• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ই-২০ৰ পিছত বজাৰলৈ আহিব নেকি ই-২৫ পেট্ৰ’ল? কি ক’লে কেন্দ্ৰই…

বৰ্তমান ই-২৫ৰ পৰীক্ষণ চলি আছে আৰু পৰীক্ষাৰ ফলাফল লাভ নকৰালৈকে কোনো নতুন সিদ্ধান্ত লোৱা নহ'ব বুলি চৰকাৰী সূত্ৰৰ প্ৰকাশ; উৰাবাতৰিত আতংকিত নহ'বলৈ আহ্বান

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 7, 2026 2:43 pm
8
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সামাজিক মাধ্যমৰ পৰা ৰাজপথলৈ ইথানল মিশ্ৰিত পেট্ৰলকলৈ বিৰোধ প্ৰদৰ্শন কৰি থকাৰ মাজতে, বজাৰত অতি সোনকালেই পঁচিশ শতাংশ ইথানল মিশ্ৰিত ‘ই-২৫’ পেট্ৰ’ল মুকলি কৰা হ’ব বুলি শেহতীয়াকৈ সংবাদ মাধ্যমত প্ৰকাশ পোৱা বাতৰিসমূহ কেন্দ্ৰীয় চৰকাৰে সম্পূৰ্ণৰূপে প্ৰত্যাখ্যান কৰিছে। বৰ্তমান প্ৰচলিত ই-২০ পৰ্যায়ৰ বাহিৰে ইথানলৰ মিশ্ৰণ অধিক বৃদ্ধি কৰাৰ ক্ষেত্ৰত চৰকাৰে এতিয়ালৈকে কোনো সিদ্ধান্ত গ্ৰহণ কৰা নাই বুলি শীৰ্ষ চৰকাৰী সূত্ৰই সদৰী কৰিছে। যান-বাহন আৰু ইন্ধনৰ কাৰ্যক্ষমতাৰ ওপৰত ইথানলৰ প্ৰভাৱক লৈ চলি থকা বিতৰ্কৰ মাজতে চৰকাৰে স্পষ্ট কৰি দিছে যে কেৱল বৈজ্ঞানিক প্ৰমাণ আৰু পৰীক্ষণৰ ভিত্তিতহে ভৱিষ্যতে এই সন্দৰ্ভত পৰৱৰ্তী পদক্ষেপ গ্ৰহণ কৰা হ’ব।

 ই-২৫ পেট্ৰ’লৰ প্ৰচলন সন্দৰ্ভত প্ৰকাশিত বাতৰিসমূহক ভিত্তিহীন আৰু বিভ্ৰান্তিকৰ বুলি অভিহিত কৰি এগৰাকী জ্যেষ্ঠ চৰকাৰী বিষয়াই কয় যে এই বাতৰি সম্পূৰ্ণ মিছা, কিয়নো বৰ্তমান পৰীক্ষণ প্ৰক্ৰিয়া চলি থকাৰ সময়ত ই-২৫ মুকলিৰ কথা কেনেকৈ আহিব পাৰে। বিষয়াসকলে জানিবলৈ দিয়া মতে, বৰ্তমান বিভিন্ন ব্ৰেণ্ড আৰু শ্ৰেণীৰ যান-বাহনত ই-২৫ৰ সামঞ্জস্যতাৰ পৰীক্ষা চলাই থকা হৈছে। এই পৰীক্ষাৰ ফলাফল এতিয়ালৈকে চৰকাৰৰ হাতলৈ অহা নাই আৰু ফলাফলৰ পুংখানুপুংখ পৰ্যালোচনা নকৰাকৈ কোনো সিদ্ধান্ত গ্ৰহণ কৰা নহ’ব।

চৰকাৰী সূত্ৰৰ মতে, ইথানল মিশ্ৰণ কাৰ্যসূচী ৰূপায়ণৰ ক্ষেত্ৰত চৰকাৰে অটোম’বাইল কোম্পানী আৰু তেল বিপণন কোম্পানীসমূহৰ সৈতে আলোচনা কৰি অতি সাৱধানতাৰে আগবাঢ়িছে। বিগত আঢ়ৈ বছৰতকৈও অধিক সময় ধৰি ভাৰতত ইথানল মিশ্ৰিত ইন্ধন কোনো সমস্যা অবিহনে ব্যৱহাৰ হৈ আছে। নিয়ম অনুসৰি ২০২৩ চনৰ এপ্ৰিলত ই-১৫, ২০২৪ চনৰ এপ্ৰিলত ই-১৯ আৰু ২০২৫ চনৰ এপ্ৰিলৰ পৰা ই-২০ পেট্ৰ’লৰ প্ৰচলন আৰম্ভ কৰা হৈছিল। প্ৰতিটো পৰ্যায়তে ব্যৱস্থাটোৰ গভীৰ পৰীক্ষণ আৰু মূল্যায়ন কৰা হৈছিল। বৰ্তমান দেশত পেট্ৰ’লেৰে চলা প্ৰায় বিশ কোটি দুচকীয়া আৰু বিশ লাখ চাৰিচকীয়া বাহনে সফলতাৰে আৰু নিৰাপদে ইথানল মিশ্ৰিত ইন্ধন ব্যৱহাৰ কৰি আছে।

ইথানল মিশ্ৰণক লৈ বিয়পোৱা এনে ভুল তথ্যই সমাজত আতংকৰ সৃষ্টি কৰাৰ লগতে ভাৰতৰ শক্তি নিৰ্ভৰশীলতাৰ পথত বাধা জন্মোৱাৰ এক প্ৰয়াস বুলি চৰকাৰী সূত্ৰই সন্দেহ প্ৰকাশ কৰিছে। ৰাইজক উদ্দেশ্যি এটা সূত্ৰই কয় যে ইয়াত আতংকিত হ’বলগীয়া একো নাই, কিয়নো এই কাৰ্যসূচীৰ প্ৰতিটো পদক্ষেপ বিজ্ঞানসন্মতভাৱে প্ৰমাণিত। পৰীক্ষা-নিৰীক্ষা সম্পূৰ্ণ হোৱাৰ পিছত আৰু বিশেষজ্ঞসকলে গ্ৰাহক তথা যান-বাহনৰ ইঞ্জিন, সুৰক্ষা আৰু ইন্ধনৰ কাৰ্যক্ষমতাৰ বাবে ই সুৰক্ষিত বুলি নিশ্চিত হোৱাৰ পিছতহে ভৱিষ্যতে ইথানলৰ মাত্ৰা বৃদ্ধিৰ সন্দৰ্ভত পৰৱৰ্তী সিদ্ধান্ত গ্ৰহণ কৰা হ’ব বুলি চৰকাৰে স্পষ্টিকৰণ দিছে।

Apply Now
এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

২০০৮ চনৰ আহমেদাবাদ বিস্ফোৰণ গোচৰ; ৩৮ জনৰ মৃত্যুদণ্ডৰ ৰায় বাহাল ৰাখিলে উচ্চ ন্যায়ালয়ে

২০০৮ চনৰ আহমেদাবাদ বিস্ফোৰণ গোচৰ; ৩৮ জনৰ মৃত্যুদণ্ডৰ ৰায় বাহাল ৰাখিলে উচ্চ ন্যায়ালয়ে

July 7, 2026 3:00 pm
ই-২০ৰ পিছত বজাৰলৈ আহিব নেকি ই-২৫ পেট্ৰ’ল? কি ক’লে কেন্দ্ৰই…

ই-২০ৰ পিছত বজাৰলৈ আহিব নেকি ই-২৫ পেট্ৰ’ল? কি ক’লে কেন্দ্ৰই…

July 7, 2026 2:43 pm
৫,২৭৯ কোটি টকীয়া ৰিং ৰোড প্ৰকল্পৰ বাবে উচ্ছেদৰ ভাবুকি! ক্ষতিপূৰণ আৰু পৰিৱেশ ধ্বংসৰ আশংকাত উত্তাল উত্তৰ কামৰূপ আৰু সোণাপুৰ

৫,২৭৯ কোটি টকীয়া ৰিং ৰোড প্ৰকল্পৰ বাবে উচ্ছেদৰ ভাবুকি! ক্ষতিপূৰণ আৰু পৰিৱেশ ধ্বংসৰ আশংকাত উত্তাল উত্তৰ কামৰূপ আৰু সোণাপুৰ

July 7, 2026 2:21 pm
ন্যায় ব্যৱস্থাৰ প্ৰতি আস্থাহীন দেশৰ প্ৰাক্তন আমোলা ! জেললৈ যাবলৈ অস্বীকাৰ কুৰেশ্বীৰ, ক’লে- “আপোনালোকে জামিন পাব, মই…”

ন্যায় ব্যৱস্থাৰ প্ৰতি আস্থাহীন দেশৰ প্ৰাক্তন আমোলা ! জেললৈ যাবলৈ অস্বীকাৰ কুৰেশ্বীৰ, ক’লে- “আপোনালোকে জামিন পাব, মই…”

July 7, 2026 1:27 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

২০০৮ চনৰ আহমেদাবাদ বিস্ফোৰণ গোচৰ; ৩৮ জনৰ মৃত্যুদণ্ডৰ ৰায় বাহাল ৰাখিলে উচ্চ ন্যায়ালয়ে

২০০৮ চনৰ আহমেদাবাদ বিস্ফোৰণ গোচৰ; ৩৮ জনৰ মৃত্যুদণ্ডৰ ৰায় বাহাল ৰাখিলে উচ্চ ন্যায়ালয়ে

July 7, 2026 3:00 pm
ই-২০ৰ পিছত বজাৰলৈ আহিব নেকি ই-২৫ পেট্ৰ’ল? কি ক’লে কেন্দ্ৰই…

ই-২০ৰ পিছত বজাৰলৈ আহিব নেকি ই-২৫ পেট্ৰ’ল? কি ক’লে কেন্দ্ৰই…

July 7, 2026 2:43 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd