ’ম। মই ভাবো ইয়াত মই অধিক বৰঙনি দিব পাৰিম।” এইদৰে কয় তেওঁ।
আনহাতে গোৰ্খালেণ্ড বিষয়টোত মত দি তেওঁ কয় যে তেওঁ গোৰ্খালেণ্ড বিষয়টোত তৃণমূল কংগ্ৰেছৰ স্থিতিৰ সৈতে একমত নহয়।

ৰাজীৱ ৰয়

ৰাজীৱ ৰয়

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চিকিৎসালয়ত উত্তৰ কোৰিয়াৰ দৰে বন্দী কৰি ৰাখিছিল : আৰু বহু ভয়ংকৰ অভিযোগ সোণম ৱাংছুকৰ

চিকিৎসালয়ত উত্তৰ কোৰিয়াৰ দৰে বন্দী কৰি ৰাখিছিল : আৰু বহু ভয়ংকৰ অভিযোগ সোণম ৱাংছুকৰ

July 25, 2026 10:01 am
মহাৰাষ্ট্ৰৰ চৰকাৰী চিকিৎসালয়ত মুকলি হ’ল ৫-ষ্টাৰ ৰেটিং ব্যৱস্থা

মহাৰাষ্ট্ৰৰ চৰকাৰী চিকিৎসালয়ত মুকলি হ’ল ৫-ষ্টাৰ ৰেটিং ব্যৱস্থা

July 25, 2026 8:05 am
জাল জিৰা পানী খোৱাৰ উপকাৰিতা

জাল জিৰা পানী খোৱাৰ উপকাৰিতা

July 25, 2026 6:39 am
সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

July 24, 2026 9:40 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চিকিৎসালয়ত উত্তৰ কোৰিয়াৰ দৰে বন্দী কৰি ৰাখিছিল : আৰু বহু ভয়ংকৰ অভিযোগ সোণম ৱাংছুকৰ

চিকিৎসালয়ত উত্তৰ কোৰিয়াৰ দৰে বন্দী কৰি ৰাখিছিল : আৰু বহু ভয়ংকৰ অভিযোগ সোণম ৱাংছুকৰ

July 25, 2026 10:01 am
মহাৰাষ্ট্ৰৰ চৰকাৰী চিকিৎসালয়ত মুকলি হ’ল ৫-ষ্টাৰ ৰেটিং ব্যৱস্থা

মহাৰাষ্ট্ৰৰ চৰকাৰী চিকিৎসালয়ত মুকলি হ’ল ৫-ষ্টাৰ ৰেটিং ব্যৱস্থা

July 25, 2026 8:05 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd