ঈশ্বৰ প্ৰদত্ত বিশেষ প্ৰতিভাসম্পন্ন বধিৰ ছাত্ৰ -ছাত্ৰী সকলক শৈক্ষিক দিশত আগবঢ়াই নিয়াৰ উদ্দেশ্যৰে বুধবাৰে শ্ৰী শিৰডী সাইবাবা সেৱা ট্ৰাষ্ট, নগাঁৱৰ পুৰণিগুদাম ভীমৰগাঁওস্থিত সাইবাবা মন্দিৰ প্ৰাঙ্গণত বাণীৰ সহযোগত বধিৰ ছাত্ৰ-ছাত্ৰী সকল আৰু অভিভাৱকৰ মাজত এখনি শৈক্ষিক মতবিনিময় অনুষ্ঠান অনুষ্ঠিত হয় ৷
দেশৰ বধিৰ নৱ প্ৰজন্মক শৈক্ষিক দিশত আগুৱাই নি সমাজত প্ৰতিষ্ঠা লাভ কৰাবলৈ বিশেষভাৱে সহায় কৰি অহা বে-চৰকাৰী প্ৰতিষ্ঠান ”বাণী”ৰ প্ৰত্যক্ষ সহযোগত আৰু শ্ৰী শিৰডী সেৱা ট্ৰাষ্ট, নগাঁৱৰ উদ্যোগত অনুষ্ঠিত হোৱা এই মত বিনিময় অনুষ্ঠান বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰে শিক্ষয়িত্ৰী ৰুবিকা পাঙটে৷
সাই বাবা সেৱা ট্ৰাষ্ট, নগাঁৱৰ ন্যাসৰক্ষী দুৰ্লভ বৰুৱাই আঁত ধৰা অনুষ্ঠানটোত প্ৰায় পঞ্চাশ গৰাকী বিভিন্ন বয়সৰ বধিৰ ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱক উপস্থিত থকাৰ লগতে বাণী’ৰ প্ৰকল্প বিষয়া মুকুট ডেকা আৰু অভিভাৱক প্ৰশিক্ষিকা বাসনা দেৱনাথ, সাংবদিক নীলৰঞ্জন শৰ্মা, তাহিৰুল ইছলাম উপস্থিত থাকি শৈক্ষিক দিশৰ ওপৰত মত বিনিময় কৰে।
উক্ত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানতে ভীমৰগাঁওস্থিত সাইবাবা মন্দিৰ প্ৰাঙ্গণত এটি পুৰণা পাঠ্যপুথি সংগ্ৰহ আৰু বিতৰণ কেন্দ্ৰ শুভাৰম্ভ কৰাৰ লগতে ন্যাসৰক্ষী দেবু পাঙটেয়ে পাঠ্যপুথিসমূহ বিতৰণ কৰে৷
অনুষ্ঠানৰ শেষত চাইন (সাংকেতিক)ভাষাৰ মাধ্যমেৰে বধিৰ ছাত্ৰ-ছাত্ৰীসকলে ৰাষ্ট্ৰীয় সংগীত পৰিবেশন কৰাৰ লগতে সাইবাবাৰ ট্ৰাষ্টৰ প্ৰাঞ্জল বৰুৱাই উপস্থিত সকলোকে ধন্যবাদ জ্ঞাপন কৰে।