• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, January 27, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

পুৰণিগুদামত বধিৰ ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকৰ সৈতে শৈক্ষিক মত বিনিময় অনুষ্ঠান

NE NOW NEWS মিন্টূ দাস
নগাঁও , June 14, 2018 6:55 am

2 min read

মিন্টু ফটো 3.jpg 1
127
VIEWS
Share on FacebookShare on Twitter

ঈশ্বৰ প্ৰদত্ত বিশেষ প্ৰতিভাসম্পন্ন বধিৰ ছাত্ৰ -ছাত্ৰী সকলক শৈক্ষিক দিশত আগবঢ়াই নিয়াৰ উদ্দেশ্যৰে  বুধবাৰে  শ্ৰী শিৰডী সাইবাবা সেৱা ট্ৰাষ্ট, নগাঁৱৰ পুৰণিগুদাম ভীমৰগাঁওস্থিত সাইবাবা মন্দিৰ প্ৰাঙ্গণত বাণীৰ  সহযোগত বধিৰ ছাত্ৰ-ছাত্ৰী সকল আৰু অভিভাৱকৰ মাজত এখনি শৈক্ষিক মতবিনিময় অনুষ্ঠান অনুষ্ঠিত হয় ৷

দেশৰ বধিৰ নৱ প্ৰজন্মক শৈক্ষিক দিশত আগুৱাই নি সমাজত প্ৰতিষ্ঠা লাভ কৰাবলৈ বিশেষভাৱে সহায় কৰি অহা বে-চৰকাৰী প্ৰতিষ্ঠান ”বাণী”ৰ প্ৰত্যক্ষ সহযোগত আৰু শ্ৰী শিৰডী সেৱা ট্ৰাষ্ট, নগাঁৱৰ উদ্যোগত অনুষ্ঠিত হোৱা এই মত বিনিময় অনুষ্ঠান বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰে শিক্ষয়িত্ৰী ৰুবিকা পাঙটে৷

সাই বাবা সেৱা ট্ৰাষ্ট, নগাঁৱৰ ন্যাসৰক্ষী দুৰ্লভ বৰুৱাই আঁত ধৰা  অনুষ্ঠানটোত প্ৰায় পঞ্চাশ গৰাকী বিভিন্ন বয়সৰ বধিৰ ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱক উপস্থিত থকাৰ লগতে বাণী’ৰ প্ৰকল্প বিষয়া মুকুট ডেকা আৰু অভিভাৱক প্ৰশিক্ষিকা বাসনা দেৱনাথ, সাংবদিক নীলৰঞ্জন শৰ্মা, তাহিৰুল ইছলাম উপস্থিত থাকি শৈক্ষিক দিশৰ ওপৰত মত বিনিময় কৰে।

উক্ত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানতে  ভীমৰগাঁওস্থিত সাইবাবা মন্দিৰ প্ৰাঙ্গণত এটি  পুৰণা পাঠ্যপুথি সংগ্ৰহ আৰু বিতৰণ কেন্দ্ৰ শুভাৰম্ভ কৰাৰ লগতে ন্যাসৰক্ষী দেবু পাঙটেয়ে পাঠ্যপুথিসমূহ বিতৰণ কৰে৷

অনুষ্ঠানৰ শেষত চাইন (সাংকেতিক)ভাষাৰ মাধ্যমেৰে বধিৰ ছাত্ৰ-ছাত্ৰীসকলে ৰাষ্ট্ৰীয় সংগীত পৰিবেশন কৰাৰ লগতে সাইবাবাৰ ট্ৰাষ্টৰ প্ৰাঞ্জল বৰুৱাই উপস্থিত সকলোকে ধন্যবাদ জ্ঞাপন কৰে।

Recent News

দেৰগাঁও সমষ্টিৰ প্ৰাক্তন কংগ্ৰেছ বিধায়িকা আৰতি হাজৰিকা কছাৰীৰ দেহাৱসান

দেৰগাঁও সমষ্টিৰ প্ৰাক্তন কংগ্ৰেছ বিধায়িকা আৰতি হাজৰিকা কছাৰীৰ দেহাৱসান

মিছন ১০০ প্লাছ; পুনৰ অসম ভ্ৰমণলৈ আহিব প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী

মিছন ১০০ প্লাছ; পুনৰ অসম ভ্ৰমণলৈ আহিব প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী

AIUDF-কে ধৰি মিত্ৰ দল সমূহক উচটনিমূলক মন্তব্য কৰাৰ পৰা বিৰত থাকিবলৈ আহ্বান কংগ্ৰেছৰ

AIUDF-কে ধৰি মিত্ৰ দল সমূহক উচটনিমূলক মন্তব্য কৰাৰ পৰা বিৰত থাকিবলৈ আহ্বান কংগ্ৰেছৰ

দিল্লীত কৃষকৰ হিংসাত্মক প্ৰতিবাদৰ পাছতে হাৰিয়ানাৰ তিনিখন জিলাত মোবাইল ইণ্টাৰনেট সেৱা কৰ্তন

দিল্লীত কৃষকৰ হিংসাত্মক প্ৰতিবাদৰ পাছতে হাৰিয়ানাৰ তিনিখন জিলাত মোবাইল ইণ্টাৰনেট সেৱা কৰ্তন

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd