• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বাজেটক অসাৰ প্ৰতিশ্ৰুতিৰ ভঁৰাল আখ্যা তৰুণ গগৈৰ; মুংগেৰিলালৰ সপোন আখ্যা প্ৰাক্তন মন্ত্ৰী ৰকিবুলৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
March 12, 2018 7:10 pm
TarunGogoi
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজি বিধানসভাৰ মজিয়াত বিত্ত মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ২০১৮-১৯ বৰ্ষৰ বাজেট দাখিল কৰাৰ পিছতেই বিৰোধী দলৰ নেতাসকলে বাজেটখনক কঠোৰ সমালোচনা কৰা দেখা গৈছে। চৰকাৰত থকা দলবিলাকৰ প্ৰতিনিধিসকলে ইয়াক জনমুখী বাজেট আখ্যা দিয়াৰ বিপৰীতে বাজেটখনৰ সমালোচনাত সৰৱ হৈ পৰা দেখা গ’ল ঘাইকৈ কংগ্ৰেছৰ বিধায়কসকলক।

প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈৰ মতে বাজেটখন হ’ল অসাৰ প্ৰতিশ্ৰুতিৰ ভঁৰাল। ‘হিমন্ত আশ্বাস দিয়াত আগৰে পৰাই ভাল। হিমন্তৰ পূৰ্বৰ বাজেটো এনেধৰণৰ প্ৰতিশ্ৰুতিৰে ভৰি আছিল। কিন্তু যোৱা দুখন বাজেটত আমি প্ৰতিশ্ৰুতিৰ বাহিৰে প্ৰেক্টিকেল ফিল্ডত অন্য একো কাম হোৱা দেখা নাপালো।’

Apply Now

তেওঁ বাজেটখনক ‘বাহিৰে ৰংচঙীয়া আৰু ভিতৰে কোৱাভাতুৰী’ বুলি মন্তব্য কৰি কয়, “আঁচনি লোৱাটো গুৰুত্বপূৰ্ণ নহয়। কিন্তু সেই আঁচনিসমূহৰ সঠিক ৰূপায়ণ কৰাটোহে গুৰুত্বপূৰ্ণ কথা। আজিও যিদৰে ৬০০০ কোটি টকা পূৰ্বতকৈ বাঢ়িছে তথা কৰ বাঢ়িছে বুলি কৈছে, কিন্তু জনসাধাৰণৰ দুখ বাঢ়িছে নে কমিছে সেয়া জলজলীয়াকৈ দেখা পোৱা গৈছে। বাজেটৰ ভাষণটো শুনি থাকোতে এনে লাগিছিল যেন অসমত বৰ্তমান এটাও সমস্যা নাই, চকচকীয়া হৈ পৰিছে।’’

আনহাতে মিত্ৰদল অগপৰ বিধায়ক উৎপল দত্তৰ মন্তব্য সন্দৰ্ভত গগৈয়ে কয়, “উৎপল দত্ত মিত্ৰজোঁটৰ বিধায়ক হৈ নিজেই কৈছে যে তেওঁলোকৰ বিভাগসমূহত পুঁজি নাই, যাৰ বাবে তেওঁৰ সমষ্টিত উন্নয়ন স্থবিৰ হৈ আছে।”

প্ৰাক্তন মুখ্য মন্ত্ৰীজনৰ লগতে প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনে বাজেটখনক মুঙৰীলালৰ সপোন আখ্যা দিয়ে।

তেওঁৰ মতে “২০১৮-১৯ বৰ্ষৰ বাজেটখন বাস্তৱ পৰিণত কৰিব নোৱৰা সপোনমুখী বাজেট।’’

তদুপৰি বাজেটত উল্লেখ থকা একত্ৰীকৰণ, সম্প্ৰসাৰণ তথা উত্তৰণৰ সংজ্ঞা আগবঢ়াই এনেদৰে “আচলতে এই বাজেটখন একত্ৰীকৰণৰ পৰিৱৰ্তে বহুধাবিভক্তকৰণ, সম্প্ৰসাৰণৰ পৰিৱৰ্তে সংকোচন আৰু উত্তৰণৰ সলনি ঘাটি বাজেট।”

তেওঁৰ মতে “বিজেপি চৰকাৰৰ বাজেটৰ কোনো লক্ষ্য স্থিৰ নোহোৱাৰ বিপৰীতে আৱৰণৰে ভৰপূৰ বাজেট। মই এইবাবেই লক্ষ্য স্থিৰ নথকা বুলি কৈছো যে ৩ কোটি ২০ লাখ জনতাৰ ৩৫ শতাংশ বৃদ্ধ লোক আছে। মাহেকীয়া হিচাপত ২৫০ টকাকৈ প্ৰদান কৰিলে ১৬ লাখ বৃদ্ধক ৪৮০ কোটি টকাৰ প্ৰয়োজন হ’ব। কিন্তু তেওঁলোকে এই শিতানত ৪৮০ কোটিতকৈ কম ধন আবণ্টন কৰিছে।

আনহাতে প্ৰাক্তন মন্ত্ৰীজনে কয়, “যোৱাবাৰ নিবনুৱা যুৱকসকলক ১ লাখ টকাৰ ঋণ প্ৰদান কৰিম বুলি কৈছিল যদিও প্ৰদান নকৰাকৈয়ে এইবাৰ আকৌ ২ লাখ টকা দিয়া হ’ব বুলি ঘোষণা কৰিলে। প্ৰথমতে আগৰ আঁচনিৰ অধীনৰ ঋণসমূহ পৰিশোধ নকৰাকৈ পুনৰ আঁচনি ঘোষণা কৰাটো অযুক্তিকৰ কথা।”

RupjyotiKurmi
সাংবাদিকৰ আগত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কংগ্ৰেছী বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে।

আনহাতে একেটা দলৰে বিধায়ক ৰূপজ্যোতি কৰ্মীয়ে সাংবাদিকৰ আগত ব্যংগৰ সুৰত কয়, “পূৰ্বৰ বাজেট ভাষণ আছিল ৪ ঘণ্টা ৩০ মিনিটৰ। এইবাৰৰ বাজেট ভাষণ ২ ঘণ্টা ৩০ মিনিট। ইয়াৰ পৰা এটা কথাই বুজা যায় যে দিনক দিনে অসমৰ অৱস্থা নিম্মমুখী হৈ আহিছে।”

তাৎপৰ্য্যপূৰ্ণভাৱে বিৰোধী বিধায়কজনে ৮ বছৰৰ আগতেই বিধায়কসকলক মোবাইল টেবলেট দিছিল আৰু সেইবিলাক বৰ্তমানতকৈ দামী আছিল বুলি মন্তব্য কৰে।

আনহাতে তেওঁ কয়, “চাহ জনগোষ্ঠীৰ ভোট লৈ চৰকাৰ গঠন কৰা চৰকাৰখনে চাহ কৰ্মীসকলৰ দৰমহা বৃদ্ধি কৰাৰ বাবে কোনো ব্যৱস্থা হাতত নল’লে।”

লগতে তেওঁ গ্ৰাম্য অঞ্চলৰ ক্ৰীড়া আৰু সাংস্কৃতিক ক্ষেত্ৰত চৰকাৰে বৰ্তমানলৈকে কোনো গুৰুত্ব প্ৰদান কৰা নাই বুলি মন্তব্য কৰে।

তেওঁ কয়, “কেবল গুৱাহাটীতে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ খেল অনুষ্ঠিত কৰিলে ক্ৰীড়া ক্ষেত্ৰৰ উন্নয়ন হোৱা নুবুজায়। এইবোৰ কেবল একো একোটা চমক।”

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পাহাৰীয়া ‘হোম ষ্টে’ত চাঞ্চল্যকৰ ঘটনা! উদ্ধাৰ যুৱতীৰ মৃতদেহ, অচেতন অৱস্থাত উদ্ধাৰ ‘প্ৰেমিক’

পাহাৰীয়া ‘হোম ষ্টে’ত চাঞ্চল্যকৰ ঘটনা! উদ্ধাৰ যুৱতীৰ মৃতদেহ, অচেতন অৱস্থাত উদ্ধাৰ ‘প্ৰেমিক’

June 30, 2026 1:23 pm
ৰোমাঞ্চকৰ মেচত নেডাৰলেণ্ডছৰ বিদায়! পেনাল্টি শ্বুটআউটত ৩-২ ব্যৱধানত জয়লাভ কৰি পৰৱৰ্তী ৰাউণ্ডত মৰক্কো

ৰোমাঞ্চকৰ মেচত নেডাৰলেণ্ডছৰ বিদায়! পেনাল্টি শ্বুটআউটত ৩-২ ব্যৱধানত জয়লাভ কৰি পৰৱৰ্তী ৰাউণ্ডত মৰক্কো

June 30, 2026 1:10 pm
‘হাত কাটি দিয়া হ’ব’, সিন্ধুৰ পানী বন্ধ কৰিলে ভাৰতৰ বিৰুদ্ধে যুদ্ধৰ ভাবুকি পাকিস্তানৰ

‘হাত কাটি দিয়া হ’ব’, সিন্ধুৰ পানী বন্ধ কৰিলে ভাৰতৰ বিৰুদ্ধে যুদ্ধৰ ভাবুকি পাকিস্তানৰ

June 30, 2026 12:13 pm
গুৱাহাটীত ভূমিস্খলনৰ ভয়াৱহ শংকা! কামৰূপ মহানগৰ জিলাৰ ৩৬৬ টা স্থানত বিশেষ সতৰ্কতা জাৰি কৰিলে দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই

গুৱাহাটীত ভূমিস্খলনৰ ভয়াৱহ শংকা! কামৰূপ মহানগৰ জিলাৰ ৩৬৬ টা স্থানত বিশেষ সতৰ্কতা জাৰি কৰিলে দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই

June 30, 2026 12:05 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পাহাৰীয়া ‘হোম ষ্টে’ত চাঞ্চল্যকৰ ঘটনা! উদ্ধাৰ যুৱতীৰ মৃতদেহ, অচেতন অৱস্থাত উদ্ধাৰ ‘প্ৰেমিক’

পাহাৰীয়া ‘হোম ষ্টে’ত চাঞ্চল্যকৰ ঘটনা! উদ্ধাৰ যুৱতীৰ মৃতদেহ, অচেতন অৱস্থাত উদ্ধাৰ ‘প্ৰেমিক’

June 30, 2026 1:23 pm
ৰোমাঞ্চকৰ মেচত নেডাৰলেণ্ডছৰ বিদায়! পেনাল্টি শ্বুটআউটত ৩-২ ব্যৱধানত জয়লাভ কৰি পৰৱৰ্তী ৰাউণ্ডত মৰক্কো

ৰোমাঞ্চকৰ মেচত নেডাৰলেণ্ডছৰ বিদায়! পেনাল্টি শ্বুটআউটত ৩-২ ব্যৱধানত জয়লাভ কৰি পৰৱৰ্তী ৰাউণ্ডত মৰক্কো

June 30, 2026 1:10 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd