• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, July 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পূৰ্বৰ চাকৰি এৰি ‘অধিক ভাল চাকৰি’লৈ যাবলৈ প্ৰসেনজিৎ ঘোষে ৰাকেশ পালক দ্বিতীয়বাৰত দিছিল ৩৫ লাখ টকা

দুৰ্লভ গগৈ by দুৰ্লভ গগৈ
April 11, 2018 8:07 am
PrasenjitGhosh
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাকেশ পালৰ দিনৰ এ পি এছ চিৰ পৰীক্ষা ইমান ‘আচান’ আছিল যে মেধাহীনেও এবাৰ নহয় দুবাৰকৈ উত্তীৰ্ণ হৈ দেখুৱাইছিল। কঠিন আৰু উচ্চ মেধাশক্তিৰ প্ৰয়োজন হোৱা এটা পৰীক্ষা তেনেই পানীমিঠৈ হৈ পৰিছিল প্ৰসেনজিৎ ঘোষৰ বাবে, যিজন আকৌ উচ্চতৰ মাধ্যমিক পৰীক্ষাত তৃতীয় বিভাগতহে উত্তীৰ্ণ হ’ব পাৰিছিল। তেওঁৰ বাবে এ পি এছ চিৰ পৰীক্ষা উত্তীৰ্ণ হোৱাৰ যাদু এবাৰ যদি আছিল ‘আত্মীয়তা’, আনবাৰ আছিল মোটা অংকৰ টকা।

হয়, দুবাৰকৈ এ পি এছ চিৰ পৰীক্ষাত চমৎকাৰী সফলতা দেখুওৱা প্ৰসেনজিৎ ঘোষৰ নতুন নতুন কাহিনী পোহৰলৈ আহি আছে। এ পি এছ চিৰ কেলেংকাৰিৰ তদন্তকাৰী বিষয়া সুৰজিৎ সিং পানেচাৰে নিজে সন্মুখত বহাই লৈ কৰা জেৰাৰ সময়ত প্ৰসেনজিৎ ঘোষৰ চাকৰি ক্ৰয়ৰ ন ন চমৎকাৰী দিশ উন্মোচিত হৈয়ে আছে।

Apply Now

জেৰাৰ সময়ত প্ৰসেনজিৎ ঘোষে জানিবলৈ দিয়া মতে, প্ৰথমবাৰ মোমায়েক তথা তদানীন্তন অসম লোকসেৱা আয়োগৰ অধ্যক্ষ ৰাকেশ পালৰ আত্মীয়তাৰ সূত্ৰে পৰীক্ষাত উত্তীৰ্ণ হৈ কৰ পৰিদৰ্শকৰ চাকৰি লোৱাৰ পিছত আকৌ অধিক ‘লাভজনক চাকৰি’ লোৱাৰ বাবে দ্বিতীয়বাৰ পৰীক্ষাত বহি মোমায়েক ৰাকেশ পালক ৩৫ লাখ টকা দিছিল। এইবাৰ মোমায়েকে বিনা পইচাত চাকৰি দিয়া নাছিল ভাগিনিয়েকক। বৃহৎ অংকৰ ধন দিয়াৰ বাবেই তেতিয়াৰ অধ্যক্ষ ৰাকেশ পালৰ ভায়েক ৰাজীৱ পালৰ ছপাশালত ছপা কৰা ভুৱা উত্তৰ বহীত উত্তৰ লিখাৰ সুযোগ পাইছিল প্ৰসেনজিৎ ঘোষে।

উল্লেখযোগ্য যে যোৱা ৮ এপ্ৰিলত এ পি এছ চিৰ কেলেংকাৰিৰ তদন্ত কৰি থকা ডিব্ৰুগড় আৰক্ষীৰ এটা দলে বিতৰ্কিত ৰাজপত্ৰিত বিষয়া তথা শোণিতপুৰ জিলাৰ জিলা পৰিবহণ বিষয়া হিচাপে কৰ্মৰত প্ৰসেনজিৎ ঘোষক জিলাৰ উপায়ুক্তৰ কাৰ্য্যালয়ত এখন বৈঠকত ভাগ লৈ থকা অৱস্থাতে গ্ৰেপ্তাৰ কৰিছিল।

তেওঁক এ পি এছ চিৰ ‘ধনৰ বিনিময়ত চাকৰি’ ৰাজ্যজুৰি চাঞ্চল্য সৃষ্টিকাৰী কেলেংকাৰিটোত জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে। শোণিতপুৰলৈ বদলি হোৱাৰ পূৰ্বে তেওঁ কৰ পৰিবহণ বিষয়া হিচাপে কামৰূপ মহানগৰ জিলাত নিযুক্তি হৈ আছিল। তেওঁৰ নাম মহানগৰীৰৰ বশিষ্ঠৰ পৰা নিয়ন্ত্ৰিত কয়লা ছিণ্ডিকেটৰ সৈতেও সাঙোৰ খাই পৰিছিল। ইয়াৰ পিছতে তেওঁক যোৱা ১০ মাৰ্চত শোণিতপুৰলৈ বদলি কৰা হৈছিল।

মন কৰিব লগীয়া কথাটো হ’ল প্ৰসেনজিৎ ঘোষে নিজৰ পত্নীকো দিয়াইছিল এ চি এছৰ চাকৰি। লগতে তেওঁ ৰাকেশ পালৰ আত্মীয় হোৱাৰ সুবাদতে আন বহুতকে ধনৰ বিনিময়ত চাকৰি দিয়া-লোৱাৰ ব্যৱস্থা কৰি দিছিল। এই সকলোবোৰ তথ্যৰ লগতে আন ভালেমান চাঞ্চল্যকৰ তথ্য আৰক্ষীৰ জেৰাৰ সময়ত প্ৰসেনজিৎ ঘোষে স্বীকাৰ কৰা বুলি সূত্ৰটোৱে জনাইছে। ঘোষ বৰ্তমান ১৪ দিনৰ আৰক্ষীৰ জিম্মাত আছে আৰু তেওঁক তদন্তকাৰী আৰক্ষীয়ে অবিৰাম জেৰা চলাই আছে।

দুৰ্লভ গগৈ

দুৰ্লভ গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মুম্বাইত বৰষুণৰ তাণ্ডৱ, ১০ জনৰ মৃত্যু; ভূমিস্খলনৰ বাবে বন্ধ পুনে-মুম্বাই এক্সপ্ৰেছৱে, বন্ধ স্কুল-কলেজ

মুম্বাইত বৰষুণৰ তাণ্ডৱ, ১০ জনৰ মৃত্যু; ভূমিস্খলনৰ বাবে বন্ধ পুনে-মুম্বাই এক্সপ্ৰেছৱে, বন্ধ স্কুল-কলেজ

July 6, 2026 11:13 am
মেক্সিকোৰ বিৰুদ্ধে ১০ জনেৰে খেলি তীব্ৰ যুঁজত বিজয়ী হেৰী কেনৰ ইংলেণ্ড; কোৱাৰ্টাৰত এইবাৰ প্ৰতিপক্ষ নৰৱে

মেক্সিকোৰ বিৰুদ্ধে ১০ জনেৰে খেলি তীব্ৰ যুঁজত বিজয়ী হেৰী কেনৰ ইংলেণ্ড; কোৱাৰ্টাৰত এইবাৰ প্ৰতিপক্ষ নৰৱে

July 6, 2026 9:56 am
‘নীতিন গাডকাৰীৰ পৰীক্ষা-নিৰীক্ষাত ধ্বংস হৈছে আমাৰ গাড়ী!’ ‘ইথানল মিহলি পেট্ৰ’ল’ৰ বিৰুদ্ধে দিল্লীত প্ৰতিবাদ

‘নীতিন গাডকাৰীৰ পৰীক্ষা-নিৰীক্ষাত ধ্বংস হৈছে আমাৰ গাড়ী!’ ‘ইথানল মিহলি পেট্ৰ’ল’ৰ বিৰুদ্ধে দিল্লীত প্ৰতিবাদ

July 6, 2026 8:56 am
হালেণ্ডৰ আধিপত্য, নেইমাৰৰ স্বপ্নভংগ! বিশ্বকাপৰ পৰা বিদায় ব্ৰাজিলৰ; ইতিহাস ৰচি কোৱাৰ্টাৰ ফাইনেলত নৰৱে

হালেণ্ডৰ আধিপত্য, নেইমাৰৰ স্বপ্নভংগ! বিশ্বকাপৰ পৰা বিদায় ব্ৰাজিলৰ; ইতিহাস ৰচি কোৱাৰ্টাৰ ফাইনেলত নৰৱে

July 6, 2026 7:48 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মুম্বাইত বৰষুণৰ তাণ্ডৱ, ১০ জনৰ মৃত্যু; ভূমিস্খলনৰ বাবে বন্ধ পুনে-মুম্বাই এক্সপ্ৰেছৱে, বন্ধ স্কুল-কলেজ

মুম্বাইত বৰষুণৰ তাণ্ডৱ, ১০ জনৰ মৃত্যু; ভূমিস্খলনৰ বাবে বন্ধ পুনে-মুম্বাই এক্সপ্ৰেছৱে, বন্ধ স্কুল-কলেজ

July 6, 2026 11:13 am
মেক্সিকোৰ বিৰুদ্ধে ১০ জনেৰে খেলি তীব্ৰ যুঁজত বিজয়ী হেৰী কেনৰ ইংলেণ্ড; কোৱাৰ্টাৰত এইবাৰ প্ৰতিপক্ষ নৰৱে

মেক্সিকোৰ বিৰুদ্ধে ১০ জনেৰে খেলি তীব্ৰ যুঁজত বিজয়ী হেৰী কেনৰ ইংলেণ্ড; কোৱাৰ্টাৰত এইবাৰ প্ৰতিপক্ষ নৰৱে

July 6, 2026 9:56 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd