• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘পৰাগ কুমাৰ দাসৰ আদৰ্শক ৰাষ্ট্ৰযন্ত্ৰৰ সহায়ত জীয়াই ৰাখিব নোৱাৰি’ : ‘মাছ’ৰ আলোচনা চক্ৰত অধ্যাপক অপুৰ্ব কুমাৰ বৰুৱা

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
May 17, 2018 2:21 pm
parag das

গুৱাহাটী প্ৰেছ ক্লাৱত 'মাছ'ৰ উদ্যোগত পৰাগ স্মৰণ অনুষ্ঠানৰ এটা মুহূৰ্ত। ফটো : নৰ্থইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজি শ্বহীদ সাংবাদিক পৰাগ কুমাৰ দাসৰ মৃত্যু তিথি। ১৯৯৬ চনৰ আজিৰ দিনটোতে প্ৰাণ হেৰুৱাইছিল নিৰ্ভীক সাংবাদিক গৰাকীয়ে। অচিনাক্ত দুৰ্বৃত্তৰ গুলিত প্ৰাণ হেৰুৱাইছিল সাংবাদিকজনে। আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত পৰাগ দাসক স্মৰণ কৰি অনুষ্ঠানৰ আয়োজন কৰা হৈছে।

গুৱাহাটীতো আজি মানব অধিকাৰ সংগ্ৰাম সমিতিৰ উদ্যোগত গুৱাহাটী প্ৰেছ ক্লাৱত পৰাগ স্মৰণ আৰু আলোচনা চক্ৰ অনুষ্ঠানৰ আয়োজন কৰা হৈছে।

Apply Now

বুবুমনি গোস্বামীৰ সঞ্চালনাত অনুষ্ঠিত আলোচনা চক্ৰৰ বিষয় হৈছে ‘মানৱ অধিকাৰ আৰু অসমৰ জাতি সত্তাসমুহৰ সমস্যা।‘

এই আলোচনা চক্ৰত উপস্থিত থাকে মাছৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ কেশৱ চন্দ্ৰ চহৰীয়া, অধ্যাপক অপুৰ্ব কুমাৰ বৰুৱা,  শিল্পী সূৰ্য দাস, বড়ো উইমেন জাষ্টিছ ফ’ৰামৰ অঞ্জলি দৈমাৰি, অধিবক্তা বিজন মহাজন, সাংবাদিক প্ৰকাশ মহন্ত, আলফাৰ সাধাৰণ সম্পাদক অনুপ চেতিয়া আৰু সাংবাদিক অদীপ কুমাৰ ফুকনকে ধৰি বিশিষ্ট ব্যক্তিসকলে।

মানৱ অধিকাৰ সংগ্ৰাম সমিতিৰ সচিব প্ৰধান গনেশ গোস্বামীয়ে আজিৰ অনুষ্ঠানটোৰ আঁত ধৰে।

পৰাগ স্মৰণ অনুষ্ঠানত উপস্থিত দৰ্শকৰ এটি মুহূৰ্ত। ফটো : নৰ্থইষ্ট নাও

আনহাতে, আলোচনা চক্ৰ উদ্বোধন কৰি অধ্যাপক অপূৰ্ব কুমাৰ বৰুৱাই কয়,”পৰাগ কুমাৰ দাসৰ আদৰ্শক ৰাষ্ট্ৰযন্ত্ৰৰ সহায়ত জীয়াই ৰাখিব নোৱাৰি।পৰাগ দাসে এনে বহু কথা যুক্তিৰে বিশ্লেষণ কৰিছিল যিবোৰ ৰাষ্ট্ৰৰ গ্ৰহণযোগ্য নাছিল।‘’

আলোচনা চক্ৰত নিজৰ বক্তব্যত বিজন মহাজনে কয়, “পৰাগ দাসক ৰাষ্ট্ৰযন্ত্ৰই হত্যা কৰিছিল। সেইকাৰণে সুৰুঙা ৰাখি তদন্ত প্ৰক্ৰিয়া চলিছিল। ৰাষ্ট্ৰযন্ত্ৰই হত্যা কৰা বাবেই হত্যাকাৰীক ধৰা পেলাব নোৱাৰিলে।‘’

আন এগৰাকী বক্তা সাংবাদিক প্ৰকাশ মহন্তই পৰাগ দাসৰ বিষয়ে স্মৃতি ৰোমন্থন কৰি কৰি কয় যে “নতুন প্ৰজন্মৰ বহুতেই পৰাগ কুমাৰ দাসৰ বিষয়ে নাজানে, কিন্তু জানিবলৈ তেওঁলোক বহুত আগ্ৰহী।‘’

তেওঁ লগতে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰূদ্ধে নতুন প্ৰজন্ম ওলাই অহাৰ প্ৰসংগ উল্লেখ কৰি তেওঁলোকে যি আন্দোলন কৰিছে সেয়া উশৃংখলতা নহয়, বৰঞ্চ সেয়া সুসংঘবদ্ধভাৱে কেনেকৈ জাতিটোক বচাব পাৰি তাৰ প্ৰয়াস বুলি অভিহিত কৰে।

সাম্প্ৰতিক সময়ত জাতিটোৰ জটিল সন্ধিক্ষনত পৰাগ দাসৰ নিচিনা মানুহৰ প্ৰয়োজন আছে বুলিও তেওঁ মন্তব্য কৰে।

অনুষ্ঠানত অঞ্জলি দৈমাৰীয়ে শোষিত জাতি জনগোষ্ঠীৰ হকে পৰাগ দাসে কিদৰে মাত মাতিছিল সেই বিষয়ে দোহাৰে।

অনুপ চেতিয়াই আলফাৰ সংগ্ৰামখন আগুৱাই নিয়াৰ ক্ষেত্ৰত পৰাগ দাস আৰু মাছৰ কৰ্মীয়ে আগবঢ়োৱা অৱদানৰ কথা উল্লেখ কৰি নিজৰ বক্তব্য আগবঢ়ায়।

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মহাৰাষ্ট্ৰত বৰষুণৰ তাণ্ডৱ, ১৬ জনৰ মৃত্যু : পুনেত ৰেড এলাৰ্ট, ভূমিস্খলনৰ বাবে ব্যাহত ৰে’ল আৰু পথ যোগাযোগ

মহাৰাষ্ট্ৰত বৰষুণৰ তাণ্ডৱ, ১৬ জনৰ মৃত্যু : পুনেত ৰেড এলাৰ্ট, ভূমিস্খলনৰ বাবে ব্যাহত ৰে’ল আৰু পথ যোগাযোগ

July 7, 2026 3:17 pm
২০০৮ চনৰ আহমেদাবাদ বিস্ফোৰণ গোচৰ; ৩৮ জনৰ মৃত্যুদণ্ডৰ ৰায় বাহাল ৰাখিলে উচ্চ ন্যায়ালয়ে

২০০৮ চনৰ আহমেদাবাদ বিস্ফোৰণ গোচৰ; ৩৮ জনৰ মৃত্যুদণ্ডৰ ৰায় বাহাল ৰাখিলে উচ্চ ন্যায়ালয়ে

July 7, 2026 3:00 pm
ই-২০ৰ পিছত বজাৰলৈ আহিব নেকি ই-২৫ পেট্ৰ’ল? কি ক’লে কেন্দ্ৰই…

ই-২০ৰ পিছত বজাৰলৈ আহিব নেকি ই-২৫ পেট্ৰ’ল? কি ক’লে কেন্দ্ৰই…

July 7, 2026 2:43 pm
৫,২৭৯ কোটি টকীয়া ৰিং ৰোড প্ৰকল্পৰ বাবে উচ্ছেদৰ ভাবুকি! ক্ষতিপূৰণ আৰু পৰিৱেশ ধ্বংসৰ আশংকাত উত্তাল উত্তৰ কামৰূপ আৰু সোণাপুৰ

৫,২৭৯ কোটি টকীয়া ৰিং ৰোড প্ৰকল্পৰ বাবে উচ্ছেদৰ ভাবুকি! ক্ষতিপূৰণ আৰু পৰিৱেশ ধ্বংসৰ আশংকাত উত্তাল উত্তৰ কামৰূপ আৰু সোণাপুৰ

July 7, 2026 2:21 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মহাৰাষ্ট্ৰত বৰষুণৰ তাণ্ডৱ, ১৬ জনৰ মৃত্যু : পুনেত ৰেড এলাৰ্ট, ভূমিস্খলনৰ বাবে ব্যাহত ৰে’ল আৰু পথ যোগাযোগ

মহাৰাষ্ট্ৰত বৰষুণৰ তাণ্ডৱ, ১৬ জনৰ মৃত্যু : পুনেত ৰেড এলাৰ্ট, ভূমিস্খলনৰ বাবে ব্যাহত ৰে’ল আৰু পথ যোগাযোগ

July 7, 2026 3:17 pm
২০০৮ চনৰ আহমেদাবাদ বিস্ফোৰণ গোচৰ; ৩৮ জনৰ মৃত্যুদণ্ডৰ ৰায় বাহাল ৰাখিলে উচ্চ ন্যায়ালয়ে

২০০৮ চনৰ আহমেদাবাদ বিস্ফোৰণ গোচৰ; ৩৮ জনৰ মৃত্যুদণ্ডৰ ৰায় বাহাল ৰাখিলে উচ্চ ন্যায়ালয়ে

July 7, 2026 3:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd