• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 19, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

পৃথক ঘটনাত বৰপেটাত দুজন মহাবিদ্যালয়ৰ ছাত্ৰৰ সলিল সমাধি

NE NOW NEWS শশাংক তালুকদাৰ
বজালী , July 18, 2018 8:51 pm

2 min read

Two-drown-570x320
93
VIEWS
Share on FacebookShare on Twitter

বজালীত দুটা পৃথক ঘটনাত সলিল সমাধি ঘটি দুজন ছাত্ৰৰ মৃত্যু ঘটাৰ বাতৰি পোৱা গৈছে। আজি দুপৰীয়া বৰপেটা জিলাৰ বজালী মহকুমাৰ পাঠশালা চহৰত এজন আৰু কুৰোবাহা টংলাত আন এজন ছাত্ৰৰ পানীত ডুবি মৃত্যু ঘটে।

জানিব পৰা মতে, গৰমৰ পৰা ৰক্ষা পাবলৈ পুখুৰীত নামি গা ধুবলৈ যোৱা  ছাত্ৰ দুজনৰ পুখুৰীৰ পানীত ডুবি মৃত্যু হয়।

প্ৰথম ঘটনাত পাঠশালাৰ কৃষ্ণকান্ত সন্দিকৈ জুনিয়ৰ কলেজৰ দ্বিতীয় বাৰ্ষিকৰ ছাত্ৰ ১৮বছৰ বয়সীয়া ধৃতিমান পাটগিৰিয়ে বন্ধুবৰ্গৰ সৈতে পাঠশালা মহাবিদ্যালয়ৰ পুখুৰীটোত গা ধুবলৈ নামে। গা ধুই থাকোঁতেই হঠাতে ধৃতিমান পানীত ডুবি যায়।

তাৰ পাছত স্থানীয় ৰাইজে তেওঁক জাল মাৰি পানীৰ পৰা তুলি আনে আৰু ততাতৈয়াকৈ পাঠশালাৰ চহিদ মদন ৰাউতা চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও চিকিৎসকে তেওঁক চিকিৎসাললৈ অনা বাটতেই মৃত বুলি ঘোষণা কৰে। ধৃতিমানৰ পিতৃৰ নাম হৈছে কুলেন পাটগিৰি। তেওঁৰ ঘৰ বৰপেটা জিলাৰ মুগুৰীয়াত।

আন এটা ঘটনাত ভৱানীপুৰ হস্তিনাপুৰ বিজনী (BHB) মহাবিদ্যালয়ৰ ছাত্ৰ যুৱৰাজ তালুকদাৰৰ পুখুৰীৰ পানীত ডুবি মৃত্যু ঘটে। যুৱৰাজৰ বয়স প্ৰায় ২০ বছৰ।

যুৱৰাজৰ পিতৃৰ নাম শৰৎ চন্দ্ৰ তালুকদাৰ। তেওঁৰ ঘৰ বৰপেটা জিলাৰ কুৰোবাহা টংলাত।

ছাত্ৰ দুজনৰ পানীত ডুবি মৃত্যু হোৱাৰ বাতৰি ৰাষ্ট্ৰ হৈ পৰাৰ লগে লগে সমগ্ৰ বৰপেটাতে চাঞ্চল্যৰ সৃষ্টি হয়। ছাত্ৰ দুজনৰ আকস্মিক মৃত্যুত দুয়োটা পৰিয়ালৰ সদস্যসকল হত-চকিত হৈ পৰে। পাছত ছাত্ৰ দুজনৰ মৃতদেহ দুটা পাঠশালাৰ চহিদ মদন ৰাউতা অসামৰিক চিকিৎসালয়ৰ পৰা মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰাৰ বাবে বৰপেটাৰ ফখৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয়লৈ লৈ যোৱা হয়।

Recent News

a bbbjjj

পুনৰ এবাৰ গতানুগতিক নিৰ্বাচনী ইস্তাহাৰৰে নিৰ্বাচনলৈ সাজু হ’ব নেকি বিজেপি?

পৰিত্যক্ত অৱস্থাত মূল্যবান চৰকাৰী ভূমি; সাংস্কৃতিক প্ৰকল্প স্থাপনৰ আহ্বান টীয়কবাসীৰ

পৰিত্যক্ত অৱস্থাত মূল্যবান চৰকাৰী ভূমি; সাংস্কৃতিক প্ৰকল্প স্থাপনৰ আহ্বান টীয়কবাসীৰ

সকলো বুথ পৰ্য্যায়ৰ কংগ্ৰেছ কৰ্মীয়ে নিজকে ৰিপুন বৰা বুলি ভাৱক : কংগ্ৰেছী মীৰা বৰঠাকুৰ

সকলো বুথ পৰ্য্যায়ৰ কংগ্ৰেছ কৰ্মীয়ে নিজকে ৰিপুন বৰা বুলি ভাৱক : কংগ্ৰেছী মীৰা বৰঠাকুৰ

অসমৰ শেষ সীমান্ত জাগুনত স্থাপন হ’ব অসম ৰাজ্যিক পৰিবহন নিগমৰ বাছ আস্থান

অসমৰ শেষ সীমান্ত জাগুনত স্থাপন হ’ব অসম ৰাজ্যিক পৰিবহন নিগমৰ বাছ আস্থান

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd