• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ফিকি স্মাৰ্ট পুলিচিং এৱাৰ্ডৰ দুটাকৈ বঁটা লাভ অসম আৰক্ষীৰ : মুখ্য মন্ত্ৰীৰ অভিনন্দন

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , June 2, 2018 9:10 pm

2 min read

ফিকি স্মাৰ্ট পুলিচিং এৱাৰ্ডৰ দুটাকৈ বঁটা লাভ অসম আৰক্ষীৰ : মুখ্য মন্ত্ৰীৰ অভিনন্দন
81
VIEWS
Share on FacebookShare on Twitter

অসম আৰক্ষীয়ে যোৱা ৩১ মে’ত নতুন দিল্লীত অনুষ্ঠিত হোম লেণ্ড ছিকিউৰিটি চাইবাৰ ক্ৰাইম মেনেজমেণ্টৰ বাৰ্ষিক অধিৱেশনত ফিকি স্মাৰ্ট পুলিচিং এৱাৰ্ডৰ দুটা শাখাত বঁটা লাভ কৰিছে।

উল্লেখযোগ্য যে স্মাৰ্ট পুলিচিং এৱাৰ্ডৰ অন্তৰ্গত প্ৰথমটো বঁটা স্মাৰ্ট পুলিচ ষ্টেইশ্যন শাখাত ৰাজ্যখনৰ জিলা আৰু উচ্চ পৰ্যায়ৰ থানা তথা আৰক্ষী কাৰ্যালয়ত তথ্য প্ৰযুক্তিৰ প্ৰকল্প ‘ক্ৰাইম এণ্ড ক্ৰিমিনেল ট্ৰেকিং নেটৱৰ্ক এণ্ড চিষ্টেম’ৰ ৰূপায়ণেৰে গঢ়ি তোলা উন্নত আন্তঃগাঁথনি আৰু সেৱা প্ৰদানত কঢ়িয়াই অনা স্বচ্ছতাৰ বাবে অসম আৰক্ষীয়ে লাভ কৰে।

আনহাতে দ্বিতীয়টো বঁটা তথ্য প্ৰযুক্তিৰে দক্ষ আৰু সৰুচিপূৰ্ণ আচাৰ-ব্যৱহাৰেৰে পৰিপক্ক স্মাৰ্ট প্ৰটেকশ্যন ইউনিট গঠন কৰি অসম আৰক্ষীয়ে প্ৰদৰ্শন কৰা উদ্ভাৱনীমূলক পদক্ষেপৰ বাবে ফিকিৰ বিশেষ জুৰি বঁটা লাভ কৰে।

যোৱা ৩১ মে’ত নতুন দিল্লীত হোম লেণ্ড ছিকিউৰিটি চাইবাৰ ক্ৰাইম মেনেজমেণ্টৰ বাৰ্ষিক অধিৱেশনত এই বঁটা দুটা অসম আৰক্ষীৰ হৈ অতিৰিক্ত সঞ্চালক প্ৰধান হৰমিৎ সিঙে কেন্দ্ৰীয় চৰকাৰৰ সংসদীয় পৰিক্ৰমা, পৰিসংখ্যা আৰু কাৰ্যসূচী ৰূপায়ণৰ বিভাগৰ ৰাজ্যিক মন্ত্ৰী বিজয় গোৱেলৰ পৰা গ্ৰহণ কৰে।

আনহাতে আজি এই বঁটা দুটা গৃহ বিভাগৰ দায়িত্বত থকা মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ হাতত অসম আৰক্ষীৰ হৈ অতিৰিক্ত সঞ্চালক প্ৰধান হৰমিৎ সিঙে আনুষ্ঠানিকভাৱে অৰ্পণ কৰে।

ইফালে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে অসম আৰক্ষীয়ে লাভ কৰা এই সফলতাৰ বাবে অভিনন্দন জ্ঞাপন কৰে।

লগতে মুখ্য মন্ত্ৰী গৰাকীয়ে ভৱিষ্যতে আৰু অধিক পদক্ষেপ গ্ৰহণ কৰি অসম আৰক্ষীক দেশৰ ভিতৰতে এক শ্ৰেষ্ঠ আৰক্ষী বাহিনীলৈ ৰূপান্তৰ কৰাৰ ক্ষেত্ৰত অসম আৰক্ষীৰ বিষয়া-কৰ্মচাৰীসকলক জনসাধাৰণৰ হৈ তথা জনসাধাৰণৰ বাবে অধিক সেৱাৰ মনোভাৱেৰে কাম কৰাৰ বাবেও আহ্বান জনায়।

আজিৰ অনুষ্ঠানত মুখ্য সচিব টি ৱাই দাস, গৃহ বিভাগৰ দায়িত্বত থকা অতিৰিক্ত মুখ্য সচিব আলোক কুমাৰ, আৰক্ষী সঞ্চালক প্ৰধান কুল শইকীয়া, বিশেষ আৰক্ষী সঞ্চালক প্ৰধান এ কে ঝা, বিশেষ আৰক্ষী সঞ্চালক প্ৰধান পল্লৱ ভট্টাচাৰ্য, অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান মুকেশ আগৰৱালা, গৃহ আৰু ৰাজনৈতিক বিভাগৰ প্ৰধান সচিব এল এছ চাংচনৰ উপৰি অসম আৰক্ষী আৰু গৃহ বিভাগৰ উচ্চপদস্থ বিষয়াসকল উপস্থিত আছিল।

Recent News

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

Modi-speech-696

প্ৰধানমন্ত্ৰী মোদীৰ শিৱসাগৰ ভ্ৰমণ আৰু কিছু প্ৰাসংগিক কথা…

জোঁৰ সমদলত বাধা দিয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়াক জবাবদিহি কৰিলে সমুজ্জ্বল ভট্টাচাৰ্য্যই

জোঁৰ সমদলত বাধা দিয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়াক জবাবদিহি কৰিলে সমুজ্জ্বল ভট্টাচাৰ্য্যই

বোকাখাতত কৃষি আৰু উদ্যান শস্য মেলা, ভাৰ্চুৱেল আলোচনাত অংশগ্ৰহণ বিদেশী বিশেষজ্ঞৰ

বোকাখাতত কৃষি আৰু উদ্যান শস্য মেলা, ভাৰ্চুৱেল আলোচনাত অংশগ্ৰহণ বিদেশী বিশেষজ্ঞৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd