DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 20, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

‘পৰাগ কুমাৰ দাসৰ আদৰ্শক ৰাষ্ট্ৰযন্ত্ৰৰ সহায়ত জীয়াই ৰাখিব নোৱাৰি’ : ‘মাছ’ৰ আলোচনা চক্ৰত অধ্যাপক অপুৰ্ব কুমাৰ বৰুৱা

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
May 17, 2018 2:21 pm
parag das

গুৱাহাটী প্ৰেছ ক্লাৱত 'মাছ'ৰ উদ্যোগত পৰাগ স্মৰণ অনুষ্ঠানৰ এটা মুহূৰ্ত। ফটো : নৰ্থইষ্ট নাও

288
VIEWS
Share on FacebookShare on Twitter

আজি শ্বহীদ সাংবাদিক পৰাগ কুমাৰ দাসৰ মৃত্যু তিথি। ১৯৯৬ চনৰ আজিৰ দিনটোতে প্ৰাণ হেৰুৱাইছিল নিৰ্ভীক সাংবাদিক গৰাকীয়ে। অচিনাক্ত দুৰ্বৃত্তৰ গুলিত প্ৰাণ হেৰুৱাইছিল সাংবাদিকজনে। আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত পৰাগ দাসক স্মৰণ কৰি অনুষ্ঠানৰ আয়োজন কৰা হৈছে।

গুৱাহাটীতো আজি মানব অধিকাৰ সংগ্ৰাম সমিতিৰ উদ্যোগত গুৱাহাটী প্ৰেছ ক্লাৱত পৰাগ স্মৰণ আৰু আলোচনা চক্ৰ অনুষ্ঠানৰ আয়োজন কৰা হৈছে।

বুবুমনি গোস্বামীৰ সঞ্চালনাত অনুষ্ঠিত আলোচনা চক্ৰৰ বিষয় হৈছে ‘মানৱ অধিকাৰ আৰু অসমৰ জাতি সত্তাসমুহৰ সমস্যা।‘

এই আলোচনা চক্ৰত উপস্থিত থাকে মাছৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ কেশৱ চন্দ্ৰ চহৰীয়া, অধ্যাপক অপুৰ্ব কুমাৰ বৰুৱা,  শিল্পী সূৰ্য দাস, বড়ো উইমেন জাষ্টিছ ফ’ৰামৰ অঞ্জলি দৈমাৰি, অধিবক্তা বিজন মহাজন, সাংবাদিক প্ৰকাশ মহন্ত, আলফাৰ সাধাৰণ সম্পাদক অনুপ চেতিয়া আৰু সাংবাদিক অদীপ কুমাৰ ফুকনকে ধৰি বিশিষ্ট ব্যক্তিসকলে।

মানৱ অধিকাৰ সংগ্ৰাম সমিতিৰ সচিব প্ৰধান গনেশ গোস্বামীয়ে আজিৰ অনুষ্ঠানটোৰ আঁত ধৰে।

পৰাগ স্মৰণ অনুষ্ঠানত উপস্থিত দৰ্শকৰ এটি মুহূৰ্ত। ফটো : নৰ্থইষ্ট নাও

আনহাতে, আলোচনা চক্ৰ উদ্বোধন কৰি অধ্যাপক অপূৰ্ব কুমাৰ বৰুৱাই কয়,”পৰাগ কুমাৰ দাসৰ আদৰ্শক ৰাষ্ট্ৰযন্ত্ৰৰ সহায়ত জীয়াই ৰাখিব নোৱাৰি।পৰাগ দাসে এনে বহু কথা যুক্তিৰে বিশ্লেষণ কৰিছিল যিবোৰ ৰাষ্ট্ৰৰ গ্ৰহণযোগ্য নাছিল।‘’

আলোচনা চক্ৰত নিজৰ বক্তব্যত বিজন মহাজনে কয়, “পৰাগ দাসক ৰাষ্ট্ৰযন্ত্ৰই হত্যা কৰিছিল। সেইকাৰণে সুৰুঙা ৰাখি তদন্ত প্ৰক্ৰিয়া চলিছিল। ৰাষ্ট্ৰযন্ত্ৰই হত্যা কৰা বাবেই হত্যাকাৰীক ধৰা পেলাব নোৱাৰিলে।‘’

আন এগৰাকী বক্তা সাংবাদিক প্ৰকাশ মহন্তই পৰাগ দাসৰ বিষয়ে স্মৃতি ৰোমন্থন কৰি কৰি কয় যে “নতুন প্ৰজন্মৰ বহুতেই পৰাগ কুমাৰ দাসৰ বিষয়ে নাজানে, কিন্তু জানিবলৈ তেওঁলোক বহুত আগ্ৰহী।‘’

তেওঁ লগতে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰূদ্ধে নতুন প্ৰজন্ম ওলাই অহাৰ প্ৰসংগ উল্লেখ কৰি তেওঁলোকে যি আন্দোলন কৰিছে সেয়া উশৃংখলতা নহয়, বৰঞ্চ সেয়া সুসংঘবদ্ধভাৱে কেনেকৈ জাতিটোক বচাব পাৰি তাৰ প্ৰয়াস বুলি অভিহিত কৰে।

সাম্প্ৰতিক সময়ত জাতিটোৰ জটিল সন্ধিক্ষনত পৰাগ দাসৰ নিচিনা মানুহৰ প্ৰয়োজন আছে বুলিও তেওঁ মন্তব্য কৰে।

অনুষ্ঠানত অঞ্জলি দৈমাৰীয়ে শোষিত জাতি জনগোষ্ঠীৰ হকে পৰাগ দাসে কিদৰে মাত মাতিছিল সেই বিষয়ে দোহাৰে।

অনুপ চেতিয়াই আলফাৰ সংগ্ৰামখন আগুৱাই নিয়াৰ ক্ষেত্ৰত পৰাগ দাস আৰু মাছৰ কৰ্মীয়ে আগবঢ়োৱা অৱদানৰ কথা উল্লেখ কৰি নিজৰ বক্তব্য আগবঢ়ায়।

Recent News

চাপৰৰ ধীৰ বিলত ভয়ংকৰ নাওঁ দুৰ্ঘটনা, শিশুসহ মহিলাৰ মৃত্যু

চাপৰৰ ধীৰ বিলত ভয়ংকৰ নাওঁ দুৰ্ঘটনা, শিশুসহ মহিলাৰ মৃত্যু

শ্বীনা বৰা হত্যাকাণ্ড: সাত বছৰৰ মূৰত মুকলি আকাশৰ তললৈ ইন্দ্ৰাণী মুখাৰ্জী

শ্বীনা বৰা হত্যাকাণ্ড: সাত বছৰৰ মূৰত মুকলি আকাশৰ তললৈ ইন্দ্ৰাণী মুখাৰ্জী

NRC ৰ প্ৰাক্তন ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাৰ বিৰুদ্ধে গোচৰ

NRC ৰ প্ৰাক্তন ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাৰ বিৰুদ্ধে গোচৰ

ISI mark helmet

সাৱধান! পৰিধান কৰক আইএছআই মাৰ্কযুক্ত হেলমেট: নহ’লে সাজু হওক জৰিমনাৰ বাবে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd