• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, January 20, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বঙাইগাঁও জিলাৰ কোকিলাত বৃহৎ পৰিসৰত কৃষকে আৰম্ভ কৰিছে ইৰিখেতি

NE NOW NEWS ইয়াছীন আলী
কোকিলা/মানিকপুৰ , March 10, 2018 12:30 pm

2 min read

kokila
71
VIEWS
Share on FacebookShare on Twitter

নিবনুৱা সমস্যাই কোঙা কৰা সময়তে কৃষি কৰ্মক্ষেত্ৰৰ জৰিয়তে অসমৰ বহু শিক্ষিত যুৱক স্বাবলম্বী হোৱাৰ খবৰে নিশ্চয়কৈ অসমৰ কৃষিক্ষেত্ৰখনৰ লগতে অৰ্থনীতিৰ বাবে এক ইতিবাচক দিশ। সেই লক্ষ্যৰে নামনি অসমৰ কোকিলা অঞ্চলৰ কিছু উদ্যমী শিক্ষিত যুৱক বৰ্তমান ব্যস্ত SRI পদ্ধতিৰে ইৰিখেতি কৰাত।

স্মৰ্তব্য যে SRI পদ্ধতিত ইৰিখেতি কৰি কোকিলাৰ কৃষক মন্তাজ আলীয়ে ৰাষ্ট্ৰীয় বঁটা লাভ কৰিবলৈ সক্ষম হোৱাৰ পিছৰে পৰা এতিয়া সেই অঞ্চলৰ যুৱকসকল কৃষিক্ষেত্ৰত নিজকে নিয়োজিত কৰা দেখিবলৈ পোৱা গৈছে।

আওপূৰণীয়া শালি খেতিৰ পদ্ধতি ত্যাগ কৰি এতিয়া সেই অঞ্চলৰ কৃষকসকল ব্যস্ত ইৰিখেতি কৰাত। খেতি মাটি ডৰা একেবাৰে সমান কৰি যথেষ্ট কম পানী তথা জৈৱিক সাৰ ব্যৱহাৰ কৰি এই খেতি বিধ কৰি সফলতা লাভ কৰা বুলি জানিবলৈ দিয়ে একাংশ খেতিয়কে।

 

kokila Farmer

উল্লেখযোগ্য যে উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰত পোন প্ৰথমবাৰৰ বাবে অসমৰ বঙাইগাঁও জিলাৰ কোকিলাত কৃষক মন্তাজ আলীয়ে এই খেতিৰ সূচনা কৰিছিল।

SRI পদ্ধতিত ইৰিখেতি কৰি প্ৰতি বিঘাত ৩০-৪০ মোন ধান উৎপাদন কৰিবলৈ সক্ষম হোৱাৰ বাবেই এতিয়া দিনক দিনে কৃষকসকল এই খেতিৰ বাবে আকৰ্ষিত হোৱা বুলি জানিবলৈ দিয়ে মন্তাজ আলীয়ে।

ইফালে কিছুদিন আগতে হৈ যোৱা ধুমুহা-বৰষুনৰ বাবে খেতিপথাৰৰ লগতে কঠিয়াৰ যথেষ্ট ক্ষতি সাধন হোৱা বুলি জনায় অঞ্চলটোৰ খেতিয়কসকলে।

ইয়াৰ উপৰি চৰকাৰীভাৱে কোনো সা-সুৱিধা নোপোৱাকৈয়ে কোকিলাৰ কৃষকসকলে কঠোৰ পৰিশ্ৰমেৰে কৰা খেতি-বাতি অন্য প্ৰান্তৰ খেতিয়কসকলৰ বাবে এক আদৰ্শ।

Recent News

নিয়ন্ত্ৰণ ৰেখাত নিহত তিনিজন পাকিস্তানী উগ্ৰপন্থী, ভাৰতীয় সেনাৰ চাৰিজন জোৱান আহত

নিয়ন্ত্ৰণ ৰেখাত নিহত তিনিজন পাকিস্তানী উগ্ৰপন্থী, ভাৰতীয় সেনাৰ চাৰিজন জোৱান আহত

কেইবাখনো গাড়ীক খুন্দিয়াই বাগৰিল কয়লাভৰ্তি ট্ৰাক, সংকটজনক অৱস্থাত দুজন লোক

কেইবাখনো গাড়ীক খুন্দিয়াই বাগৰিল কয়লাভৰ্তি ট্ৰাক, সংকটজনক অৱস্থাত দুজন লোক

আজি নিৰ্ণয় হ’ব সুৰেশ ৰাইনা, স্মিথ, মেক্সৱেলকে ধৰি কেইবাজনো ক্ৰিকেটাৰৰ ভাগ্য

আজি নিৰ্ণয় হ’ব সুৰেশ ৰাইনা, স্মিথ, মেক্সৱেলকে ধৰি কেইবাজনো ক্ৰিকেটাৰৰ ভাগ্য

সমাধানৰ আশাত আজি চৰকাৰে দশমবাৰৰ বাবে কৃষকৰ সৈতে মিলিত হ’ব আলোচনাত

সমাধানৰ আশাত আজি চৰকাৰে দশমবাৰৰ বাবে কৃষকৰ সৈতে মিলিত হ’ব আলোচনাত

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd