আজি বিধানসভাৰ মজিয়াত বিত্ত মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ২০১৮-১৯ বৰ্ষৰ বাজেট দাখিল কৰাৰ পিছতেই বিৰোধী দলৰ নেতাসকলে বাজেটখনক কঠোৰ সমালোচনা কৰা দেখা গৈছে। চৰকাৰত থকা দলবিলাকৰ প্ৰতিনিধিসকলে ইয়াক জনমুখী বাজেট আখ্যা দিয়াৰ বিপৰীতে বাজেটখনৰ সমালোচনাত সৰৱ হৈ পৰা দেখা গ’ল ঘাইকৈ কংগ্ৰেছৰ বিধায়কসকলক।
প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈৰ মতে বাজেটখন হ’ল অসাৰ প্ৰতিশ্ৰুতিৰ ভঁৰাল। ‘হিমন্ত আশ্বাস দিয়াত আগৰে পৰাই ভাল। হিমন্তৰ পূৰ্বৰ বাজেটো এনেধৰণৰ প্ৰতিশ্ৰুতিৰে ভৰি আছিল। কিন্তু যোৱা দুখন বাজেটত আমি প্ৰতিশ্ৰুতিৰ বাহিৰে প্ৰেক্টিকেল ফিল্ডত অন্য একো কাম হোৱা দেখা নাপালো।’
তেওঁ বাজেটখনক ‘বাহিৰে ৰংচঙীয়া আৰু ভিতৰে কোৱাভাতুৰী’ বুলি মন্তব্য কৰি কয়, “আঁচনি লোৱাটো গুৰুত্বপূৰ্ণ নহয়। কিন্তু সেই আঁচনিসমূহৰ সঠিক ৰূপায়ণ কৰাটোহে গুৰুত্বপূৰ্ণ কথা। আজিও যিদৰে ৬০০০ কোটি টকা পূৰ্বতকৈ বাঢ়িছে তথা কৰ বাঢ়িছে বুলি কৈছে, কিন্তু জনসাধাৰণৰ দুখ বাঢ়িছে নে কমিছে সেয়া জলজলীয়াকৈ দেখা পোৱা গৈছে। বাজেটৰ ভাষণটো শুনি থাকোতে এনে লাগিছিল যেন অসমত বৰ্তমান এটাও সমস্যা নাই, চকচকীয়া হৈ পৰিছে।’’
আনহাতে মিত্ৰদল অগপৰ বিধায়ক উৎপল দত্তৰ মন্তব্য সন্দৰ্ভত গগৈয়ে কয়, “উৎপল দত্ত মিত্ৰজোঁটৰ বিধায়ক হৈ নিজেই কৈছে যে তেওঁলোকৰ বিভাগসমূহত পুঁজি নাই, যাৰ বাবে তেওঁৰ সমষ্টিত উন্নয়ন স্থবিৰ হৈ আছে।”
প্ৰাক্তন মুখ্য মন্ত্ৰীজনৰ লগতে প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনে বাজেটখনক মুঙৰীলালৰ সপোন আখ্যা দিয়ে।
তেওঁৰ মতে “২০১৮-১৯ বৰ্ষৰ বাজেটখন বাস্তৱ পৰিণত কৰিব নোৱৰা সপোনমুখী বাজেট।’’
তদুপৰি বাজেটত উল্লেখ থকা একত্ৰীকৰণ, সম্প্ৰসাৰণ তথা উত্তৰণৰ সংজ্ঞা আগবঢ়াই এনেদৰে “আচলতে এই বাজেটখন একত্ৰীকৰণৰ পৰিৱৰ্তে বহুধাবিভক্তকৰণ, সম্প্ৰসাৰণৰ পৰিৱৰ্তে সংকোচন আৰু উত্তৰণৰ সলনি ঘাটি বাজেট।”
তেওঁৰ মতে “বিজেপি চৰকাৰৰ বাজেটৰ কোনো লক্ষ্য স্থিৰ নোহোৱাৰ বিপৰীতে আৱৰণৰে ভৰপূৰ বাজেট। মই এইবাবেই লক্ষ্য স্থিৰ নথকা বুলি কৈছো যে ৩ কোটি ২০ লাখ জনতাৰ ৩৫ শতাংশ বৃদ্ধ লোক আছে। মাহেকীয়া হিচাপত ২৫০ টকাকৈ প্ৰদান কৰিলে ১৬ লাখ বৃদ্ধক ৪৮০ কোটি টকাৰ প্ৰয়োজন হ’ব। কিন্তু তেওঁলোকে এই শিতানত ৪৮০ কোটিতকৈ কম ধন আবণ্টন কৰিছে।
আনহাতে প্ৰাক্তন মন্ত্ৰীজনে কয়, “যোৱাবাৰ নিবনুৱা যুৱকসকলক ১ লাখ টকাৰ ঋণ প্ৰদান কৰিম বুলি কৈছিল যদিও প্ৰদান নকৰাকৈয়ে এইবাৰ আকৌ ২ লাখ টকা দিয়া হ’ব বুলি ঘোষণা কৰিলে। প্ৰথমতে আগৰ আঁচনিৰ অধীনৰ ঋণসমূহ পৰিশোধ নকৰাকৈ পুনৰ আঁচনি ঘোষণা কৰাটো অযুক্তিকৰ কথা।”
আনহাতে একেটা দলৰে বিধায়ক ৰূপজ্যোতি কৰ্মীয়ে সাংবাদিকৰ আগত ব্যংগৰ সুৰত কয়, “পূৰ্বৰ বাজেট ভাষণ আছিল ৪ ঘণ্টা ৩০ মিনিটৰ। এইবাৰৰ বাজেট ভাষণ ২ ঘণ্টা ৩০ মিনিট। ইয়াৰ পৰা এটা কথাই বুজা যায় যে দিনক দিনে অসমৰ অৱস্থা নিম্মমুখী হৈ আহিছে।”
তাৎপৰ্য্যপূৰ্ণভাৱে বিৰোধী বিধায়কজনে ৮ বছৰৰ আগতেই বিধায়কসকলক মোবাইল টেবলেট দিছিল আৰু সেইবিলাক বৰ্তমানতকৈ দামী আছিল বুলি মন্তব্য কৰে।
আনহাতে তেওঁ কয়, “চাহ জনগোষ্ঠীৰ ভোট লৈ চৰকাৰ গঠন কৰা চৰকাৰখনে চাহ কৰ্মীসকলৰ দৰমহা বৃদ্ধি কৰাৰ বাবে কোনো ব্যৱস্থা হাতত নল’লে।”
লগতে তেওঁ গ্ৰাম্য অঞ্চলৰ ক্ৰীড়া আৰু সাংস্কৃতিক ক্ষেত্ৰত চৰকাৰে বৰ্তমানলৈকে কোনো গুৰুত্ব প্ৰদান কৰা নাই বুলি মন্তব্য কৰে।
তেওঁ কয়, “কেবল গুৱাহাটীতে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ খেল অনুষ্ঠিত কৰিলে ক্ৰীড়া ক্ষেত্ৰৰ উন্নয়ন হোৱা নুবুজায়। এইবোৰ কেবল একো একোটা চমক।”