• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

প্ৰাক্তন কংগ্ৰেছ বিধায়ক বিবেকানন্দ দলৈৰ মৃত্যু

এন ই নাও নিউজ by এন ই নাও নিউজ
April 22, 2018 8:03 pm
Bibekananda-Doloi-APCC-E-1
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মৰিগাওঁ জিলাৰ জাগীৰোড বিধানসভা সমষ্টিক দুবাৰকৈ প্ৰতিনিধিত্ব কৰা প্ৰাক্তন বিধায়ক তথা কংগ্ৰেছ নেতা বিবেকানন্দ দলৈ যোৱা নিশা গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে। দীৰ্ঘদিনে দুৰাৰোগ্য কেঞ্চাৰ ৰোগত আক্ৰান্ত হৈ থকা প্ৰাক্তন কংগ্ৰেছ নেতাজনে মৃত্যুৰ সময়ত পত্নী, এজন পুত্ৰ আৰু এগৰাকী কন্যা সন্তানক এই সংসাৰত এৰি থৈ যায়।

২০০১ চনত বিবেকানন্দ দলৈ পোন প্ৰথমবাৰৰ বাবে জাগীৰোড সমষ্টিৰ পৰা প্ৰত্যক্ষ ৰাজনীতিত প্ৰৱেশ কৰি নিৰ্বাচনত অৱতীৰ্ণ হৈছিল যদিও বিধানসভালৈ মনোনিত হ’ব নোৱাৰিলে। কিন্তু তাৰ পাছত একেৰাহে দুবাৰ ২০০৬ আৰু ২০১১ চনত উক্ত সমষ্টিৰ পৰাই নিৰ্বাচিত হয়। ২০১১-১৬ চনলৈ তৰুণ গগৈ নেতৃত্বাধীন চৰকাৰৰ শাসন কালত দলৈয়ে সংসদীয় সচিবৰ দায়িত্বও পালন কৰিছিল।

Apply Now

লক্ষ্যণীয়ভাৱে ২০১৬ চনতো দলৈয়ে জাগীৰোড সমষ্টিৰ পৰা নিজৰ প্ৰাৰ্থীত্ব আগবঢ়াইছিল যদিও বিজেপিৰ প্ৰতিদ্বণ্ডী পিয়ুষ হাজৰিকাৰ হাতত পৰাস্ত হৈছিল।

প্ৰাক্তন বিধায়কগৰাকীৰ মৃত্যুত অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে গভীৰ শোক প্ৰকাশ কৰে। মু্খ্য মন্ত্ৰীজনে এক শোকবাৰ্তাত কয় যে বিধায়কগৰাকীয়ে সমাজলৈ আগবঢ়োৱা অৱদানক জনসাধাৰণে সদায় স্মৰণ কৰিব। তেওঁৰ মৃত্যু ৰাজ্যখনৰ বাবে এক অপূৰণীয় ক্ষতি। আনহাতে তেওঁৰ বিদেহ আত্মাৰ চিৰ শান্তিৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনোৱাৰ উপৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈও গভীৰ সমবেদনা জ্ঞাপন কৰে।

ইফালে প্ৰাক্তন কংগ্ৰেছ কৰ্মীজনৰ আকস্মিক মৃত্যুত ৰাজ্যৰ বিত্ত, স্বাস্থ্য আৰু শিক্ষা মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই দুখ প্ৰকাশ কৰাৰ লগতে তেওঁৰ বিদেহী আত্মাই চিৰ শান্তি লাভ কৰাৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনায়।

‘সতীৰ্থ তথা প্ৰাক্তন বিধায়কগৰাকীৰ আকস্মিক মৃত্যুৰ খবৰে মৰ্মাহত কৰিছে। বিশাল মনৰ অধিকাৰী দলৈয়ে সদায় ৰাইজৰ পক্ষত থিয় দিছিল। পৰিয়ালৰ লোকক গভীৰ সমবেদনা জ্ঞাপন কৰিছো’। এইদৰে মন্ত্ৰী হিমন্তই টুইটাৰ যোগে নিজৰ দুখ প্ৰকাশ কৰে।

আনহাতে প্ৰাক্তন বিধায়কজনৰ পাৰ্থীৱ শৰীৰ আজি দিনৰ ভাগত ৰাজীৱ ভৱনলৈ অনা হয় আৰু তাত কংগ্ৰেছ নেতা-কৰ্মীসকলে শেষ শ্ৰদ্ধাঞ্জলী জনায়।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

খামেনেইৰ শেষকৃত্যত ভাৰতীয় প্ৰতিনিধি: নতুন দিল্লীক কৃতজ্ঞতা ইৰানৰ , আমেৰিকাৰ ভাবুকিৰ বাবে আঁতৰি থাকিল ১৩খন দেশ   

খামেনেইৰ শেষকৃত্যত ভাৰতীয় প্ৰতিনিধি: নতুন দিল্লীক কৃতজ্ঞতা ইৰানৰ , আমেৰিকাৰ ভাবুকিৰ বাবে আঁতৰি থাকিল ১৩খন দেশ  

July 7, 2026 6:46 pm
২০ বছৰৰ পাছত প্ৰথমবাৰলৈ তামিলনাডুত সুৰা বিপণীৰ কৰ্মচাৰীৰ ২৫ শতাংশ দৰমহা বৃদ্ধি, অতিৰিক্ত মূল্য লোৱা বন্ধ কৰাৰ লক্ষ্য

২০ বছৰৰ পাছত প্ৰথমবাৰলৈ তামিলনাডুত সুৰা বিপণীৰ কৰ্মচাৰীৰ ২৫ শতাংশ দৰমহা বৃদ্ধি, অতিৰিক্ত মূল্য লোৱা বন্ধ কৰাৰ লক্ষ্য

July 7, 2026 6:26 pm
আমদাবাদ বিস্ফোৰণ গোচৰত উচ্চ ন্যায়ালয়ৰ কঠোৰ ৰায়, ৩৮ জনৰ মৃত্যুদণ্ড বহাল

আমদাবাদ বিস্ফোৰণ গোচৰত উচ্চ ন্যায়ালয়ৰ কঠোৰ ৰায়, ৩৮ জনৰ মৃত্যুদণ্ড বহাল

July 7, 2026 4:12 pm
মহাৰাষ্ট্ৰত বৰষুণৰ তাণ্ডৱ, ১৬ জনৰ মৃত্যু : পুনেত ৰেড এলাৰ্ট, ভূমিস্খলনৰ বাবে ব্যাহত ৰে’ল আৰু পথ যোগাযোগ

মহাৰাষ্ট্ৰত বৰষুণৰ তাণ্ডৱ, ১৬ জনৰ মৃত্যু : পুনেত ৰেড এলাৰ্ট, ভূমিস্খলনৰ বাবে ব্যাহত ৰে’ল আৰু পথ যোগাযোগ

July 7, 2026 3:17 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

খামেনেইৰ শেষকৃত্যত ভাৰতীয় প্ৰতিনিধি: নতুন দিল্লীক কৃতজ্ঞতা ইৰানৰ , আমেৰিকাৰ ভাবুকিৰ বাবে আঁতৰি থাকিল ১৩খন দেশ   

খামেনেইৰ শেষকৃত্যত ভাৰতীয় প্ৰতিনিধি: নতুন দিল্লীক কৃতজ্ঞতা ইৰানৰ , আমেৰিকাৰ ভাবুকিৰ বাবে আঁতৰি থাকিল ১৩খন দেশ  

July 7, 2026 6:46 pm
২০ বছৰৰ পাছত প্ৰথমবাৰলৈ তামিলনাডুত সুৰা বিপণীৰ কৰ্মচাৰীৰ ২৫ শতাংশ দৰমহা বৃদ্ধি, অতিৰিক্ত মূল্য লোৱা বন্ধ কৰাৰ লক্ষ্য

২০ বছৰৰ পাছত প্ৰথমবাৰলৈ তামিলনাডুত সুৰা বিপণীৰ কৰ্মচাৰীৰ ২৫ শতাংশ দৰমহা বৃদ্ধি, অতিৰিক্ত মূল্য লোৱা বন্ধ কৰাৰ লক্ষ্য

July 7, 2026 6:26 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd