• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 18, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

‘প্ৰাগ চিনে এৱাৰ্ড-২০১৮’ৰ সফল সামৰণি : ভিলেজ ৰকষ্টাৰ্ছলৈ শ্ৰেষ্ঠ ছবিৰ সন্মান

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , May 28, 2018 9:33 pm

2 min read

Prag cine award
164
VIEWS
Share on FacebookShare on Twitter

দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে গুৱাহাটীত অনুষ্ঠিত ‘প্ৰাগ চিনে এৱাৰ্ড’ মহোৎসৱৰ কালি সফল সামৰণি পৰে। এইবাৰৰ ‘প্ৰাগ চিনে এৱাৰ্ড’ত ৰীমা দাসৰ ‘ভিলেজ ৰকষ্টাৰ্ছ’এ ২০১৭ বৰ্ষৰ সৰ্বশ্ৰেষ্ঠ ছবিৰ সন্মান লাভ কৰে। অশীতিপৰ শিল্পী কুলদা কুমাৰ ভট্টাচাৰ্যলৈ আগবঢ়োৱা হয় জীৱনজোৰা সাধনা বঁটা।

বলীউডৰ লগতে হলীউডতো খোপনি পোতা অসম সন্তান আদিল হুছেইনে শুভাৰম্ভ কৰা এই চলচ্চিত্ৰ মহোৎসৱৰ বৰ্ণিল অনুষ্ঠানটোৰ মূল আকৰ্ষণ আছিল বলীউডৰ ছুপাৰষ্টাৰ গোবিন্দাৰ অংশগ্ৰহণ। মোহময়ী অভিনেত্ৰী বৰষাৰাণী বিষয়া আৰু নিশিতা গোস্বামীৰ সৈতে গোবিন্দাৰ নৃত্যৰ দৃশ্যই উপস্থিত দৰ্শকক আপ্লুত কৰি তোলে।

জুবিন গাৰ্গ আৰু পাপন মহন্তৰ লগতে অসমৰ প্ৰায় সকলো জনপ্ৰিয় শিল্পী, অভিনেতা-অভিনেত্ৰীৰ লগতে অনুষ্ঠানটিৰ দুয়োটা দিনৰ সাংস্কৃতিক কাৰ্যসূচীত অংশ গ্ৰহণ কৰে ইহানা ধীলেন, ছনী চেৰিষ্ঠা, জনপ্ৰিয় মডেল তথা অভিনেত্ৰী অৰ্জুমান মোগলৰ লগতে বলীউডৰ কেইবাগৰাকীও তাৰকাই।

অসম চৰকাৰৰ শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য, বনমন্ত্ৰী পৰিমল শুক্লবৈদ্য, প্ৰাগ নিউজৰ মুখ্য সম্পাদক অজিৎ কুমাৰ ভূঞা, প্ৰবীণ চলচ্চিত্ৰ পৰিচালক জাহ্নু বৰুৱা, অভিনেতা যতীন বৰা, জ্যোতি চিত্ৰবনৰ অধ্যক্ষ পৱিত্ৰ মাৰ্ঘেৰিটাৰ লগতে বহুকেইজন বিশিষ্ট লোকে এই অনুষ্ঠানত অংশ গ্ৰহণ কৰে।

দেশৰ সংগীতক্ষেত্ৰৰ শেহতীয়া চাঞ্চল্য হেমন্ত ব্ৰীজৱাসীৰ সংগীতানুষ্ঠানে দেওবাৰে নিশা জি এম চি এইছ’ৰ প্ৰেক্ষাগৃহত উপস্থিত থকা সংগীতপ্ৰেমীক মোহাছন্ন কৰি তোলে। এই অনুষ্ঠানতে প্ৰাগ চিনে এৱাৰ্ডৰ আয়োজক সমিতিৰ মুখ্য পৃষ্ঠপোষক সঞ্জীৱ নাৰায়ণে পৰৱৰ্তী প্ৰাগ চিনে এৱাৰ্ড কাৰ্বি আংলঙত অনুস্থিত হ’ব বুলি ঘোষণা কৰে।

আনহাতে, প্ৰত্যেক বছৰৰ দৰে এইবাৰো প্ৰদান কৰা হয় গ্লৱেল আইকন বঁটা। এই বৰ্ষৰ এই বঁটা লাভ কৰিছে বলীউড প্ৰতিষ্ঠা লাভ কৰা প্ৰখ্যাত শব্দযন্ত্ৰী দেৱজিত চাংমায়ে।

দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত উক্ত অনুষ্ঠানটোৰ আঁত ধৰে শশাংক সমীৰ, প্ৰজ্ঞা পাৰমীতা, বৰ্ষাৰাণী বিষয়া, নিশিতা গোস্বামী আৰু অংগৰাগ মহন্তই।

উল্লেখযোগ্য যে উত্তৰ-পূবৰ প্ৰথমটো টেলিভিছন চেনেল ‘প্ৰাগ নিউজ’ৰ উদ্যোগত অনুষ্ঠিত ‘প্ৰাগ চিনে এৱাৰ্ড’ত ২০১৭ বৰ্ষত চেন্সৰ হোৱা চলচ্চিত্ৰৰ মাজৰ পৰা জুৰী সমিতিৰ নিৰ্বাচনৰ ভিত্তিত সৰ্বমুঠ ২৯টা শিতানত অসমৰ লগতে উত্তৰ-পূবৰ বহুকেইগৰাকী শিল্পী তথা কলা-কুশলীক শ্ৰেষ্ঠতা বঁটা প্ৰদান কৰা হয়।

Recent News

Facebook-Twitter-1024x512

তথ্য সুৰক্ষাক লৈ প্ৰশ্ন! সংসদীয় কমিটিয়ে তলব কৰিলে ফেচবুক, টুইটাৰ কৰ্তৃপক্ষক

deadbody 1-715x375

দেশত এগৰাকী স্বাস্থ্যকর্মীৰ মত্যু; মাত্ৰ ২৪ ঘন্টা পূৰ্বে লৈছিল কৰ’নাৰ ভেকচিন

WhatsApp Image 2021-01-18 at 8.20.48 AM

গুৱাহাটীৰ বিভিন্ন স্থানত চিবিআইৰ অভিযান; উত্তৰ পূব সীমান্ত ৰে’লৱেৰ জ্যেষ্ঠ বিষয়াক গ্ৰেপ্তাৰ

election-commission-of-india

তিনিদিনীয়া ভ্ৰমণসূচীৰে আজি অসমলৈ নিৰ্বাচন আয়োগৰ পূৰ্ণাংগ দল; বুজ ল’ব নিৰ্বাচনী প্ৰস্তুতিৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd