• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, February 26, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

প্ৰবীণ বামপন্থী নেতা তথা প্ৰাক্তন বিধায়ক বিপিন হাজৰিকাৰ দেহাৱসান

NE NOW NEWS এন ই নাও নিউজ ব্যৰো
ডুমডুমা , December 4, 2017 5:52 pm

1 min read

প্ৰবীণ বামপন্থী নেতা তথা প্ৰাক্তন বিধায়ক বিপিন হাজৰিকাৰ দেহাৱসান
62
VIEWS
Share on FacebookShare on Twitter

প্ৰবীণ কমিউনিষ্ট নেতা তথা প্ৰাক্তন বিধায়ক বিপিন হাজৰিকাই যোৱা ৩ ডিচেম্বৰত নিজ গৃহত শেষ নিশ্বাস ত্যাগ কৰে।  মৃত্যুৰ সময়ত হাজৰিকা দেৱে এজন পুত্ৰ আৰু এগৰাকী জীয়ৰীক এৰি থৈ যায়। তেওঁ সহধৰ্মিণী তথা ডুমডুমা হাইস্কুলৰ প্ৰধান শিক্ষয়িত্ৰী অমিয়া হাজৰিকাৰ যোৱা বছৰত মৃত্যু হৈছিল। ছাত্ৰ অৱস্থাৰ পৰাই ৰাজনৈতিকভাৱে সক্ৰিয় বিপিন হাজৰিকাই যোৰহাটৰ জে বি কলেজৰ ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক হিচাপে নিৰ্বাচিত হৈছিল। তেওঁ ছাত্ৰ অৱস্থাতেই দুলাল চন্দ্ৰ বৰুৱা আদিৰ দৰে প্ৰবীণ বামপন্থী নেতা সকলৰ সংস্পৰ্শলৈ আহিছিল। কৃষক আন্দোলনৰ লগত ঘনিষ্ঠভাৱে জড়িত হাজৰিকা দেৱে ১৯৬২ চনত কাকপথাৰৰ মেছাকী সংৰক্ষিত বনাঞ্চলত বহু ভূমিহীন কৃষকক পুনৰ সংস্থাপন কৰাত গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল। ১৯৭৫ ৰ জৰুৰীকালীন অৱস্থাত ১৯ মাহৰ কাৰাবাস খটা বিপিন হাজৰিকাই ১৯৭৮ চনত গোলাপ বৰবৰাৰ মন্ত্ৰী সভাত চি পি আই (এম)ৰ পৰা শদিয়া সমষ্টিৰ বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল। ইয়াৰ উপৰি তেওঁ কৃষক সভাৰো সম্পাদক আছিল। ৮১ বছৰত মৃত্যু হোৱা হাজৰিকা দেৱৰ মৃতদেহ তেওঁৰ ইচ্ছা অনুসৰি ইলোৰা বিজ্ঞান মঞ্চৰ জৰিয়তে ডিব্ৰুগড়ৰ অসম মেডিকেল কলেজক আৰু চকুযোৰ তিনিচুকীয়া আই বেংকত দান দিয়া হয়।

Recent News

lurrriiinnnn

২০১৬-২০২১ লৈকে অত্যাৱশ্যকীয়-নিৰ্মাণ সামগ্ৰীৰ দাম কিমান বৃদ্ধি পালে? হিচাপ দিলে লুৰীণজ্যোতিয়ে

a nirab

নীৰৱ মোদীক ভাৰতলৈ প্ৰত্যৰ্পনত অনুমোদন ব্ৰিটেইনৰ আদালতৰ

Represntative

OMG! অস্ত্রোপচাৰত গৰুৰ পেটৰ পৰা ওলাল ৭১ কিলোগ্ৰাম প্লাষ্টিকৰ লগতে আন ধাতৱ সামগ্ৰী

a face

ছ’চিয়েল মিডিয়াক নিয়ন্ত্ৰণ কৰিবলৈ কেন্দ্ৰৰ নতুন নিয়ম, ২৪ ঘণ্টাৰ ভিতৰত আঁতৰাব লাগিব অশ্লীল ছবি, আৰু কি আছে?

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd