DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 7, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ব’হাগত ২০ হাজাৰ গামোচা বৈ উলিয়াব ডিমৌৰ তেলীয়াপথাৰৰ শিপিনীয়ে

হিতোজ্বল চেতিয়া by হিতোজ্বল চেতিয়া
April 9, 2018 9:52 am
CYMERA_20180409_090012
252
VIEWS
Share on FacebookShare on Twitter

ডিমৌৰ সমীপৰ ধেমেচি তেলীয়াপথাৰ গাওঁৰ জীয়ৰী-বোৱাৰীসকলে আগন্তুক ব’হাগ মাহটোত মুঠ ২০ হাজাৰ খন গামোচা মাটিশালত বৈ উলিওৱাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে।

উল্লেখ‍্য যে ইয়াৰ আগতেও আমি তেলীয়াপথাৰৰ এই ব‍্যতিক্ৰমী পদক্ষেপৰ বিষয়ে বাতৰি প্ৰকাশ কৰিছো। কিন্তু তেতিয়া তেওঁ লোকৰ লক্ষ‍্য আছিল ব’হাগ বিহুৰ পূৰ্বে ১০ হাজাৰ গামোচা বৈ উলিওৱা।

বৰ্তমান আমি জানিব পাৰিছো যে এই ব’হাগ মাহটোতে আৰু ১০ হাজাৰ গামোচা বৈ উলিয়াবৰ বাবে নতুনকৈ আৰু ২৫ খন মাটিশাল স্থাপনৰ ব‍্যৱস্থা কৰা হৈছে।

তেলিয়াপথাৰ পুণ্য অৰণ্য নামঘৰৰ ভক্তপ্ৰাণ ৰাইজৰ উদ্যোগত শিপিনীসকলৰ বাবে নিৰ্মাণ কৰি দিয়া হৈছে বিশাল মাটিশাল গৃহ। উক্ত গৃহৰ মাটিশালত থলুৱা পকোৱা সূতা ক্ৰয় কৰি যঁতৰ ঘূৰাই মহুৰা ভৰাই মাটিশালত গামোচা তৈয়াৰ কৰি থকা হৈছে।

CYMERA_20180409_090132

সম্পূৰ্ণ আধ্যাত্মিক নিয়মেৰে পুৱাৰ ভাগত নামঘৰত সকলো শিপিনীয়ে সেৱা গ্ৰহণ কৰি মাটিশালৰ গৃহত সমূহীয়া প্ৰাৰ্থনা কৰি ৰাতিপুৱা ১০ বজাৰ পৰা সন্ধিয়া ৭ বজালৈকে  নিজ কৰ্মত নিয়োজিত হয়। শিপিনী সকলে প্ৰত‍্যেকদিনাই গাইপতি ২ খনকৈ গামোচা বৈ উলিয়ায়।

ইতিমধ্যে এই গামোচা অসমৰ বিভিন্ন ঠাইলৈ পঠোৱাৰ ব‍্যৱস্থা কৰা হৈছে। তথ‍্য অনুসৰি দিনে দিনে মাটিশালৰ গামোচাৰ গ্ৰাহক বাঢ়ি আহিছে আৰু গুৱাহাটী পৰ্যন্ত এই গামোচা বিক্ৰী কৰা হৈছে। গামোচা সমূহৰ নূন‍্যতম মূল‍্য ২০০ টকাৰ পৰা আৰম্ভ কৰি ছশ-সাতশ টকালৈকে ধাৰ্য কৰা হৈছে।

অসম চৰকাৰে ৰাজ‍্যত আমদানিকৃত গামোচাৰ বিক্ৰী বন্ধ কৰাৰ যি ঘোষণা কৰিছিল তাৰ প্ৰতি সঁহাৰি জনাই তেলীয়াপথাৰৰ শিপিনীসকলে এই পদক্ষেপ গ্ৰহণ কৰে। পুণ‍্য অৰণ‍্য  নামঘৰৰ উদ্যোগত সমবায় ভিত্তিত আৰম্ভ কৰা এই গামোচা তৈয়াৰ কৰা মাটিশাল গৃহটো ডিমৌৰ দাঁতিকাষৰীয়া গাওঁ সমূহৰ শিপিনীসকলৰ বাবে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰাৰ লগতে তেলীয়াপথাৰত এতিয়া মাঁকোৰ খটখটনিৰ শব্দই ব’হাগ বিহুৰ আনন্দ দুগুণ বৃদ্ধি কৰি তুলিছে।

 

Recent News

Elon Musk ৯ টা সন্তানৰ পিতৃ ইলন মাস্ক! আদালতৰ নথিত ওলাইছে গোপন তথ্য

Elon Musk ৯ টা সন্তানৰ পিতৃ ইলন মাস্ক! আদালতৰ নথিত ওলাইছে গোপন তথ্য

Nomination to Rajya Sabha পিটি উষা,ইল্লাইয়াৰাজা…ৰাজ্যসভালৈ মনোনীত চাৰিগৰাকী প্ৰখ্যাত ভাৰতীয়

Nomination to Rajya Sabha পিটি উষা,ইল্লাইয়াৰাজা…ৰাজ্যসভালৈ মনোনীত চাৰিগৰাকী প্ৰখ্যাত ভাৰতীয়

Punjab CM Bhagwant Mann আজি পুনৰ দ্বিতীয়বাৰৰ বাবে বিবাহপাশত আবদ্ধ হ’ব পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মান, কইনা ডাঃ গুৰপ্ৰীত কৌৰ

Punjab CM Bhagwant Mann আজি পুনৰ দ্বিতীয়বাৰৰ বাবে বিবাহপাশত আবদ্ধ হ’ব পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মান, কইনা ডাঃ গুৰপ্ৰীত কৌৰ

Real Hero শ্ৰেণীত নাই ছাত্ৰ-ছাত্ৰী, সততাৰ পৰিচয় দি দুবছৰৰ ২৩ লক্ষাধিক টকাৰ দৰমহাৰ ধন ঘূৰাই দিলে অধ্যাপক লালন কুমাৰে

Real Hero শ্ৰেণীত নাই ছাত্ৰ-ছাত্ৰী, সততাৰ পৰিচয় দি দুবছৰৰ ২৩ লক্ষাধিক টকাৰ দৰমহাৰ ধন ঘূৰাই দিলে অধ্যাপক লালন কুমাৰে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd