• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 21, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বহু বাদ-বিবাদ একাষৰীয়া কৰি আক্ৰাছুৰ দুটা গোটৰ একত্ৰীকৰণ

NE NOW NEWS ৰিনয় বসুমতাৰী
কোকৰাঝাৰ , January 7, 2018 6:58 pm

2 min read

Akrasu
104
VIEWS
Share on FacebookShare on Twitter

কোচ জনগোষ্ঠীৰ বাবে সুখবৰ কঢ়িয়াই বহু বাদ-বিবাদ একাষৰীয়া কৰি অৱশেষত আক্ৰাছুৰ দুয়োটা গোটক একত্ৰীকৰণৰ সিদ্ধান্তত উপনীত হ’ল দুয়োটা গোটৰ নেতা-বিষয়ববীয়া। আক্ৰাছুৰ প্ৰদীপ গোট আৰু হিতেশ গোটে ৰাইজৰ সিদ্ধান্তক সন্মান জনাই দুয়োটা গোটক চামিল কৰি সংগঠনটোক শক্তিশালী ৰূপত থিয় কৰোৱাৰ বাবে সন্মত হয়। এই উদ্দেশ্যে আজি কোকৰাঝাৰ জিলাৰ ফকিৰাগ্ৰামৰ মইনাৰতলত যামিনী কুমাৰ বৰুৱা ফেলপথাৰত অনুষ্ঠিত কৰিছে দ্বিবাৰ্ষিক যৌথ অধিবেশন। আক্ৰাছুৰ চহিদ দিৱসৰ সৈতে সংগতি ৰাখি অনুষ্ঠিত হোৱা এই একত্ৰীকৰণ অধিবেশনত আক্ৰাছুৰ দুয়োটা গোটৰ কেন্দ্ৰীয় নেতাসকল উপস্থিত থাকে। অধিৱেশনৰ কাৰ্যসূচী অনুসৰি পতাকা উত্তোলন, চহিদ বেদী তৰ্পণৰ পিছতে আক্ৰাছু(হি)ৰ সভাপতি হিতেশ্বৰ বৰ্মনে ৰাইজে বিচৰা ধৰণে একত্ৰিতকৰণ হোৱাৰ পিছত পুনৰ যাতে বিভাজিত নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিবলৈ আহ্বান জনাইছ। আজিৰ সভাত নিজৰ বক্তব্যত একত্ৰীকৰণৰ পিছতে পুনৰাই পৃথক কমতাপুৰ ৰাজ্য দাবীৰে কমতাপুৰ উদ্ধাৰৰ বাবে ব্যাপক আন্দোলন গঢ়ি তোলা হ’ব বুলি ঘোষণা কৰিছে হিতেশ্বৰ বৰ্মনে। আনহাতে আক্ৰাছু (প্ৰ) গোটৰ সভাপতি প্ৰদীপ ৰায়ে চৰকাৰী ষড়যন্ত্ৰৰ বাবেই আক্ৰাছু বিভাজিত হৈছিল বুলি তাৎপৰ্য্যপূৰ্ণ মন্তব্য কৰে। হিতেশ্বৰ বৰ্মনৰ সুৰতে সুৰ মিলাই প্ৰদীপ ৰায়েও একত্ৰীকৰণৰ পিছতেই কমতাপুৰ, জনজাতিকৰণ আৰু কোচ ৰাজবংশী ভাষাক ভাৰতীয় সংবিধানৰ অষ্টম অনুসূচীত অন্তৰ্ভুক্ত কৰাৰ দাবীত ব্যাপক আন্দোলন গঢ়ি তোলা হ’ব বুলি মন্তব্য কৰিছে। আজি দুয়োটা গোটৰ মিলনৰ এই অধিৱেশনত ৰাইজৰ যথেষ্ট সঁহাৰি দেখা যায়।

উল্লেখযোগ্য যে আজি সন্ধিয়া অনুষ্ঠিত হ’ব লগীয়া প্ৰতিনিধি সভাৰ জৰিয়তে আক্ৰাছুৰ নতুন সমিতি গঠন কৰা হ’ব বুলি সংগঠনটোৰ সূত্ৰই জনাইছে। আনহাতে নেতৃত্ব বাছনিক লৈ প্ৰতিনিধি সভা উত্তপ্ত হ’ব বুলিও একাংশই সন্দেহ ব্যাক্ত কৰিছে।

Recent News

WhatsApp Image 2021-01-21 at 2.23.50 PM

আশ্চৰ্যকৰ! অস্ত্ৰোপচাৰ কৰি নিজৰ উচ্চতা ২ ইঞ্চি বৃদ্ধি কৰি ল’লে যুৱকে; কিমান পৰিল খৰচ?

তামুলপুৰত বিজেপিৰ দলীয় প্ৰাৰ্থিত্বৰ দৌৰত প্ৰাক্তন মন্ত্ৰী পদম বাহাদুৰ চৌহানৰ পুত্ৰ ৰাজেন চৌহান

তামুলপুৰত বিজেপিৰ দলীয় প্ৰাৰ্থিত্বৰ দৌৰত প্ৰাক্তন মন্ত্ৰী পদম বাহাদুৰ চৌহানৰ পুত্ৰ ৰাজেন চৌহান

জুভেণ্টাছৰ ষ্টাৰ ক্ৰিষ্টিয়ানো ৰ’নাল্ডোৱে গঢ়িলে আন এক অভিলেখ

জুভেণ্টাছৰ ষ্টাৰ ক্ৰিষ্টিয়ানো ৰ’নাল্ডোৱে গঢ়িলে আন এক অভিলেখ

Modi-2

দ্বিতীয় পৰ্যায়ত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ল’ব ক’ৰ’না ভেকচিন!

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd