• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 16, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব মণিপুৰ

প্ৰায় ৯.৪৫ কোটি টকা ব্যয়ৰে মণিপুৰ চৰকাৰে নিৰ্মাণ কৰিব দুটা সংখ্যালঘু হোষ্টেল

NE NOW NEWS চভাপতি চামম
ইম্ফল , May 2, 2018 12:03 pm

2 min read

shyamkumar-go-to-village-570x320

কংগ্ৰেছৰ টিকটত জিকি বিজেপি চৰকাৰত মন্ত্ৰী হোৱা শ্যামকুমাৰ এটা কাৰ্য্যসূচীত।

76
VIEWS
Share on FacebookShare on Twitter

মণিপুৰ ৰাজ্য চৰকাৰে প্ৰায় ৯.৪৫ কোটি টকা ব্যয় সাপেক্ষেৰে ৰাজ্যখনত আন্দ্ৰো আৰু পইৰ’খঞ্জিনত নিৰ্মাণ কৰিব দুটা সংখ্যালঘু হোষ্টেল । মঙলবাৰে ৰাজ্যখনৰ বন আৰু পৰিৱেশ মন্ত্ৰী শ্যামকুমাৰে ‘গাঁৱলৈ বলক’ তথা মণিপুৰৰ স্থানীয় ভাষাত ‘খুংগাং চাটছে’ শীৰ্ষক আঁচনিৰ শুভাৰম্ভ কৰি এই কথা ঘোষণা কৰে।

পূব ইম্ফলৰ আন্দ্ৰো বিধানসভা সমষ্টিৰ অন্তৰ্গত য়াম্বেম য়াৰিপকস্থিত য়াম্বেম লেম্পাক কমিউনিটি হলত আয়োজিত উক্ত আঁচনিৰ শুভাৰম্ভণি অনুষ্ঠানত বন আৰু পৰিৱেশ মন্ত্ৰীগৰাকীয়ে কয় যে ৰাজ্যখনৰ দুৰ্গম অঞ্চলৰ গাঁওসমূহক সৰ্বাংগীন উন্নয়ন কৰাৰ লক্ষ্যৰে মুখ্য মন্ত্ৰী বীৰেন সিঙৰ নেতৃত্বত এই আঁচনিখন শুভাৰম্ভ কৰা হৈছে।

তেওঁ লগতে কয় যে ৰাজ্য আৰু কেন্দ্ৰ চৰকাৰে গ্ৰহণ কৰা আঁচনি সমূহে উক্ত অঞ্চল সমূহত যাতে সহজতে ঢুকি পাই তাৰ বাবে সকলো লোককে ইয়াৰ সুবিধা সমূহ গ্ৰহণ কৰিবলৈ পৰামৰ্শ আগবঢ়ায়।

ৰাজ্যখনৰ সৰ্বসাধাৰণ ৰাইজৰ অসুবিধা সমূহ দূৰ কৰা তথা চৰকাৰে গ্ৰহণ কৰা আঁচনি সমূহৰ বিষয়ে সজাগ কৰিবলৈ সকলো বিভাগীয় কৰ্তৃপক্ষকে নিজিৰ নিজৰ দায়িত্ব পালন কৰিবলৈ আহ্বান জনায়।

এই অনুষ্ঠানত উপস্থিত থকা তুলিহাল জিলা পৰিষদৰ সদস্যা কংবাম ইনাওছা দেৱীয়ে ৰাজ্যখনৰ জনসাধাৰণৰ বাবে চৰকাৰে গ্ৰহণ কৰা বিভিন্ন আঁচনিসমূহৰ বিষয়ে উল্লেখ কৰে। ইয়াৰ উপৰি আন্দ্ৰো নগৰ পঞ্চায়তৰ অধ্যক্ষ লুখই সিঙে চৰকাৰী আঁচনি সমূহৰ লাভালাভ গ্ৰহণ কৰাত জনসাধাৰণে সন্মুখীন হৈ অহা বিভিন্ন সমস্যাৱলীৰ বিষয়ে উল্লেখ কৰে।

ইয়াৰ উপৰি চৰকাৰী আঁচনিসমূহৰ লাভা লাভ গ্ৰহণ কৰিবলৈ বিভিন্ন সমস্যা হোৱা হেতুকে চৰকাৰী প্ৰক্ৰিয়া সমূহ কিছু শিথিল কৰিবলৈ সিঙে বিভাগীয় কৰ্তৃপক্ষক অনুৰোধ জনায়।

এই অনুষ্ঠানতে ৰাজ্যখনৰ খেতিয়কসকলৰ মাজত কৃষিজাত সামগ্ৰী, বিদ্যালয় এৰা শিশুসকলৰ মাজত কিতাপ পত্ৰ আদি বিতৰণ কৰাৰ লগতে বন বিভাগৰ উদ্যোগত বিভিন্ন গছপুলি ৰোপন কৰা হয়।

Recent News

WhatsApp Image 2021-01-16 at 6.46.03 PM

অজাপৰ যোগদান সমাৰোহ; এইবাৰ অসমত জাতীয়তাবাদৰ চৰকাৰ অহাটো নিশ্চিত: লুৰীণজ্যোতি গগৈ

IMG-20210116-WA0008

কেৱল গোৰ্খা ভোটেৰে জয়ী হৈ দেখুৱাওক বিধায়ক ভাস্কৰ শৰ্মাই; লেখাপানীত ১০ সংগঠনৰ হুংকাৰ

arrest-istock-1591718285

প্ৰেয়সীক হত্যা কৰি ফ্লেটৰ ৱালত লুকুৱাই ৰাখিছিল প্ৰেমিকে : প্ৰেমিকক গ্ৰেপ্তাৰ আৰক্ষীৰ

IMG-20210114-WA0012

মেজিৰ ‘জুইত জাহ যাওক অপসংস্কৃতি, কুসংস্কাৰ আদি’ : মাৰ্ঘেৰিটাৰ ভোগালী উৎসৱত মুখ্যমন্ত্ৰী সোণোৱাল

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd