• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, March 1, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

পৃথক কমতাপুৰ-জনজাতিকৰণৰ দাবীত পুনৰ উত্তাল নামনি অসমৰ বিভিন্ন অঞ্চল

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , July 20, 2018 9:16 am

2 min read

37635836_834384953618955_3002117492056260608_n

শিৱসাগৰৰ ৰাজপথত বন্ধ সমৰ্থকে টায়াৰ জ্বলোৱাৰ দৃশ্য

89
VIEWS
Share on FacebookShare on Twitter

পৃথক কমতাপুৰ ৰাজ্য গঠন আৰু কোচ ৰাজবংশীসকলক জনজাতিকৰণ কৰাৰ দাবীত সদৌ অসম কোচ ৰাজবংশী ছাত্ৰ সন্থাই আজি ৰাতিপুৱা ৫ বজাৰ পৰা আহ্বান জনোৱা ২৪ ঘণ্টীয়া অসম বন্ধৰ ফলত নামনি অসমৰ বিভিন্ন স্থানত স্তব্ধ হৈ পৰিছে স্বাভাৱিক জনজীৱন।

গোৱালপাৰা জিলাৰ দুধনৈ, লেলা, দৰংগিৰি, ৰংজুলি আদি ঠাইত বন্ধৰ প্ৰভাৱ সৰ্বাত্মক হোৱা বুলি জানিব পৰা গৈছে। ৰাজপথত টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰিছে জিলাখনৰ বন্ধ সমৰ্থক সকলে। আক্ৰাছুই আহ্বান জনোৱা এই বন্ধত সম্পূৰ্ণৰূপে ব্যাহত হৈ পৰিছে যান–বাহনৰ চলাচল, স্কুল–কলেজৰ লগতে ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ।

ইফালে কোকৰাঝাৰতো আক্ৰাছুৰ ২৪ ঘণ্টীয়া অসম বন্ধৰ সৰ্বাত্মক প্ৰভাৱ পৰা পৰলিক্ষিত হৈছে। বন্ধৰ ফলত শ্ৰীৰামপুৰত আবদ্ধ হৈ পৰিছে শ শ যাত্ৰীবাহী–মালবাহী গাড়ী। তাৰোপৰি ধুবুৰীৰ পাগলাহাটৰ লগতে বিভিন্ন অঞ্চলত বন্ধ সমৰ্থকে ৰাজপথত টায়াৰ জ্বলাই সাব্যস্ত কৰিছে প্ৰতিবাদ।

বাক্সা জিলাৰ তামুলপুৰ, গোৰেশ্বৰ, শালবাৰী আদি ঠাইতো আক্ৰাছুৰ অসম বন্ধৰ প্ৰভাৱ সৰ্বাত্মক ৰূপত দেখা গৈছে। তামুলপুৰৰ মটঙা চ’ক, গোৰেশ্বৰ আদি ঠাইত আক্ৰাছু সমৰ্থকে ৰাজপথত টায়াৰ জ্বলাই চৰকাৰৰ বিৰুদ্ধে বিভিন্ন শ্লোগান আওৰাই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। এই বন্ধৰ বাবে বৃহত্তৰ অঞ্চলটোত সম্পূৰ্ণৰূপে স্তব্ধ হৈ পৰিছে যান–বাহনৰ চলাচল তথা দোকান–পোহাৰ।

নামনি অসমৰ বিপৰীতে আক্ৰাছু আৰু চিলাৰায় সেনাই আহ্বান জনোৱা অসম বন্ধৰ আংশিক প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে শিৱসাগৰ জিলাত। জিলাখনৰ বন্ধ সমৰ্থকে ৰাতিপুৱাই চহৰৰ দ’লমুখ চাৰিআলি, ষ্টেশ্যন চাৰিআলি, মুক্তিনাথ চাৰিআলিৰ লগতে ৰংঘৰৰ সন্মুখত টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে।

Recent News

কৃষক আন্দোলন : লালকিল্লাত হোৱা হিংসাত্মক কাণ্ডৰ আঁৰত বিজেপিক জড়িত কৰিলে অৰবিন্দ কেজৰিৱালে

কৃষক আন্দোলন : লালকিল্লাত হোৱা হিংসাত্মক কাণ্ডৰ আঁৰত বিজেপিক জড়িত কৰিলে অৰবিন্দ কেজৰিৱালে

road-accident-1

বাক্সা জিলাৰ নাগ্ৰীজুলিত ভয়াৱহ পথ দুৰ্ঘটনা : নিহত এক; আহত ছয়

মুক্তি লাভ কৰিয়েই আৰক্ষীৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰিল শ্ৰমিক অধিকাৰ কৰ্মী নদীপ কৌৰ, অত্যাচাৰৰ লগতে বৰ্ণবৈষম্যমূলক আচৰণৰো অভিযোগ

মুক্তি লাভ কৰিয়েই আৰক্ষীৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰিল শ্ৰমিক অধিকাৰ কৰ্মী নদীপ কৌৰ, অত্যাচাৰৰ লগতে বৰ্ণবৈষম্যমূলক আচৰণৰো অভিযোগ

index.jpgk

লাহৰীঘাটত অগপৰ প্ৰাৰ্থীত্ব কেন্দ্ৰীক অন্তঃকন্দল : ৰাজপথত জ্বলিল প্ৰাৰ্থীত্ব প্ৰত্যাশীৰ পুত্তলিকা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd