• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বকুল ফুলৰ দৰে, জোনাকৰ পখী উৰে : আজি হীৰুদাৰ ওপজা দিন

ৰাজেন শৰ্মা by ৰাজেন শৰ্মা
July 28, 2018 3:13 pm
হীৰুদা
29
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমীয়া কাব্য সাহিত্যত প্ৰেম আৰু ৰ’দালিৰ ৰহন সানি কাব্যপ্ৰেমীক আন্দোলিত কৰি তোলা সুগন্ধি পখিলাৰ কবি হীৰেন ভট্টাচাৰ্য, আমাৰ অসমীয়াৰ হিয়াৰ আমঠু হীৰুদাৰ আজি ওপজা দিন। অসমীয়া কবিতাৰ সকলো শ্ৰেণীৰ পাঠকৰ বাবে ৰসাস্বাদন কৰিব পৰা এলানি কবিতাৰে হীৰুদাই অসমীয়া সাহিত্যত সৃষ্টি কৰি থৈছে এটা আলফুলীয়া কাব্য কান্তিৰ অননুকৰণীয় ধাৰা।

আজি হীৰুদাৰ ৮৬ সংখ্যক ওপজা দিন। ১৯৩২ চনৰ ২৮ জুলাইত যোৰহাটত জন্মগ্ৰহণ কৰা হীৰেন ভট্টাচাৰ্যৰ কবিতাৰ গুণগ্ৰাহী অলেখ। সম্ভৱত: অসমীয়া কাব্যজগতত ইও এক বিৰল উদাহৰণ। কাব্যপ্ৰেমীৰ অন্তৰত হীৰুদাই প্ৰোথিত কৰি থৈ যোৱা শব্দৰ নিৰ্ভাৰ ঐন্দ্ৰজালিকতাই সুখৰ দিনতে নহয়, দুখৰ দিনতো বুঁকুজুৰি বৈ থাকে।

Apply Now

অসমীয়া কাব্যজগতত হীৰুদাৰ দৰে জনপ্ৰিয়তা আন কোনো কবিৰে নাই। ইয়াৰ কাৰণ তেওঁৰ কবিতাৰ অনুভৱে অন্তৰ স্পৰ্শ কৰাৰ লগে লগে চিন্তা-চেতনাকো আলোড়িত কৰি তোলে। হীৰুদাৰ প্ৰতিটো কবিতাই একোটা সাৰ্থক কবিতা।

সুগন্ধি পখিলা কবি তথা প্ৰেম আৰু ৰ’দালিৰ কবি হীৰুদাৰ কবিতাত আছে মাটিৰ গোন্ধ। ‘ভালপোৱাৰ বোকামাটি’ৰে হীৰুদাই কাব্যপ্ৰেমীৰ অন্তৰত ‘সুগন্ধি পখিলা’ৰ সৃষ্টি কৰি গৈছে।

অসমীয়া ভাষাত হীৰুদাৰ ১৩ খন কবিতা পুথি প্ৰকাশ পোৱাৰ উপৰি বাংলাতো প্ৰকাশ পাইছে  ২ খন কবিতা পুথি। অসমীয়া সাহিত্য জগতলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে হীৰুদাক ১৯৯২ চনত সাহিত্য অকাডেমি বঁটা আৰু ২০০০ চনত অসম উপত্যকা বঁটাৰে সন্মানিত কৰা হয়।

আনহাতে, সাহিত্য কৃতিৰ স্বীকৃতি স্বৰূপে  বিষ্ণু ৰাভা বঁটা, ৰাজাজী পুৰস্কাৰ বঁটা, ছোভিয়েট দেশ নেহৰু বঁটা আদিৰেও তেওঁ সন্মানিত হৈছে। ২০১২ চনৰ ৪ জুলাইত সুগন্ধি পখিলাৰ কবিগৰাকীয়ে শেষ নিশ্বাস ত্যাগ কৰিছিল।

আজি হীৰুদাৰ ৮৬সংখ্যক জন্ম দিনটোত বিভিন্ন প্ৰান্তৰ গুণমুগ্ধ আৰু কাব্য অনুৰাগীসকলে প্ৰিয় কবিগৰাকীক শ্ৰদ্ধাৰে সোঁৱৰিছে। যোৰহাটৰ জ্যোতি চিনে ক্লাৱ আৰু হীৰুদা স্মৃতি সংৰক্ষণ কমিটিয়ে হীৰুদাৰ ওপজা দিনৰ লগত সংগতি ৰাখি তেওঁৰ জন্মগৃহত বিশেষ কাৰ্যসূচীৰ আয়োজন কৰিছে।

অসমীয়া কাব্যপ্ৰেমীক সদায় অনুভৱৰ পৃথিৱীখনলৈ আকৰ্ষণ কৰি অহা হীৰুদাৰ স্মৃতি কবিৰ ভাষাৰে ‘বকুল ফুলৰ দৰে, জোনাকৰ পখী উৰে….এন্ধাৰে এন্ধাৰে।

ৰাজেন শৰ্মা

ৰাজেন শৰ্মা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰথমবাৰৰ বাবে চৰকাৰে প্ৰকাশ কৰিলে অপাৰেচন সিন্দুৰত শ্বহীদ হোৱা ৬গৰাকী জোৱানৰ নাম

প্ৰথমবাৰৰ বাবে চৰকাৰে প্ৰকাশ কৰিলে অপাৰেচন সিন্দুৰত শ্বহীদ হোৱা ৬গৰাকী জোৱানৰ নাম

June 26, 2026 3:20 pm
হলিউডৰ সোণালী যুগৰ অন্যতম জনপ্ৰিয় তাৰকা অভিনেত্ৰী এন ব্লাইথৰ দেহাৱসান

হলিউডৰ সোণালী যুগৰ অন্যতম জনপ্ৰিয় তাৰকা অভিনেত্ৰী এন ব্লাইথৰ দেহাৱসান

June 26, 2026 3:00 pm
অযোধ্যা ৰাম মন্দিৰৰ দানৰ ধন চুৰি কাণ্ড: নৈতিক দায়িত্ব স্বীকাৰ কৰি পদত্যাগ ন্যাসৰ প্ৰধান চম্পত ৰায় আৰু অনিল মিশ্ৰৰ

অযোধ্যা ৰাম মন্দিৰৰ দানৰ ধন চুৰি কাণ্ড: নৈতিক দায়িত্ব স্বীকাৰ কৰি পদত্যাগ ন্যাসৰ প্ৰধান চম্পত ৰায় আৰু অনিল মিশ্ৰৰ

June 26, 2026 2:44 pm
ব্যৱসায়ী কেতন  আগৰৱালাৰ হত্যা! প্ৰেমিকক লগত লৈ ছিয়াই ৰচিছিল ষড়যন্ত্ৰ; শিহৰণকাৰী ঘটনাৰ ৰহস্য ফাদিল

ব্যৱসায়ী কেতন আগৰৱালাৰ হত্যা! প্ৰেমিকক লগত লৈ ছিয়াই ৰচিছিল ষড়যন্ত্ৰ; শিহৰণকাৰী ঘটনাৰ ৰহস্য ফাদিল

June 26, 2026 1:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰথমবাৰৰ বাবে চৰকাৰে প্ৰকাশ কৰিলে অপাৰেচন সিন্দুৰত শ্বহীদ হোৱা ৬গৰাকী জোৱানৰ নাম

প্ৰথমবাৰৰ বাবে চৰকাৰে প্ৰকাশ কৰিলে অপাৰেচন সিন্দুৰত শ্বহীদ হোৱা ৬গৰাকী জোৱানৰ নাম

June 26, 2026 3:20 pm
হলিউডৰ সোণালী যুগৰ অন্যতম জনপ্ৰিয় তাৰকা অভিনেত্ৰী এন ব্লাইথৰ দেহাৱসান

হলিউডৰ সোণালী যুগৰ অন্যতম জনপ্ৰিয় তাৰকা অভিনেত্ৰী এন ব্লাইথৰ দেহাৱসান

June 26, 2026 3:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd