• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘প্ৰাগ চিনে এৱাৰ্ড-২০১৮’ৰ সফল সামৰণি : ভিলেজ ৰকষ্টাৰ্ছলৈ শ্ৰেষ্ঠ ছবিৰ সন্মান

এন ই নাও নিউজ by এন ই নাও নিউজ
May 28, 2018 9:32 pm
Prag cine award
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে গুৱাহাটীত অনুষ্ঠিত ‘প্ৰাগ চিনে এৱাৰ্ড’ মহোৎসৱৰ কালি সফল সামৰণি পৰে। এইবাৰৰ ‘প্ৰাগ চিনে এৱাৰ্ড’ত ৰীমা দাসৰ ‘ভিলেজ ৰকষ্টাৰ্ছ’এ ২০১৭ বৰ্ষৰ সৰ্বশ্ৰেষ্ঠ ছবিৰ সন্মান লাভ কৰে। অশীতিপৰ শিল্পী কুলদা কুমাৰ ভট্টাচাৰ্যলৈ আগবঢ়োৱা হয় জীৱনজোৰা সাধনা বঁটা।

বলীউডৰ লগতে হলীউডতো খোপনি পোতা অসম সন্তান আদিল হুছেইনে শুভাৰম্ভ কৰা এই চলচ্চিত্ৰ মহোৎসৱৰ বৰ্ণিল অনুষ্ঠানটোৰ মূল আকৰ্ষণ আছিল বলীউডৰ ছুপাৰষ্টাৰ গোবিন্দাৰ অংশগ্ৰহণ। মোহময়ী অভিনেত্ৰী বৰষাৰাণী বিষয়া আৰু নিশিতা গোস্বামীৰ সৈতে গোবিন্দাৰ নৃত্যৰ দৃশ্যই উপস্থিত দৰ্শকক আপ্লুত কৰি তোলে।

Apply Now

জুবিন গাৰ্গ আৰু পাপন মহন্তৰ লগতে অসমৰ প্ৰায় সকলো জনপ্ৰিয় শিল্পী, অভিনেতা-অভিনেত্ৰীৰ লগতে অনুষ্ঠানটিৰ দুয়োটা দিনৰ সাংস্কৃতিক কাৰ্যসূচীত অংশ গ্ৰহণ কৰে ইহানা ধীলেন, ছনী চেৰিষ্ঠা, জনপ্ৰিয় মডেল তথা অভিনেত্ৰী অৰ্জুমান মোগলৰ লগতে বলীউডৰ কেইবাগৰাকীও তাৰকাই।

অসম চৰকাৰৰ শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য, বনমন্ত্ৰী পৰিমল শুক্লবৈদ্য, প্ৰাগ নিউজৰ মুখ্য সম্পাদক অজিৎ কুমাৰ ভূঞা, প্ৰবীণ চলচ্চিত্ৰ পৰিচালক জাহ্নু বৰুৱা, অভিনেতা যতীন বৰা, জ্যোতি চিত্ৰবনৰ অধ্যক্ষ পৱিত্ৰ মাৰ্ঘেৰিটাৰ লগতে বহুকেইজন বিশিষ্ট লোকে এই অনুষ্ঠানত অংশ গ্ৰহণ কৰে।

দেশৰ সংগীতক্ষেত্ৰৰ শেহতীয়া চাঞ্চল্য হেমন্ত ব্ৰীজৱাসীৰ সংগীতানুষ্ঠানে দেওবাৰে নিশা জি এম চি এইছ’ৰ প্ৰেক্ষাগৃহত উপস্থিত থকা সংগীতপ্ৰেমীক মোহাছন্ন কৰি তোলে। এই অনুষ্ঠানতে প্ৰাগ চিনে এৱাৰ্ডৰ আয়োজক সমিতিৰ মুখ্য পৃষ্ঠপোষক সঞ্জীৱ নাৰায়ণে পৰৱৰ্তী প্ৰাগ চিনে এৱাৰ্ড কাৰ্বি আংলঙত অনুস্থিত হ’ব বুলি ঘোষণা কৰে।

আনহাতে, প্ৰত্যেক বছৰৰ দৰে এইবাৰো প্ৰদান কৰা হয় গ্লৱেল আইকন বঁটা। এই বৰ্ষৰ এই বঁটা লাভ কৰিছে বলীউড প্ৰতিষ্ঠা লাভ কৰা প্ৰখ্যাত শব্দযন্ত্ৰী দেৱজিত চাংমায়ে।

দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত উক্ত অনুষ্ঠানটোৰ আঁত ধৰে শশাংক সমীৰ, প্ৰজ্ঞা পাৰমীতা, বৰ্ষাৰাণী বিষয়া, নিশিতা গোস্বামী আৰু অংগৰাগ মহন্তই।

উল্লেখযোগ্য যে উত্তৰ-পূবৰ প্ৰথমটো টেলিভিছন চেনেল ‘প্ৰাগ নিউজ’ৰ উদ্যোগত অনুষ্ঠিত ‘প্ৰাগ চিনে এৱাৰ্ড’ত ২০১৭ বৰ্ষত চেন্সৰ হোৱা চলচ্চিত্ৰৰ মাজৰ পৰা জুৰী সমিতিৰ নিৰ্বাচনৰ ভিত্তিত সৰ্বমুঠ ২৯টা শিতানত অসমৰ লগতে উত্তৰ-পূবৰ বহুকেইগৰাকী শিল্পী তথা কলা-কুশলীক শ্ৰেষ্ঠতা বঁটা প্ৰদান কৰা হয়।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

July 7, 2026 8:43 pm
প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

July 7, 2026 8:41 pm
তাজমহল আচলতে হিন্দু মন্দিৰ ‘তেজো মহালয়’ নেকি? কেন্দ্ৰীয় চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে এলাহাবাদ উচ্চ ন্যায়ালয়ে

তাজমহল আচলতে হিন্দু মন্দিৰ ‘তেজো মহালয়’ নেকি? কেন্দ্ৰীয় চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে এলাহাবাদ উচ্চ ন্যায়ালয়ে

July 7, 2026 8:22 pm
পুৰণি গাড়ীৰ মটৰ আৰু ৰবৰৰ অংশ নষ্ট কৰিব পাৰে ই ২০ ইন্ধনে, পোহৰলৈ আহিল এআৰএআইৰ গোপন প্ৰতিবেদন

পুৰণি গাড়ীৰ মটৰ আৰু ৰবৰৰ অংশ নষ্ট কৰিব পাৰে ই ২০ ইন্ধনে, পোহৰলৈ আহিল এআৰএআইৰ গোপন প্ৰতিবেদন

July 7, 2026 7:33 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

July 7, 2026 8:43 pm
প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

July 7, 2026 8:41 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd